NORTHEAST NOW (Assamese)

মৰ্মান্তিক! প্ৰধানমন্ত্ৰীৰ পৰা সহায় বিচাৰি ফেচবুক প’ষ্ট দিয়াৰ পাছতে মৃত্যু হ’ল এইজন ক’ভিড ৰোগীৰ

May 10, 2021 12:02 pm · এন ই নাও নিউজ

ক’ভিড-১৯ত আক্ৰান্ত হৈ ফেচবুকত প্ৰধানমন্ত্ৰীৰ পৰা সাহাৰ্য বিচৰাৰ এদিন পাছতে মৃত্যুমুখত পৰে এজন জনপ্ৰিয় ইউটিউবাৰ তথা অভিনেতা।

ৰাহুল ভোহৰা (৩৫) নামৰ দিল্লীনিবাসী ইউটিবাৰজনে শনিবাৰে ফেচবুকত সমাগত মৃত্যুৰ ইংগিত কৰিছিল।

তেওঁ মৃত্যু নিশ্চিত বুলি অনুমান কৰি ফেচবুকত লিখিছিল যে যদি তেওঁৱো ভালদৰে চিকিৎসা লাভ কৰিলেহেঁতেন, তেনেহ’লে বাচি থাকিব পাৰিলেহেঁতেন।

ফেচবুক পোষ্টৰ শেষত তেওঁ লিখে- ”খুব সোনকালেই পুনৰ জন্ম ল’ম আৰু বহুত ভাল ভাল কাম কৰিম। এতিয়া সাহস হেৰুৱাই পেলাইছো।”

Mujhe bhi treatment acha mil jata,
To main bhi bach jata tumhaara Irahul Vohra

Name-Rahul Vohra
Age -35
Hospital name…

Posted by Irahul Vohra on Saturday, 8 May 2021

প’ষ্টটোৰ স’তে তেওঁ  নাম, বয়স, হস্পিতালৰ নামকে ধৰি নিজৰ সকলো তথ্য প্ৰকাশ কৰিছে।

তদুপৰি প’ষ্টটোত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দিল্লীৰ উপমুখ্যমন্ত্ৰী মনিষ ছিছ’দিয়াক মেনচন কৰে।

ইউটিউবাৰ ভৰ্তি হৈছিল দিল্লীৰ ৰাজীৱ গান্ধী চুপাৰ স্পেচিয়েলিটি হস্পিতালত।

দেওবাৰে সন্ধ্যা তেওঁ মৃত্যুক সাৱটি লয়।

তেওঁৰ ফেচবুক প’ষ্টটোৱে সকলোকে মৰ্মাহত কৰি তুলিছে।

Related News