এটি কুকুৰক পানীত দলিয়াই দি আনন্দ লভা যুৱক এজন অৱশেষত বঙাইগাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হয় ৷
বঙাইগাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা যুৱকজন বঙাইগাঁও চহৰৰ সমীপৰ দোলাইগাঁৱৰ নকুল বৰ্মন বুলি আৰক্ষী সূত্ৰত প্ৰকাশ৷
উল্লেখ্য যে যুৱকজনে অন কেমেৰাত এটা কুকুৰক পানীত দলিয়াই দিয়াৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷
পৰৱৰ্তী সময়ত স্বেচ্ছাসেৱী সংগঠন ‘একচন ফৰ এনিমেল’ৰ ফালৰ পৰা বিষয়টো বঙাইগাঁও আৰক্ষীক অৱগত কৰাত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নকুল বৰ্মনক গ্ৰেপ্তাৰ কৰে ।
যুৱকজনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাই।