উত্তৰ প্ৰদেশৰ জৌনপুৰত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা ঘটিছে। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে দিব্যাংগ কোটা ব্যৱহাৰ কৰি এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তিৰ আশাত এজন যুৱকে নিজৰ ভৰি কাটি পেলাইছে।
প্ৰথম অৱস্থাত যুৱকজন আৰু তেওঁৰ পৰিয়ালে আৰক্ষীক জনাইছিল যে তেওঁক অচিনাক্ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল। কিন্তু পিছত তদন্তত দেখা গ’ল যে তেওঁক বাহিৰৰ পৰা কোনেও আক্ৰমণ কৰা নাছিল— যুৱকজনে নিজেই ভৰিখন কাটি পেলাইছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱকজনে বাওঁ ভৰিৰ চাৰিটা ভৰিৰ আঙুলি কাটি পেলোৱাৰ ফলত মাত্ৰ বুঢ়া আঙুলিটোহে অক্ষত অৱস্থাত থাকে। এই বিষয়ে তেওঁ প্ৰেমিকাক অৱগত কৰিছিল। বৰ্তমান তেওঁ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
লাইন বজাৰ থানা এলেকাৰ ভিতৰত সংঘটিত হৈছে এই ঘটনা। যুৱকজনৰ নাম সুৰজ ভাস্কৰ (২৪ বছৰ)। তেওঁ খলিলপুৰৰ বাসিন্দা। পৰিয়ালটোত তেওঁৰ মাক, এজন ডাঙৰ ভাতৃ আৰু এগৰাকী ভগ্নী আছে। ডাঙৰ ভায়েক কৰ্মৰত। সুৰজে ডি-ফাৰ্মা পাছ কৰি যোৱা তিনি বছৰে এম বি বি এছৰ বাবে প্ৰস্তুতি চলাই আছিল।
১৮ জানুৱাৰীৰ নিশা নিৰ্মাণাধীন ঘৰত অকলে শুই আছিল সুৰজ। পিছদিনা ৰাতিপুৱা বাওঁ ভৰিখন কাটি পেলোৱা অৱস্থাত উদ্ধাৰ হয়। পৰিয়ালৰ পৰা তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। প্ৰথমে তেওঁক জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয়, পিছত পাৰ্থ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
আৰক্ষীৰ আগত সুৰজে দাবী কৰা মতে, ৰাতি ঘৰলৈ উভতি অহাৰ পিছত নিশা প্ৰায় ১২ বজাত দুজন অচিনাকি লোক আহি তেওঁক আক্ৰমণ কৰে। প্ৰহাৰৰ বাবে তেওঁ অচেতন হৈ পৰে। ৰাতিপুৱা প্ৰায় ৫ বজাত যেতিয়া তেওঁৰ চেতনা ঘূৰি আহিল, তেতিয়া তেওঁ দেখিলে যে তেওঁৰ ভৰিৰ আঙুলি কাটি পেলোৱা হৈছে। তাৰ পাছত তেওঁ জিলা চিকিৎসালয়লৈ গ’ল।
তেওঁ আৰু দাবী কৰে যে প্ৰায় ১৫ দিন পূৰ্বে তেওঁক ভাবুকি দিয়া হৈছিল। পালছাৰ বাইকত উঠি দুজন মানুহ আহিছিল। তেওঁৰ ঘৰৰ সন্মুখত যাদৱ সম্প্ৰদায়ৰ বসতি আছে। তেওঁ লাইট জ্বলোৱাৰ সময়ত একাংশ লোকে আপত্তি কৰিছিল। সেইবাবেই তেওঁক প্ৰথমে ভাবুকি দিয়া হৈছিল, তাৰ পিছত মাৰপিট কৰা হৈছিল আৰু শেষত ভৰি কাটি দিয়া হৈছিল। এই বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে প্ৰথমে হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।
তদন্তৰ সময়ত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা চিৰিঞ্জ, এনাস্থেচিয়া ভৰ্তি চিচি আৰু এটা কৰত মেচিন উদ্ধাৰ কৰে। কল ডিটেইল ৰেকৰ্ড (চিডিআৰ) পৰীক্ষা কৰি তথা ঘটনাস্থলীৰ ফৰেনছিক পৰীক্ষা আৰু সন্দেহযুক্ত লোকক জেৰা কৰাৰ পিছত আৰক্ষীয়ে নিশ্চিত কৰে যে এই ঘটনাত কোনো বাহিৰৰ লোক জড়িত নহয়। জৌনপুৰ চহৰৰ আৰক্ষী অধীক্ষক গোল্ডি গুপ্তাই কয় যে, “ঘটনাস্থলীৰ পুংখানুপুংখ তদন্ত কৰা হৈছে। চিডিআৰ বিশ্লেষণ আৰু জেৰাত দেখা গৈছে যে বাহিৰৰ পৰা কোনেও আক্ৰমণ কৰা নাছিল।”
আৰক্ষীয়ে সুৰজৰ পৰা এখন ডায়েৰীও উদ্ধাৰ কৰে। তাত লিখা আছিল যে যিকোনো মূল্যৰ বিনিময়ত ২০২৬ চনৰ ভিতৰত তেওঁ MBBS ত নামভৰ্তি কৰিব লাগিব। তদন্তত প্ৰকাশ পাইছে যে তেওঁ প্ৰেমিকাৰ সৈতে এই পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিছিল। অক্টোবৰ মাহত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়লৈও কিছু নথি-পত্ৰ সংগ্ৰহ কৰিবলৈ গৈছিল।
আৰক্ষীয়ে জনোৱা মতে, এম বি বি এছত বাৰে বাৰে বিফল হোৱাৰ বাবে সুৰজ মানসিক চাপ আৰু হতাশাত ভুগিছিল। ডি-ফাৰ্মা পাছ হোৱাৰ বাবে তেওঁৰ চিকিৎসা বিজ্ঞানৰ মৌলিক জ্ঞান আছিল। সেই জ্ঞান ব্যৱহাৰ কৰি তেওঁ নিজেই এই ঘটনা সংঘটিত কৰিছিল যাতে তেওঁ দিব্যাংগ কোটাৰ অধীনত সুযোগ পাব পাৰে।
আৰক্ষীয়ে জনোৱা মতে, সুৰজ চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ অৱস্থা সুস্থিৰ। কিন্তু এই ঘটনাই যুৱক যুৱতীসকলৰ ওপৰত অধ্যয়নৰ মানসিক চাপ বৃদ্ধিৰ এক ভয়ানক দিশ উন্মোচন কৰিছে। ভুল পথলৈ যোৱাৰ আগতে সময়মতে সচেতন হোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। আৰক্ষীৰ মতে, এই ঘটনা সমাজৰ বাবে এক গভীৰ সতৰ্কবাণী – বহু সময়ত সফলতাৰ চাপত যুৱক-যুৱতীসকলে নিজকে ধ্বংসৰ দিশে ঠেলি দিছে।





