DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত অনলাইন ক্ৰিকেট বেটিং জুৱা ,চাৰিজনক গ্ৰেপ্তাৰঃ উদ্ধাৰ নগদ ধন, মোবাইল 

প্রণৱ কুমাৰ ডেকা by প্রণৱ কুমাৰ ডেকা
August 1, 2021 8:58 pm
bonnn
340
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চলত বিশেষকৈ গাঁও অঞ্চলত অবাধ হাৰত  চলিছে অন লাইন ক্ৰিকেট বেটিং জুৱা ৷ যাৰ বাবে বহু  লোক সৰ্বস্বান্ত হ’বলগীয়া হৈছে ৷ এই অনলাইন ক্ৰিকেট বেটিং জুৱাত পুৰুষৰ লগতে মহিলায়ো ভাগ লোৱাত হৈছে সৰ্বস্বান্ত ৷

এই তথ্য প্ৰকাশ কৰিছে বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক লুণা সোনোৱালে ৷ উপ আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে মোৱাইলত ফেন কোড আৰু ক্ৰিকেট লাইভ নামৰ দুটা এপৰ জৰিয়তে এই অনলাইন ক্ৰিকেট বেটিং জুৱা অনুষ্ঠিত হয় ৷

চেইন চিষ্টেমত চলোৱা হয় এই  অনলাইন বেটিং জুৱা ৷ একৰ পৰা শূন্য নম্বৰৰ ভিতৰত শেষ নম্বৰ ভিত্তিত চলে এই জুৱা ৷

জুৱাত ভাগ লোৱাসকলে এই এপ দুটাৰ জৰিয়তে ক্ৰিকেট খেল চায় আৰু বেটচমেনৰ স্কোৰ তথা মুঠ স্কোৰ আদিৰ শেষ নম্বৰৰ ওপৰত বেটিং কৰে অৰ্থাৎ বাজী লগায় ৷

এইক্ষেত্ৰত ৱাটচএপৰ জৰিয়তে অনলাইন বেটিং জুৱাত ভাগ লোৱাসকলে জুৱা অনুষ্ঠিত কৰাসকলৰ সৈতে গোটেই প্ৰক্ৰিয়াটো চলাই যায় ৷ ১০ টকা ধৰিলে নম্বৰ মিলিলে ৯০ টকা লাভ কৰে ৷

ধন লাভ কৰাসকলে পিছত নিজে জুৱা অনুষ্ঠিত কৰাসকলৰ পৰা ধন সংগ্ৰহ কৰে ৷ এই অনলাইন ক্ৰিকেট বেটিং জুৱাৰ বিৰুদ্ধে বঙাইগাঁও জিলাৰ এটি আৰক্ষীৰ দলে শনিবাৰে নিশা এক অভিযান চলাই  চাৰি জন অনলাইন ক্ৰিকেট বেটিং জুৱাৰীক গ্ৰেপ্তাৰ কৰে ৷

এক নিৰ্দিষ্ট খবৰৰ ভিত্তিত বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক লুণা সোনোৱালৰ নেতৃত্বত বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতা, মাণিকপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া , বঙাইগাঁও থানাৰ নগৰ উপ পকিদৰ্শকসহ আৰক্ষীৰ এটি দলে জিলাখনৰ মাণিকপুৰ থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা এই চাৰিজন জুৱাৰীক আটক কৰে ৷

আৰক্ষীয়ে এই অনলাইন ক্ৰিকেট বেটিং জুৱাৰ সৈতে জড়িত থকাৰ অভিযোগত মাণিকপুৰৰ ২ নং নোৱাপাৰাৰ কৃষ্ণ মণ্ডল (৪২) , মৌখোৱাৰ আকিব হুছেইন(২৭) , ডোমপাৰাৰ দেবানন পাঠক (২১) আৰু গজেন ৰায়( ২৪) ক আটক কৰে ৷

আৰক্ষীয়ে এই চাৰিজনৰ পৰা নগদ ৫১ হেজাৰ টকা , তিনিটা মোবাইল ফোন আৰু দুখন তথ্য সন্নিবিষ্ট থকা বহী উদ্ধাৰ কৰে৷

উপ আৰক্ষী অধীক্ষকগৰাকীয়ে এই অনলাইন বেটিং জুৱাৰ পৰা সকলোকে আতৰি থাকিবলৈ আহ্বান জনাই এনে অনলাইন জুৱা বা সি কোনো জুৱা চলি থকাৰ বিষয়ে জানিলে ৰাইজক আৰক্ষীক অৱগত কৰাৰ বাবেও আহ্বান জনাইছে  ৷

ইপিনে আৰক্ষীয়ে পিছত চাৰিওজনকে গ্ৰেপ্তাৰ কৰে আৰু দেওবাৰে আদালতত হাজিৰ কৰোৱাত আদালতে চাৰিওজনকে জেল হাজতলৈ প্ৰেৰণ কৰে৷

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd