• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ষমা নিবিচাৰে জেলেনস্কিয়ে, কিন্তু সম্পৰ্ক ঘূৰাই আনিবলৈ প্ৰস্তুত! কাষত ইউৰোপীয় নেতাসকল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2025 11:10 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে কয় যে হোৱাইট হাউছত হোৱা বিবাদৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে সম্পৰ্ক মেৰামতি কৰা সম্ভৱ। অৱশ্যে ট্ৰাম্পৰ ওচৰত ক্ষমা খুজিবলৈ তেওঁ অনিচ্ছুক।

শুকুৰবাৰে ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ পিছত আমেৰিকাৰ সংবাদ মাধ্যম ফক্স নিউজক এক সাক্ষাৎকাৰ দিয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। তাত তেওঁক সোধা হৈছিল যে তেওঁ ট্ৰাম্পৰ ওচৰত ক্ষমা খুজিবনে, তেওঁৰ আচৰণৰ বাবে অনুশোচনা প্ৰকাশ কৰিবনে? জেলেনস্কিয়ে স্পষ্টকৈ কৈছে ‘নাই’। অৱশ্যে জেলেনস্কিয়ে স্বীকাৰ কৰিছে যে হোৱাইট হাউছৰ অভাল অফিচত যি ঘটিল সেয়া দুয়োখন দেশৰ সম্পৰ্কৰ বাবে ভাল নহয়।

Apply Now

তেওঁৰ ভাষাত, “এই ধৰণৰ যুক্তি দুয়োপক্ষৰ বাবে বেয়া। যদি ট্ৰাম্পে ইউক্ৰেইনক সহায় নকৰে তেন্তে ৰাছিয়াৰ আক্ৰমণ ৰোধ কৰাটো আমাৰ বাবে কঠিন হ’ব। কিন্তু এই সম্পৰ্ক মেৰামতি কৰিব পৰা যাব বুলি মই নিশ্চিত। কাৰণ এয়া কেৱল দুয়োজন ৰাষ্ট্ৰপতিৰ সম্পৰ্কৰ কথা নহয়। এয়া দুয়োখন দেশৰ মাজত এক ঐতিহাসিক সম্পৰ্ক। আমাৰ দেশৰ জনসাধাৰণৰ হৈ আপোনাক সদায় ধন্যবাদ জনাইছো।”

শুকুৰবাৰে (স্থানীয় সময় অনুসৰি) ট্ৰাম্প আৰু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ সৈতে সাক্ষাৎ কৰে জেলেনস্কিয়ে। খনিজ চুক্তিৰ বিষয়ে আলোচনা কৰি আছিল। চুক্তিখনত জেলেনস্কিয়ে স্বাক্ষৰ কৰাৰ কথা আছিল। কিন্তু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ আলোচনা ক্ৰমান্বয়ে দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজত উত্তপ্ত আদান-প্ৰদানলৈ পৰিণত হ’ল।

ট্ৰাম্পে ৰাজহুৱাভাৱে জেলেনস্কিক লাখ লাখ মানুহৰ জীৱনৰ সৈতে খেলা কৰাৰ অভিযোগ উত্থাপন কৰে। তৃতীয় বিশ্বযুদ্ধক লৈ জুৱা খেলা বুলি দাবী কৰে। আপোচৰ বাটত তেওঁ খোজ কাঢ়িব নিবিচাৰে। ৰাছিয়াৰ সৈতে হোৱা যুদ্ধৰ বাবেও ট্ৰাম্পে জেলেনস্কিক দোষাৰোপ কৰে। জেলেনস্কিয়েও আৰম্ভণিৰ পৰা শেষলৈকে বৈঠকত অটল আছিল। ভ্যান্সৰ সৈতেও তেওঁ উত্তপ্ত কথাৰ আদান-প্ৰদান কৰিছিল। শেষত চুক্তি বাতিল কৰা হ’ল। জেলেনস্কিয়ে হোৱাইট হাউছ এৰি থৈ যায়।

হোৱাইট হাউছত জেলেনস্কিয়েও নিজৰ সাজ-পোছাকৰ বিষয়ে প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়। এজন সাংবাদিকে তেওঁক সুধিলে, “আপুনি চুট পিন্ধা নাই কিয়?” তাৰ পিছত তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক অলপ উপহাস কৰি সুধিলে, “আপুনি চুট নিপিন্ধাকৈয়ে আমেৰিকাৰ সৰ্বোচ্চ প্ৰশাসনিক কাৰ্যালয়লৈ আহিছিল?” তেওঁ ক’লে, “যেতিয়া এই যুদ্ধ শেষ হ’ব, তেতিয়া মই নিশ্চয় চুট পিন্ধিম। হয়তো মই আপোনাৰ দৰে কিবা এটা পিন্ধিম, হয়তো তাতোকৈ ভাল।”

এই বৈঠকৰ অন্তত ইউৰোপৰ কেইবাখনো দেশৰ নেতাই মাত মাতিছে। জেলেনস্কি আৰু ইউক্ৰেইনৰ কাষত থিয় হৈ তেওঁলোকে বক্তব্য প্ৰদান কৰে। আমেৰিকাৰ সৈতে বন্ধুত্বপূৰ্ণ ইউৰোপৰ সকলো দেশেই মূলতঃ জেলেনস্কিক সমৰ্থন কৰিছে। ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা এই মিত্ৰ দেশসমূহে আতংকিত হৈ পৰিছে। তেওঁলোকৰ মতে ট্ৰাম্পে জেলেনস্কিৰ ওপৰত হেঁচা প্ৰয়োগ কৰি ৰাছিয়াক ইউক্ৰেইন যুদ্ধৰ বিজয়ী ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে। হোৱাইট হাউছত দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজত হোৱা উত্তপ্ত তৰ্কৰ পিছত ইউৰোপৰ নেতাসকলে একেলগে মাত মাতিছে।

ইউক্ৰেইনে শান্তি বিচাৰে: জাৰ্মানী

ট্ৰাম্প-জেলেনস্কিৰ সংঘাতৰ পিছত জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বলজে কয়, “ইউক্ৰেইনৰ জনসাধাৰণে শান্তি বিচাৰে। শান্তি কিমান গুৰুত্বপূৰ্ণ সেয়া তেওঁলোকতকৈ বেছি কোনেও নাজানে। সেইবাবেই আমি সকলোৱে স্থায়ী শান্তিৰ দাবী কৰি আহিছো। ইউক্ৰেইনে জাৰ্মানী আৰু ইউৰোপৰ ওপৰত ভৰসা কৰিব পাৰে।”

ৰাছিয়া হৈছে আগ্ৰাসী, ইউক্ৰেইনে যুঁজি আছে: ফ্ৰান্স

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে পৰ্তুগালত সাংবাদিকৰ আগত কয় যে, “ৰাছিয়া হৈছে আগ্ৰাসী, আৰু ইউক্ৰেইনৰ জনসাধাৰণ সেই আগ্ৰাসনৰ বলি হৈছে। আমি তিনি বছৰ পূৰ্বে ইউক্ৰেইনক সহায় কৰি ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ সন্মত হৈছিলো। মই এতিয়াও তেনেকুৱা কৰিব বিচাৰো। আমি যেতিয়া কওঁ, তেতিয়া মই আমেৰিকাৰ কথা কৈছো, সমগ্ৰ ইউৰোপ, জাপান, কানাডা-সকলোৰে কথা কৈছো। ইউক্ৰেইনে নিজৰ সন্মানৰ বাবে, স্বাধীনতাৰ বাবে, ইউৰোপৰ নিৰাপত্তাৰ বাবে এই যুদ্ধখন যুঁজিছে।”

বিভাজন নহয়, একগোট হৈ থাকিব লাগিব: ইটালী

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে কয় যে “পশ্চিমীয়া শক্তিসমূহৰ মাজত যিকোনো বিভাজনে আমাক দুৰ্বল কৰি তোলে। আমেৰিকা আৰু ইউৰোপৰ মাজত তাৎক্ষণিক আলোচনাৰ প্ৰয়োজন। আমাৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আৰু আমি সেইবোৰ কেনেকৈ মোকাবিলা কৰিব পাৰো সেই বিষয়ে কথা পাতিব লাগিব। আমাৰ প্ৰত্যাহ্বান আৰম্ভ হৈছিল ইউক্ৰেইনৰ পৰা। আমি কেইবছৰ ধৰি সেই প্ৰত্যাহ্বান ভালদৰে সন্মুখীন হৈ আহিছো। ইটালীয়ে অনাগত দিনত এই প্ৰস্তাৱ নিজৰ বন্ধু দেশসমূহৰ সন্মুখত আলোচনাৰ বাবে উত্থাপন কৰাৰ মনস্থ কৰিছে।”

ৰাজহুৱাভাৱে সমস্যা! ক্ৰেমলিন জয়ী হৈছে: ডেনমাৰ্ক

ডেনমাৰ্কৰ বৈদেশিক মন্ত্ৰী লাৰ্ছ লোকে ৰাছমুচেনে কয়, “ইউক্ৰেইনৰ পেটততো লাথি মৰা হ’ল! বন্ধুসকলৰ মাজত আলোচনাৰ পথ মুকলি কৰি ৰাখিব লাগে। কিন্তু যেতিয়া এনেদৰে কেমেৰাৰ সন্মুখত ৰাজহুৱাভাৱে কৰা হয় তেতিয়া মাত্ৰ এজন ব্যক্তিয়েই জয়ী হয়। আৰু তেওঁ ক্ৰেমলিনত বহি আছে।”

ইউক্ৰেইন, ভয় নকৰিব: ইউৰোপীয় কমিছন

ইউৰোপীয় কমিছনৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েনে কয় যে ” আমি ইউক্ৰেইনৰ জনসাধাৰণৰ সাহসক সন্মান কৰো। শক্তিশালী হওক, সাহসী হওক, ভয় নকৰিব। ৰাষ্ট্ৰপতি, আপুনি অকলশৰীয়া নহয়। আমি আপোনাৰ কাষত থিয় দি শান্তিৰ বাবে যুঁজ দি যাম।”

আমি ইউক্ৰেইনৰ কাষত আছো: মলদোভা

মলদোভানৰ ৰাষ্ট্ৰপতি মাইয়া চাণ্ডুৱে কয় যে ” সত্যটো অতি সহজ। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰে। ইয়াত ৰাছিয়া হৈছে আগ্ৰাসী। ইউক্ৰেইনে স্বাধীনতাৰ বাবে যুঁজিছে। আমি সকলোৱে ইউক্ৰেইনৰ সৈতে আছো।”

আমি আপোনাৰ লগত আছো: স্পেইন

স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে ছ’চিয়েল মিডিয়াত লিখিছে, “ইউক্ৰেইন, স্পেইন আপোনাৰ লগত আছে।”

আমি আগ্ৰাসনৰ অন্ত বিচাৰো: নেদাৰলেণ্ড

ডাচ প্ৰধানমন্ত্ৰী ডিক স্কুফে কয় যে “নেদাৰলেণ্ডে ইউক্ৰেইনক সমৰ্থন কৰে। আমি স্থায়ী শান্তি বিচাৰো। ৰাছিয়াই আৰম্ভ কৰা আগ্ৰাসনৰ অন্ত বিচাৰো, ইউক্ৰেইনৰ জনসাধাৰণৰ বাবে, ইউৰোপৰ জনসাধাৰণৰ বাবে।“

ইউক্ৰেইন অকলশৰীয়া নহয়: পোলেণ্ড

পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কে ছ’চিয়েল মিডিয়াত লিখিছে, “জেলেনস্কি, ইউক্ৰেইনৰ বন্ধুসকল, আপোনালোক অকলশৰীয়া নহয়।”

আমি ইউক্ৰেইনৰ সৈতে আছো: চেক গণৰাজ্য

চেক গণৰাজ্যৰ ৰাষ্ট্ৰপতি পিটাৰ পাভেলে লিখিছে, “আমি ইউক্ৰেইনৰ সৈতে আছো। ইউৰোপে কিবা এটা কৰাৰ সময় আহি পৰিছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd