• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যেন আলেকজেণ্ডাৰৰ আগত পুৰু! কিয় ‘বাঢ়ি ৰখা ভাত’ নোখোৱাকৈয়ে হোৱাইট হাউছৰ পৰা ওলাই আহিছিল জেলেনস্কিয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2025 2:54 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা শুকুৰবাৰে হোৱাইট হাউছৰ ৱেষ্ট উইঙত প্লেটত খাদ্যৰ ব্যৱস্থা কৰাত ব্যস্ত আছিল চেফসকল। সেই সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে অ’ভেল অফিচত বৈঠক কৰি আছিল।

বৈঠক শেষ হোৱাৰ পিছতে ৰাষ্ট্ৰৰ অতিথিসকলক খাদ্য যোগান ধৰা হ’ব। চেফসকলে আয়োজন প্ৰায় শেষ কৰি থৈছে। অতিথিসকলৰ বাবে সাজু ৰোজমেৰী চিকেন, চেলেৰি ৰুট পিউৰি আৰু কলাৰ্ড গ্ৰীণ।

Apply Now

হঠাৎ অভাল অফিচৰ পৰিবেশ সলনি হৈ গ’ল। সভাত বহি থকা নেতাসকলৰ উত্তপ্ত স্বৰবোৰ বাহিৰত শুনা গ’ল।

ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক মৌখিকভাৱে আক্ৰমণ কৰিছিল। জেলেনস্কিয়েও সমস্বৰে কথা কৈছিল, প্ৰত্যুত্তৰ দি আছিল।

সেই সময়টো ইউক্ৰেইনৰ সমৰ্থকসকলৰ বাবে আছিল অতি বিপৰ্যয়জনক। দুই জেদী নেতাই মাত্ৰ ১০ মিনিটতে সকলো আয়োজন পানী কৰি পেলালে।

প্লেটত সজাই থোৱা ৰোজমেৰী চিকেন, চেলেৰি ৰুট পিউৰি, কলাৰ্ড গ্ৰীণবোৰ তেনেকৈয়ে পৰি ৰ’ল।

ট্ৰাম্প আৰু ভেন্সৰ সৈতে হোৱা বাক-বিতণ্ডাৰ পিছত জেলেনস্কিয়ে হোৱাইট হাউছৰ চৌহদত বেছি সময় নাথাকিল। তেওঁ নিজৰ দলবল লৈ ওলাই গ’ল। কিছুমানে দাবী কৰিছে যে জেলেনস্কিক একপ্ৰকাৰ উলিয়াই দিয়া হৈছিল। সেইদিনা হোৱাইট হাউছত মুঠ ১৩৯ মিনিট সময় কটায় জেলেনস্কিয়ে।

শুকুৰবাৰে ইউক্ৰেইনৰ বিৰল খনিজ সম্পদ সন্দৰ্ভত আমেৰিকাৰ সৈতে চুক্তি চূড়ান্ত কৰিবলৈ জেলেনস্কিয়ে আমেৰিকা ভ্ৰমণ কৰিছিল। সেই অনুসৰি হোৱাইট হাউছলৈ যায়। দুয়োগৰাকী নেতাৰ মাজত চূড়ান্ত আলোচনাৰ অন্তত এই চুক্তি স্বাক্ষৰিত হ’ব বুলি আশাও কৰা হৈছিল।

কিন্তু অভাল অফিচত উত্তপ্ত বাক-বিতণ্ডাৰ পিছত সকলো নেচেল হৈ পৰিল আৰু সেইদিনাই জেলেনস্কিয়ে আমেৰিকা এৰি ব্ৰিটেইনলৈ ৰাওনা হয়।

সেইদিনা হোৱাইট হাউছৰ অভালৰ বৈঠকত মুখামুখি হৈছিল দুই ৰাষ্ট্ৰ প্ৰধান। এখন বিশ্বৰ আটাইতকৈ ক্ষমতাশালী দেশ, আনখন অস্তিত্বৰ সংকটত ককবকাই থকা ক্ষুদ্ৰ দেশ। কিন্তু সেই সৰু দেশখনৰ ৰাষ্ট্ৰ প্ৰধানগৰাকীয়ে ক্ষমতাশালী দেশৰ ৰাষ্ট্ৰ প্ৰধানগৰাকীৰ আগত মূৰ দোৱাবলৈ সন্মত নহ’ল।

ঠিক যেন ইতিহাসৰ সেই আলেকজেণ্ডাৰ আৰু পুৰুৰ মাজত ঘটা সাক্ষাতৰ দৰে। প্ৰকৃততেই ‘ৰজাৰ দৰে’ ব্যৱহাৰ বিচাৰি জেলেনস্কিয়ে মূৰ দোৱাবলৈ সন্মত নহ’ল! এতিয়া ক্ষমতাশালী সম্ৰাটে সেই সন্মান দিবলৈ প্ৰস্তুত হ’বনে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd