সাৱধান,অচিনাকি সুন্দৰী যুৱতীৰ ভিডিঅ’ কল গ্ৰহণ নকৰিব

চতিয়াত প্ৰৱঞ্চনাৰ বলি হৈ যুৱকৰ আত্মহত্যা

সাৱধান , অচিনাকি সুন্দৰী যুৱতীৰ ভিডিঅ’ কল গ্ৰহণ নকৰিব ।

অন্যথা ব্লেক মেইলিঙৰ চিকাৰ হ’ব পাৰে আপুনি । প্ৰথমে বন্ধুত্বৰ প্ৰস্তাৱ , তাৰ পিছত প্ৰেমালাপ আৰু শেষত যৌনতাৰ বাৰ্তালাপৰে আপোনাক জালত পেলাই ভিডিঅ’ ৰেকৰ্ডিং কৰিব সেই মূহুৰ্তৰ দৃশ্য ।

 তাৰ পিছতেই আৰম্ভ হ’ব ব্লেক মেইলিঙেৰে ধন দাবী ।

ধন নিদিলে আপোনাৰ ভিডিঅ’ ভাইৰেল কৰি জনমানসত আপোনাৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰাৰ ধাৰাবাহিক মেচেজ আহিব আপোনালৈ । এইদৰে বহু লোক চিকাৰ হৈছে বহি: ৰাজ্যৰ অচিনাকি সুন্দৰী যুৱতীৰ ।

শেহতীয়াকৈা চতিয়াৰ হাজাৰিমলৰ এজন যুৱক চিকাৰ হ’ল এনে এক চক্ৰৰ ।

ব্লেক মেইলিং সহ্য কৰিব নোৱাৰি নিজ গৃহতে চিপলৈ আত্মহত্যা কৰিলে নয়নজিৎ বৰুৱা (২১) নামৰ কলেজীয়া ছাত্ৰ জনে ।

ইতিমধ্যে চতিয়া আৰক্ষী থানাত পৰিয়ালে এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ৷

অসৎ চক্ৰৰ ষড়যন্ত্ৰৰ বলি হৈ এজন প্ৰতিভাৱান যুৱকে আত্মহননৰ দৰে পথ বাছি ল’ব লগীয়া হোৱাৰ ঘটনাই চতিয়াত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।