আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ শপত বাক্য পাঠ কৰোৱায়।
ইয়াৰ পূৰ্বে নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পৰিয়ালৰ সৈতে গৈ কলাক্ষেত্ৰত উপস্থিত হয়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আজি আন কেইবাগৰাকী বিধায়কেও নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
শপত গ্ৰহণ অনুষ্ঠানত বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, নিৰ্বাচিত দলীয় বিধায়ক তথা বিৰোধী দলৰ বিধায়কো উপস্থিত থাকে।
মুখ্যমন্ত্ৰীৰ পাছতে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে।
ৰঞ্জিত কুমাৰ দাসৰ পাছতে শপত গ্ৰহণ কৰে অগপৰ ৰাজ্যিক সভাপতি তথা পূৰ্বৰ চৰকাৰখনৰ কৃষি মন্ত্ৰী অতুল বৰাই।
ইয়াৰ পাছতে শপত গ্ৰহণ কৰে ইউপিপিএলৰ উৰ্খাও গৌৰা ব্ৰহ্মই। ব্ৰহ্মই বড়ো ভাষাত শপত লয়।
ব্ৰহ্মৰ পাছতে পূৰ্বৰ চৰকাৰৰ আবকাৰী মন্ত্ৰী বৰাকৰ বিজেপি নেতা পৰিমল শুক্লবৈদ্যই শপত গ্ৰহণ কৰে। শুক্লবৈদ্যই বাংলাত শপত গ্ৰহণ কৰে।
শপত গ্ৰহণ কৰে পূৰ্বৰ চৰকাৰখনৰ উদ্যোগ তথা পৰিৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
পাটোৱাৰীৰ পাছতে শপত ল’লে অগপৰ কাৰ্যকৰী সভাপতি তথা পূৰ্বৰ চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই।
ইয়াৰ পাছতে মন্ত্ৰী হিচাপে শপত ল’লে টিএমপিকেৰ নেতা বিধায়ক ডাঃ ৰণোজ পেগুৱে।
ডাঃ ৰণোজ পেগুৰ পাছতে মন্ত্ৰী হিচাপে শপত ল’লে সঞ্জয় কিষানে।
এইবাৰ পুনৰ নতুন মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে যোগেন মহনে। পূৰ্বৰ চৰকাৰখনত মহন স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আছিল।
শপত গ্ৰহণ কৰিলে কংগ্ৰেছৰ পৰা নতুনকৈ বিজেপিলৈ আহি বিধানসভালৈ নিৰ্বাচিত হোৱা গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে।
ইয়াৰ পাছতে শপত ল’লে ঢেকিয়াজুলিৰ বিজেপি বিধায়ক অশোক সিংঘালে। সিংঘালে ইংৰাজীত শপত বাক্য পাঠ কৰে।
এইবাৰ মন্ত্ৰীসভাত পুনৰ মন্ত্ৰী হিচাপে শপত ল’লে পূৰ্বৰ চৰকাৰত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা পীযুষ হাজৰিকাই।
প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত টিংখাং সমষ্টিৰ বিজেপি বিধায়ক বিমল বৰাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিমল বৰা বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ হিচাপে পৰিচিত।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি আজি ১৩জন বিধায়কে নতুন মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।