• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Ghulam Nabi Azad quits Congress: কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদবীৰ পৰা জ্যেষ্ঠ নেতা গোলাম নবী আজাদৰ পদত্যাগ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 26, 2022 12:36 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Ghulam Nabi Azad quits Congress ৰাহুল গান্ধীৰ বিৰুদ্ধে ‘ক্ষোভ’ উজাৰি কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদে। তেওঁ কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে। শুকুৰবাৰে আজাদে ছোনিয়া গান্ধীলৈ লিখা পদত্যাগ পত্ৰত নিজৰ ক্ষোভ উজাৰি দিছে।

দল ত্যাগ কৰাৰ পিছত তেওঁ মন্তব্য কৰি কয়, “কংগ্ৰেছে দেশৰ বাবে যি ভাল সেয়া কৰাত ব্যৰ্থ হৈছে।”

পাঁচ পৃষ্ঠাৰ পদত্যাগ পত্ৰত গোলাম নবীয়ে আজাদে লিখিছে, “সমগ্ৰ সাংগঠনিক নিৰ্বাচন প্ৰক্ৰিয়াটো এক প্ৰহসন। দেশৰ কোনো ঠাইতে সংগঠনটোৰ কোনো পৰ্যায়ত কোনো নিৰ্বাচন হোৱা নাই।‘’

Apply Now

লগতে পঢ়ক: Agnipath: ‘অগ্নিপথ’ বিতৰ্কৰ প্ৰভাৱ গোৰ্খা ৰেজিমেণ্টত; নিযুক্তি স্থগিত ৰাখিব বিচাৰিছে নেপালে

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ নাম নোলোৱাকৈ তেওঁক লক্ষ্য কৰি প্ৰবীণ নেতাজনে কয় যে এই সকলোবোৰ ঘটিছে কাৰণ যোৱা আঠ বছৰত নেতৃত্ব দিয়া ব্যক্তিজন “অপৰিপক্ক”।

পদত্যাগ পত্ৰত আজাদে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে তেওঁৰ “ঘনিষ্ঠ সম্পৰ্ক”ৰ কথাও উল্লেখ কৰে।

গোলাম নবী আজাদে কেইদিনমান আগতে জম্মু আৰু কাশ্মীৰ প্ৰচাৰ সমিতি আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ পেনেলৰ পৰা পদত্যাগ কৰিছিল। ২০২০ চনৰ আগষ্টত দলৰ নিৰ্বাচন আৰু স্থায়ী সভাপতি নিযুক্তিৰ দাবীত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীলৈ চিঠি লিখা ২৩ জন নেতাৰ ভিতৰত আজাদো আছিল।

লগতে পঢ়ক: Delhi CM vs Assam CM: অসমৰ মুখ্যমন্ত্ৰীৰ বিদ্যালয়ৰ হিচাপ শুনি টুইটাৰত এইবাৰ নতুন প্ৰত্যাহ্বান দিল্লীৰ মুখ্যমন্ত্ৰীৰ

কিছুদিন পূৰ্বে কংগ্ৰেছৰ ‘ক্ষুব্ধ’ গোটৰ নেতা হিচাপে পৰিচিত আনন্দ শৰ্মাই হিমাচল প্ৰদেশৰ ‘পৰ্যবেক্ষক সমিতি’ৰ মুৰব্বীৰ পদৰ পৰা পদত্যাগ কৰে। হিমাচল প্ৰদেশত নিৰ্বাচন আহি আছে। ইয়াৰ পূৰ্বে আনন্দ শৰ্মাৰ পদত্যাগে কংগ্ৰেছ শিবিৰত অস্থিৰতাৰ সৃষ্টি কৰিছে। সেই ঘটনাৰ পিছতে এইবাৰ গোলাম নবী আজাদৰ কংগ্ৰেছ ত্যাগে কংগ্ৰেছৰ ভিতৰত ক্ৰমে অসন্তুষ্টি বৃদ্ধি পোৱাৰে ইংগিত দিয়ে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd