নিৰ্বাচনত যুৱ প্ৰজন্মৰ ভূমিকা সম্পৰ্কত ২৩ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’ব যুৱ সমাৱেশ

অংশ ল'ব দলিত যুৱনেতা জিগনেচ মেৱানী, জে এন য়ুৰ ছাত্ৰ একতা সভাৰ সভাপতি এন চাই বালাজী, প্ৰাক্তন সাধাৰণ সম্পাদিকা শতৰূপা চক্ৰবৰ্তীয়ে

নাগৰিক সমাজৰ সংবাদমেলৰ দৃশ্য। ১৯ মাৰ্চত।

বৃহৎ যুৱশক্তিৰ দেশ হিচাপে পৰিগণিত ভাৰতৰ লোকসভাৰ নিৰ্বাচনত যুৱ প্ৰজন্মৰ শক্তিশালী অংশগ্ৰহণৰ অতি গুৰুত্বপূৰ্ণ। সেয়ে আগন্তুক নিৰ্বাচনত দেশৰ যুৱ প্ৰজন্মৰ ভূমিকা সম্পৰ্কত গুৱাহাটীত অনুষ্ঠিত হ’ব এক যুৱ সমাৱেশ।

অসম নাগৰিক সমাজৰ উদ্যোগত অহা ২৩ মাৰ্চত গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব ‘দেশৰ সাম্প্ৰতিক অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ’ শীৰ্ষক এই যুৱ সমাৱেশ। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই সমাৱেশ সম্পৰ্কে জানিবলৈ দিয়ে অসম নাগৰিক সমাজৰ সভাপতি হৰেকৃষ্ণ ডেকাই।

২৩ মাৰ্চত অনুষ্ঠিত হ’ব লগীয়া এই সমাৱেশত দেশৰ কেইবাগৰাকীও যুৱ নেতাই অংশ ল’ব বুলি অসম নাগৰিক সমাজে সংবাদমেলত প্ৰকাশ কৰে। সেইসকলৰ ভিতৰত আছে গুজৰাটৰ দলিত যুৱনেতা জিগনেচ মেৱানী, নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি এন চাই বালাজী আৰু প্ৰাক্তন সাধাৰণ সম্পাদিকা শতৰূপা চক্ৰবৰ্তী।

ইয়াৰ উপৰি অসমৰ জাতীয় সংগঠনৰ নেতৃত্বত থকা ক্ৰমে আছুৰ উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, এবছুৰ সভাপতি প্ৰমোদ বড়ো, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ উপৰি লেখিকা পাৰবীন চুলতানায়ো অংশগ্ৰহণ কৰিব বুলি সংগঠনটোৱে প্ৰকাশ কৰে।

দেশৰ সাম্প্ৰতিক পৰিস্থিতিত যুৱ প্ৰজন্মৰ কৰ্তব্য, সাধাৰণ মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে যুৱ প্ৰজন্মৰ পদক্ষেপ, অসমৰ যুৱ নেতাসকলে বৰ্তমানৰ পৰিৱেশক লৈ কি ভাব, আদি বিষয়বোৰ আলোচনা হ’ব এই যুৱ সমাৱেশত।

সংবাদমেলখনত হৰেকৃষ্ণ ডেকাই বিজেপিক সাম্প্ৰদায়িক আৰু দলটোৱে সাধাৰণ মানুহক ভুৱা প্ৰতিশ্ৰুতি দি অহা বুলি অভিহিত কৰি কয়, ‘‘আমি স্থিতাৱস্থাৰ বিপৰীতে পৰিৱৰ্তন বিচাৰিছো, গণতন্ত্ৰক ৰক্ষাৰ বাবে একনায়কত্ববাদ আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আমি ভোট দিব লাগিব’’।

একেদৰে এই নিৰ্বাচন পূৰ্বতে দেশত হৈ যোৱা কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ দৰেই এটা হ’ব বুলি উল্লেখ কৰি বিশিষ্ট সাংবাদিক তথা অসম নাগৰিক সমাজৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত ৰাজগুৰুৱে কয়, ‘‘নতুনকৈ ভোট দিবলগীয়া যুৱ ভোটাৰসকলৰ বাবে দেশৰ বৰ্তমানৰ পৰিস্থিতৰ কথা অনুধাৱন কৰি সেই বিষয়টোৰ ওপৰত গুৰুত্ব দি ভোটদান কৰাৰ প্ৰয়োজনীয়তা আছে’’।

একেদৰে, সংবাদমেলখনত উপস্থিত থাকি নাগৰিক সমাজৰ বিষয়বৱীয়া ড০ অৰূপ বৰুৱা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰেও দেশৰ ৰাজনীতিত যুৱ ভোটাৰৰ ভূমিকা সম্পৰ্কে মন্তব্য প্ৰকাশ কৰে। লগতে আগন্তুক যুৱ সমাৱেশলৈ যুৱ-প্ৰজন্মৰ সঁহাৰি কামনা কৰে।