NORTHEAST NOW (Assamese)

পাৰ্কিং বিবাদক লৈ মাৰপিট : চুবুৰীয়াৰ মাৰপিটত প্ৰাণ হেৰুৱালে যুৱ বিজ্ঞানীয়ে

March 13, 2025 4:10 pm · এন ই নাও নিউজ, গুৱাহাটী

বাহন পাৰ্কিঙৰ বাবে হোৱা সামান্য বিবাদেই কাল হ’ল এগৰাকী যুৱ বিজ্ঞানীৰ। গাড়ী পাৰ্কিঙক লৈ হোৱা বিবাদৰ পৰিণতিত প্ৰাণ হেৰুৱালে এগৰাকী প্ৰতিভাৱান যুৱ বিজ্ঞানীয়ে।

পঞ্জাৱৰ মোহলীত সংঘটিত হৈছে এই ঘটনা। চিচিটিভিৰ ফুটেজতো বন্দী হৈছে এই আক্ৰমণৰ দৃশ্য।

মৃত বিজ্ঞানীজনৰ নাম ড° অভিষেক স্বৰ্ণকৰ। ৩৯ বছৰীয়া বিজ্ঞানীগৰাকীয়ে মোহলীৰ ছেক্টৰ ৬৭ৰ এটা ভাড়াঘৰত বাস কৰিছিল। তেওঁৰ মূল ঘৰ ঝাৰখণ্ডৰ ধনবাদত। তেওঁ বহুদিন চুইজাৰলেণ্ডত বাস কৰিছিল। কেইমাহমানৰ আগতে তেওঁ ঘৰলৈ উভতি আহি মোহলীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স এণ্ড এডুকেশ্যন ৰিচাৰ্চ (আই আই এছ ই আৰ)ত যোগদান কৰে।

কিন্তু তেওঁ ভাড়াঘৰত গাড়ী ৰখোৱাক লৈ প্ৰতিৱেশীৰ সৈতে সংঘাতৰ সৃষ্টি হয়।

মঙলবাৰে নিশা অভিষেকে গাড়ী পাৰ্কিং কৰাক লৈ চুবুৰীয়া মণ্টী নামৰ এজন যুৱক বিবাদৰ সৃষ্টি হয়।  স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে গাড়ীখনৰ পাৰ্কিংক লৈ দুয়োৰে মাজত কাজিয়া হৈছিল। তৰ্কৰ মাজতে মণ্টিয়ে অভিষেকক গতা মাৰি দিয়ে। তাৰ পাছত দুয়োৰে মাজত মাৰপিট আৰম্ভ হ’ল।

মন্টি আৰু কেইজনমান যুৱকে অভিষেকক মাৰপিট কৰে। তাৰপিছত তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। তাৰপিছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতেই চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

পৰিয়ালৰ সূত্ৰ অনুসৰি শেহতীয়াকৈ তেওঁৰ কিডনীৰ অস্ত্ৰোপচাৰ কৰা হৈছে। অভিষেকে ডায়েলাইছিছ কৰি আছিল। অসুস্থ অৱস্থাতে আঘাত পোৱাৰ বাবে তেওঁৰ মৃত্যু হয়।

ইতিমধ্যে ঘটনাৰ চিচিটিভি ফুটেজো লাভ কৰিছে আৰক্ষীয়ে। চিচিটিভি ফুটেজৰ জৰিয়তে চুবুৰীয়া যুৱকজনৰ লগতে আন কেইবাজনো লোকক চিনাক্ত কৰা হৈছে। হত্যাৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে।

Related News