NORTHEAST NOW (Assamese)
অসম

ৱাইএছ জগন মোহন ৰেড্ডী ৱাইএছআৰ কংগ্ৰেছৰ জীৱনজোৰা সভাপতি নিৰ্বাচিত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী July 9, 2022 6:42 pm

ৱাই এছ জগন মোহন ৰেড্ডীক শনিবাৰে যুৱজনা শ্ৰমিকা ৰাইথু কংগ্ৰেছৰ (ৱাইএছআৰচি) জীৱনজোৰা সভাপতি নিৰ্বাচিত হৈছে।

ৱাইএছআৰচিৰ দুদিনীয়া পূৰ্ণাংগ সভাৰ অন্তিম দিনা তেওঁৰ জীৱন জোৰা সভাপতি হিচাবে নিৰ্বাচিত কৰা হয়। দলৰ সংবিধান সংশোধন কৰি জগন মোহনক আজীৱন সভাপতি নিৰ্বাচন কৰা হয়।

জগনে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত ২০১১ চনৰ মাৰ্চ মাহত ৱাইএছআৰচি প্ৰতিষ্ঠা কৰিছিল। তেতিয়াৰ পৰাই তেওঁ দলৰ সভাপতিৰ পদত আছে।

জগনক শেষবাৰৰ বাবে ২০১৭ চনত দলৰ পূৰ্ণাংগ সভাত ৱাইএছআৰচিৰ সভাপতি নিৰ্বাচিত কৰা হৈছিল।

জগনৰ মাতৃ বিজয়ম্মাই দলটোৰ পৰা পদত্যাগ কৰিছে।

খবৰ অনুসৰি পৰিয়ালটোত চলি থকা বিভেদৰ বাবে জগনৰ মাতৃয়ে তেওঁৰ কন্যা শৰ্মিলাৰ সৈতে ৱাইএছআৰচি ত্যাগ কৰিছে।

ৱাইএছআৰচিয়ে এতিয়া জগনক আজীৱন দলৰ মুৰব্বী হ’বলৈ ভাৰতৰ নিৰ্বাচন আয়োগৰ সন্মতি বিচাৰিব লাগিব।