NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ মিৰিকা মাজুলীত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰী

March 22, 2019 3:13 pm · মানস প্ৰতিম গগৈ
বনৰীয়া হাতীৰ আক্ৰমণত বিধ্বস্ত ঘৰৰ দৃশ্য

ডিগবৈ বন সংমণ্ডলৰ অধীনৰ মাৰ্ঘেৰিটাৰ মিৰিকা মাজুলীত বৃহস্পতিবাৰে পুৱতি নিশা এটা  বনৰীয়া হাতীয়ে বনাঞ্চলৰ পৰা ওলাই আহি তাণ্ডৱ চলায় ৷

খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীটোৱে দুটা ঘৰ সম্পূৰ্ণৰূপে লণ্ড-ভণ্ড কৰাৰ লগতে হাতীটোৰ আক্ৰমণত লক্ষ্মীমণি প্ৰজা নামৰ ১২ বছৰীয়া এগৰাকী কিশোৰী গুৰুতৰভাৱে আহত হয় ৷

উল্লেখযোগ্য যে, কাষৰীয়া বনাঞ্চলৰ পৰা প্ৰায়ে এনে দৰে হাতী ওলাই আহি তাণ্ডৱ চলাই অহিছে যদিও মাৰ্ঘেৰিটা খণ্ড বন কাৰ্যালয় বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় জনসাধাৰণৰ মাজত৷

আনহাতে, আঘাতপ্ৰাপ্ত ছোৱালী গৰাকীক চিকিৎসালয়লৈ নিয়াৰ বাবে স্থানীয় ৰাইজে ১০৮ এম্বুলেঞ্চ সেৱাত বাৰম্বাৰ যোগাযোগ কৰে যদিও ব্যৰ্থ হয়৷

প্ৰায়ে বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই ঘৰ, সম্পতি ধ্বংস কৰাৰ পাছতো স্থানীয় ভূক্তভোগী ৰাইজে এইক্ষেত্ৰত চৰকাৰৰ পৰা কোনো ধৰণৰ ক্ষতিপূৰণ লাভ নকৰাত ক্ষূব্ধ হৈ পৰিছে।

আনহাতে, মাৰ্ঘেৰেটাৰ নামটক নতুন লাইনতো বৃহস্পতি বাৰে নিশা এটা বনৰীয়া হাতীয়ে প্ৰবেশ কৰি টেপছা চয় নামৰ লোকজনৰ বাসগৃহ ভাভি চুৰমাৰ কৰে। হাতীটোৱে গোটেই নিশা অঞ্চলটোত বিচৰণ কৰি থকা বাবে অঞ্চলটোৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে।

Related News