বিশ্ব চেম্পিয়ন হোৱাৰ পিছতে ছন্দহীন টীম ইণ্ডিয়া! জিম্বাবুৱেৰ হাতত পৰাস্ত ভাৰতৰ যুৱ ব্ৰিগেড

ৰোহিত শৰ্মা-বিৰাট কোহলীয়ে বিশ্বকাপ জয় কৰি টি-২০ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। সেই তালিকাত অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাইও নিজৰ নাম লিখিছে। এতিয়া ভাৰতৰ জয়ৰথ আগুৱাই নিয়াৰ দায়িত্ব নৱাগতসকলৰ। সচেতন মহলে জিম্বাবুৱে ভ্ৰমণক তাৰেই প্ৰস্তুতি বুলি ধাৰণা কৰে।

নতুন মুখেৰে সমৃদ্ধ দল এটা লৈ প্ৰথম টি-২০ মেচত নামিছিল টীম ইণ্ডিয়া। কিন্তু শেষ পৰ্যন্ত জিম্বাবুৱেৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ১৩ ৰানত পৰাস্ত হ’বলগীয়া হয় শুভমন গীল বাহিনী।

শনিবাৰে অধিনায়ক শুভমন গিলে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। যুক্তি আছিল যে তেওঁলোকে ৰাণ চেজ কৰিবলৈ অধিক সকাহ অনুভৱ কৰিব। এই মেচতে ভাৰতীয় জাৰ্চি পিন্ধি ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল আৰু অভিষেক শৰ্মাই আন্তৰ্জাতিক টি-২০ত অভিষেক ঘটায়।

মুকেশ কুমাৰে দমনীয়ভাৱেই আৰম্ভ কৰিলে। দ্বিতীয় অভাৰত তেওঁ জিম্বাবুৱেৰ বেটছমেন ইনোচেণ্ট কাইয়াক বোল্ড কৰে। ইয়াৰ পিছতে আৰম্ভ হ’ল ৰবি বিষ্ণোইৰ যাদু। আই পি এলতো তেওঁ ভাল ফৰ্মত আছিল। কিন্তু টি-২০ বিশ্বকাপৰ মূল দলত অন্তৰ্ভুক্ত নহ’ল।

এই মেচত বিষ্ণোইৰ স্পিন ঘূৰ্ণীত পেভলিয়নলৈ উভতিল বেনেট, মাধেবেৰা। নিজৰ ৪ অভাৰত মাত্ৰ ১৩ ৰান দি ৪টা উইকেট দখল কৰে বিষ্ণোই। ৱাশ্বিংটন সুন্দৰেও দুটা উইকেট দখল কৰে। শেষত জিম্বাবুৱেৰ ইনিংছ ১১৫ ৰানত স্তব্ধ হৈ পৰে।

সহজ টাৰ্গেট, খেলপথাৰত স্পিন থাকিলেও বেছি বিপদজনক একো নাছিল। টীম ইণ্ডিয়াৰ নতুন তাৰকাসকলে নিজকে প্ৰমাণ কৰাৰ সুযোগ পাইছিল। ৰোহিত-বিৰাট অবিহনে ভাৰতীয় জাৰ্চিত নিজৰ নাম তুলি ধৰাৰ সুযোগ। কিন্তু কোনে জানিছিল যে শুভমন বাহিনী ৰাজা ছিকন্দৰৰ স্পিনত আত্মসমৰ্পণ কৰিব! অভিষেকতে ব্যৰ্থ  অভিষেক শৰ্মা। ৰিংকুৱেও শূন্য ৰাণেৰে উভতি আহিছিল।

ৰুতুৰাজৰ পৰা ৰিয়ানলৈ, কাৰো বেটত ৰান নাহিল। কেৱল শুভমন গীলেহে চেষ্টা কৰিলে। ২৯টা বলত ৩১ ৰান সংগ্ৰহ কৰি ছিকন্দৰ ৰাজাৰ বলত আউট হৈ উভতি আহে। ৱাশ্বিংটনে শেষলৈকে যুঁজ দি থাকিল। কিন্তু ১০২ ৰানত সকলো উইকেট হেৰুৱাই ভাৰতৰ যুঁজ স্তব্ধ হৈ গ’ল।

পাঁচখন খেলৰ শৃংখলাৰ প্ৰথমখন খেলত পৰাস্ত হৈ এই যাত্ৰা আৰম্ভ কৰে টিম ইণ্ডিয়াই। কিন্তু এই দলটোৱে পুনৰ উভতি আহিব পাৰে। এই পৰাজয়ৰ পৰা শিক্ষা লৈ টীম ইণ্ডিয়াই আৰম্ভ কৰিব এক নতুন যাত্ৰা। পৰৱৰ্তী মেচত শুভমন বাহিনীৰ সেই সুযোগ আছে।