মাৰ্ঘেৰিটা কেটেতং গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰাজখোৱা পথাৰ অঞ্চলৰ বাট-পথৰ কোনোধৰণৰ উন্নয়ন নকৰাত স্থানীয় ৰাইজে ক্ষুব্ধ হৈ আগন্তুক লোকসভা নিৰ্বাচন বৰ্জনৰ ভাবুকি দিছে ৷
বৃহস্পতিবাৰে ৰাজখোৱা পথাৰ পথত শতাধিক স্থানীয় পুৰুষ-মহিলা ওলাই আহি বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদকাৰীসকলে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ, সাংসদ ৰামেশ্বৰ তেলী মুৰ্দাবাদ, নিষ্কৰ্মা ৰামেশ্বৰ তেলী হায় হায় আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷
উল্লেখযোগ্য যে বিগত সময়ত অঞ্চলটোৱে কোনোধৰণৰ উন্নয়নৰ মুখ নেদেখাত ইয়াত বসবাস কৰি অহা প্ৰায় পোন্ধৰশ ভোটাৰ ৰাইজে লোকসভা নিৰ্বাচনত ভোট বৰ্জন দৰে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
আনহাতে, দীৰ্ঘদিন ধৰি প্ৰতাৰিত হৈ অহা ৰাজখোৱা পথাৰ অঞ্চলত পূৰ্বৰ কংগ্ৰেছ চৰকাৰেও পোন্ধৰ বছৰীয়া শাসন কালত কোনো ধৰণৰ উন্নয়ন মূলক কাম নকৰিলে। পৰিৱৰ্তনৰ শ্ল’গান দি ক্ষমতালৈ অহা বিজেপি চৰকাৰেও বিগত পাঁচটা বছৰত তেওঁলোকে দিয়া এটা প্ৰতিশ্ৰুতিও পালন নকৰিলে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।
নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ স্থানীয় সাংসদ আৰু বিধায়কজনে অঞ্চলটোৰ বাট-পথ নিৰ্মাণ কৰাৰ আশ্বাস দিছিল যদিও নিৰ্বাচনত জয়ী হোৱাৰ পাছতে দুয়ো গৰাকীয়ে জনসাধাৰণৰ অভাৱ অভিযোগৰ প্ৰতি পিঠি দিয়া বুলি মন্তব্য কৰে প্ৰতিবাদত অংশ লোৱা এগৰাকী স্থানীয় নাগৰিকে।