• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

বিশ্বৰ সুখী দেশ ছুইজাৰলেণ্ড, দুৰ্ভগীয়া দেশ জিম্বাবুৱে; ভাৰত সুখী নে দুখী?  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2023 4:59 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ ভিতৰতে সুখী দেশ বুলি স্বীকৃতি লাভ কৰিছে পৃথিৱীৰ সৰগ বুলি পৰিচিত ইউৰোপৰ দেশ ছুইজাৰলেণ্ডে। ইয়াৰ বিপৰীতে বিশ্বৰে দুৰ্ভগীয়া তথা দুৰ্দশাগ্ৰস্ত দেশ হিচাপে পৰিগণিত হৈছে আফ্ৰিকা মহাদেশৰ দেশ জিম্বাবুৱে।

এই তথ্য প্ৰকাশ পাইছে বিশ্বৰ প্ৰখ্যাত অৰ্থনীতিবিদ ষ্টিভ হাংকৰ বাৰ্ষিক দুৰ্দশা সূচাংকত(HAMI)। মূলতঃ দেশসমূহৰ অৰ্থনৈতিক অৱস্থা ওপৰত ভিত্তি কৰি এই সমীক্ষাৰ সূচাংক নিৰ্ধাৰণ কৰা হৈছে। নিউয়ৰ্ক পোষ্টৰ তথ্য অনুসৰি এই ৰেংকিঙৰ বাবে মুঠ ১৫৭খন দেশক সাঙুৰি লোৱা হৈছিল।

অৰ্থনীতিবিদ ষ্টিভ হাংকৰ সমীক্ষাৰ মতে ইউক্ৰেইন, ছিৰিয়া, ছুডানৰ দৰে যুদ্ধবিধ্বস্ত দেশক অতিক্ৰম কৰা আফ্ৰিকান দেশখনে আকাশলংঘী মুদ্ৰাস্ফীতিৰ ফলতে মূলতঃ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ফলতে দেশখনৰ মুদ্ৰাস্ফীতিয়ে যোৱা বছৰ ২৪৩.৮ শতাংশ স্পৰ্শ কৰিছিল।

Apply Now

“অত্যধিক মুদ্ৰাস্ফীতি, উচ্চ হাৰৰ নিবনুৱা সমস্যা, উচ্চ ঋণৰ হাৰ আৰু নিস্তেজ জিডিপি বৃদ্ধিৰ বাবে জিম্বাবুৱে ২০২২ বৰ্ষৰ দুৰ্দশা সূচকাংকত বিশ্বৰ আটাইতকৈ দুৰ্ভগীয়া দেশ হিচাপে স্থান লাভ কৰিছে।” ষ্টিভ হেংকে টুইটত এইদৰে কয়।

 

Thanks to stunning inflation, high unemployment, high lending rates, and anemic real GDP growth, Zimbabwe clocks in as the WORLD’S MOST MISERABLE COUNTRY in the Hanke 2022 Annual Misery Index. Need I say more? pic.twitter.com/0uhfnWQUyW

— Steve Hanke (@steve_hanke) May 21, 2023

 

হাংকে দেশখনৰ বৰ্তমানৰ ৰাজনৈতিক দল জানু-পিএফ আৰু ইয়াৰ নীতিক “ব্যাপক দুৰ্দশা” সৃষ্টিৰ বাবে দোষাৰোপ কৰিছে।

ভেনিজুৱেলা, ছিৰিয়া, লেবানন, ছুডান, আৰ্জেণ্টিনা, য়েমেন, ইউক্ৰেইন, কিউবা, তুৰস্ক, শ্ৰীলংকা, হাইটি, এংগোলা, টংগা, আৰু ঘানা আদি দেশসমূহৰ শীৰ্ষ ১৫ খন দুৰ্ভগীয়া ৰাষ্ট্ৰৰ ভিতৰত স্থান লাভ কৰিছে।

ইফালে ছুইজাৰলেণ্ডৰ HAMI স্ক’ৰ আছিল আটাইতকৈ কম, অৰ্থাৎ ইয়াৰ নাগৰিকসকল আটাইতকৈ সুখী। “ইয়াৰ এটা কাৰণ হ’ল চুইজাৰলেণ্ডৰ ঋণৰ ব্ৰেক” অধ্যাপক হাংকে লিখিছে।

ছুইজাৰলেণ্ডৰ পাছতে দ্বিতীয় স্থানত আছে মধ্যপ্ৰাচ্যৰ দেশ কুৱেইট, তৃতীয় স্থানত ইউৰোপৰ আয়াৰলেণ্ড, চতুৰ্থত এছিয়াৰ জাপান, পঞ্চমত মালয়েছিয়া, ষষ্ঠত টাইৱান, সপ্তমত নাইজাৰ, অষ্টমত থাইলেণ্ড, নৱমত ট’গো আৰু দশমত আছে মাল্টা।

আনহাতে ভাৰতে এই তালিকাত ১০৩ সংখ্যক স্থান লাভ কৰিছে। ভাৰতক দুৰ্দশাৰ অৰিহণা যোগোৱা কাৰক হৈছে ক্ৰমবৰ্ধমান ভয়াৱহ নিবনুৱা সমস্যা।

নিবনুৱা সমস্যাৰ বাবেই এই তালিকাত আমেৰিকাই ১৩৪ নম্বৰ স্থান লাভ কৰিছে। ৱৰ্ল্ড হেপিনেছ ৰিপ’ৰ্টৰ দ্বাৰা একেৰাহে ছবছৰ ধৰি বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে স্থান লাভ কৰা ফিনলেণ্ডে দুৰ্ভগীয়া দেশৰ সূচকাংক হৈছে ১০৯ সংখ্যক।

উল্লেখযোগ্য যে জন হপকিন্স বিশ্ববিদ্যালয়ৰ এপ্লাইড ইকনমিক্সৰ অধ্যাপক ষ্টিভ হেংকে দ্য এনুৱেল মিছেৰী ইনডেক্স সংকলন কৰিছে। সূচকাংকসমূহ হৈছে নিবনুৱা সমস্যাৰ যোগফল (দুগুণ), মুদ্ৰাস্ফীতি আৰু বেংকৰ ঋণৰ হাৰৰ যোগফল, জনমূৰি প্ৰকৃত জিডিপিৰ বাৰ্ষিক শতাংশ পৰিৱৰ্তন বিয়োগ কৰা আদিৰ ভিত্তিত কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd