NORTHEAST NOW (Assamese)

চামগুৰিত ৰে’লৰ চেঁপাত থিতাতে নিহত যুৱতী

March 29, 2022 2:43 pm · ৰিদীপ শৰ্মা, কলিয়াবৰ
ফটো: নৰ্থইষ্ট নাও।

এক শোকাবহ ঘটনাই নগাঁও জিলাৰ চামগুৰি অঞ্চলত শোকৰ ছাঁ পেলাইছে। পুৱাই চলন্ত ৰে’লৰ চেঁপাত থিতাতে নিহত হয় এগৰাকী যুৱতী।

গুৱাহাটীৰ পৰা শিলঘাট অভিমুখী এখন যাত্ৰীবাহী ৰে’লৰ চেঁপাত এই শোকাবহ ঘটনাটো ঘটে।

লগতে পঢ়ক: বিনামূলীয়া নহয়, মাত্ৰ ২৫ টকাত ‘গৰু’: চলচ্চিত্ৰপ্ৰেমী দৰ্শকলৈ এই সুবিধা হিমাংশু প্ৰসাদ দাসৰ

নিহত যুৱতী গৰাকীৰ নাম মেঘনা বৰা বুলি জানিব পৰা গৈছে। ৰে’ল আলিৰে প্ৰাতঃভ্ৰমণ কৰিছিল মেঘনাই।

ৰে’ল আলিত যুৱতী গৰাকীৰ মৃতদেহৰ কাষত ম’বাইল আৰু হেডফোন উদ্ধাৰ হৈছে।

কাণত হেডফোন লগাই থোৱাৰ বাবে মেঘনাই ৰে’ল অহাৰ উমান পোৱা নাছিল বুলি ৰাইজে অনুমান কৰিছে।

লগতে পঢ়ক:বিজেপি নেতা, বিধায়ক কোনেও নুশুনে মুখ্যমন্ত্ৰীৰ কথা! মাত্ৰ ৩ জন নেতাইহে ত্যাগ কৰিলে ব্যক্তিগত নিৰাপত্তাৰক্ষী

ৰে’ল আৰক্ষীয়ে বৰ্তমান মৃতদেহটো উদ্ধাৰ কৰি যাৱতীয় ব্যৱস্থাৰ দিহা কৰিছে। 

Related News