• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইষ্টাৰত আক্ৰমণ বন্ধৰ নিজৰ প্ৰতিশ্ৰুতি পালন কৰা নাই পুটিনে; অভিযোগ জেলেনস্কিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2025 1:23 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আকস্মিকভাৱে ৩০ ঘণ্টীয়া যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতো তাৰ সন্মান কৰা নাই। যুদ্ধবিৰতিৰ সময়ছোৱাত ইউক্ৰেইনত ‘আক্ৰমণাত্মক অভিযান’ চলি আছে, আকাশত ৰাছিয়াৰ ড্ৰ’ন উৰি থকা দেখা গৈছে, আৰু গোলাবৰ্ষণ চলি আছে। এই সকলোবোৰ অভিযোগ উত্থাপন কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমাইৰ জেলেনস্কিয়ে।

শনিবাৰে মস্কোত ৰাছিয়াৰ সশস্ত্ৰ বাহিনীৰ মুখ্য কৰ্মচাৰী ভেলেৰী গেৰাচিমোভৰ সৈতে সাক্ষাৎ কৰে পুটিনে। সেই সময়ত টেলিভিছনত দিয়া ভাষণত পুটিনে ৩০ ঘণ্টীয়া যুদ্ধবিৰতি ঘোষণা কৰিছিল। প্ৰধানকৈ খ্ৰীষ্টানধৰ্মাৱলম্বীসকলৰ উৎসৱ ইষ্টাৰ ছানডে উপলক্ষে এই যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল।

Apply Now

পুটিনৰ ঘোষণা অনুসৰি ৰাছিয়াই শনিবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা দেওবাৰে মাজনিশালৈকে যুদ্ধবিৰতিৰ অধীনত ইউক্ৰেইনত আক্ৰমণ বন্ধ ৰাখিব। অৱশ্যে এই সময়ত পুটিনে ইউক্ৰেইনৰ পৰা সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰিবলৈ নিজৰ বাহিনীক সম্পূৰ্ণ সাজু হ’বলৈও নিৰ্দেশ দিছিল।

পুটিনে কয় যে মানৱীয় কাৰণত মই এই সময়ত কোনো ধৰণৰ সামৰিক আক্ৰমণ নকৰিবলৈ নিৰ্দেশ দিছো।

পুটিনৰ বক্তব্যৰ পিছত জেলেনস্কিয়ে ছ’চিয়েল মিডিয়া এক্সত পোষ্ট কৰে।তাত তেওঁ লিখিছে, “এয়া পুটিনে মানুহৰ জীৱনৰ সৈতে খেলা কৰাৰ আন এক প্ৰচেষ্টা… আমাৰ আকাশত শ্বাহেদ ড্ৰ’নৰ উপস্থিতিয়ে ইষ্টাৰ ছানডে আৰু মানুহৰ জীৱনৰ প্ৰতি পুটিনৰ প্ৰকৃত মনোভাৱ দাঙি ধৰিছে।”

পিছত জেলেনস্কিয়ে আন এটা এক্স পোষ্টত লিখিছে যে যদিহে এতিয়া ৰাছিয়াই হঠাতে সম্পূৰ্ণ আৰু নিঃচৰ্ত মৌনতাৰ অৱস্থানলৈ আগবাঢ়ি যাবলৈ সাজু হয় তেন্তে তেওঁৰ দেশখনে যুদ্ধবিৰতি মানি চলিব। জেলেনস্কিয়ে “যুদ্ধবিৰতি” বৃদ্ধি কৰাৰ পৰামৰ্শও আগবঢ়ায়।

জেলেনস্কিয়ে লগতে অভিযোগ কৰে যে পুটিনে আক্ৰমণৰ ৩০ ঘণ্টীয়া বিৰতি ঘোষণা কৰাৰ পিছতো ৰাছিয়াৰ কুৰ্স্ক অঞ্চল আৰু বেলগ’ৰডত যুদ্ধ অব্যাহত আছে। আনকি ইউক্ৰেইনৰ বিভিন্ন ঠাইত এতিয়াও ৰাছিয়াৰ ড্ৰ’ন উৰি আছে। অৱশ্যে কিছু অঞ্চলত যুদ্ধ বন্ধ হৈ পৰিছে।

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সৰ্বাত্মক যুদ্ধ আৰম্ভ হয়। তাৰ পিছৰে পৰা তিনি বছৰতকৈও অধিক সময় এই যুদ্ধ চলি আছে। ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাবলৈ কিয়েভ আৰু মস্কোৰ মাজত শান্তি চুক্তিৰ মধ্যস্থতা কৰিবলৈ চেষ্টা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অৱশ্যে এই ক্ষেত্ৰত এতিয়াও কোনো আশাৰ পোহৰ দেখা যোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd