কেবৰ বিৰোধিতাৰে অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি নৱজ্যোতি ৰাজখোৱাৰ পদত্যাগ

Nabajyoti Rajkhowa

নৱজ্যোতি ৰাজখোৱা(মাজৰ গৰাকী)

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি পদৰ পৰা আজি পদত্যাগ কৰে নৱজ্যোতি ৰাজখোৱাই।

‘‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আজি মই যুৱ পৰিষদৰ পদৰ লগতে দল আৰু যুৱ পৰিষদৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিছোঁ’’ নৱজ্যোতি ৰাজখোৱাই কয়।

নৱজ্যোতি ৰাজখোৱাই পদত্যাগ কৰি কয় যে, কেব কোনো কাৰণতে মানি লোৱা নহ’ব। প্ৰয়োজনত জাতিৰ কাৰণে, ভাষাৰ কাৰণে, আইৰ আচলত জীৱনৰ আহুতি দিম তথাপি কেব মানি নলওঁ।

আনহাতে, তেওঁৰ ৰাজনৈতিক গুৰু মন্ত্ৰী  অতুল বৰাৰ ওচৰত ক্ষমা বিচাৰি ৰাজখোৱাই সম্প্ৰতি অসমৰ বাহিৰত থকা বাবে অহা ১৩ ডিচেম্বৰত অসমলৈ উভতি আহি লিখিত পদত্যাগ পত্ৰ প্ৰদান কৰিব বুলি জনায়।

তাৰোপৰি, কেবৰ বিৰুদ্ধে প্ৰতিবাদে অতুল বৰাৰ গৃহ সমষ্টিত উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।

জীপাল নামৰ সংগঠনৰ নেতৃত্বত বোকাখাত সমষ্টিৰ দ’ অঞ্চলত অতুল বৰাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে সংগঠনটোৱে।

বোকাখাত সমষ্টিৰ বিভিন্ন প্ৰান্ত এতিয়া অতুল বৰা লেই লেই চেই চেই শ্লোগানেৰে মুখৰিত হৈ পৰিছে।