জুবিনে মুকলি কৰিলে এন কে বিগ ষ্টাৰ

Zubeen Garg launches NK Big Star mobile app

জুবিন গাৰ্গৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

জুবিন গাৰ্গে দেওবাৰে এন কে বিগ ষ্টাৰ নামৰ এক মনোৰঞ্জনৰ ম’বাইল এপ মুকলি কৰে।

এন কে প্ৰডাকচনৰ এই এপটোৰ জৰিয়তে দৰ্শকে দুশৰো অধিক অসমীয়া চিনেমা, অডিঅ’–ভিডিঅ’ গীতৰ লগতে বিভিন্ন ৱেব ছিৰিজ উপভোগ কৰিব পাৰিব।

গুৱাহাটীৰ কাহিলীপাৰাৰ এন কে হোটেলত এপটো মুকলি কৰি জনপ্ৰিয় শিল্পী গাৰ্গে কয় যে এপটোৰ জৰিয়তে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল।

এই ম’বাইল এপটোত জানমণি ২০২০ অসমীয়া চলচ্চিত্ৰ আৰু জানমণি ৱেব ছিৰিজ উপলব্ধ হ’ব।

ক’ভিড-১৯ মহামাৰীৰ সময়ত বিশ্বৰ মনোৰঞ্জন উদ্যোগটো অনলাইন এপসমূহৰ জৰিয়তেই ব্যাপকভাৱে জনপ্ৰিয় হৈ আহিছে।

বিপৰীতে চিনেমা হল বন্ধ থকা বাবে বহুকেইখন অসমীয়া চিনেমা এতিয়াও মুক্তি দিব পৰা হোৱা নাই।

এপ মুকলি অনুষ্ঠানটোত জুবিন গাৰ্গৰ উপৰি এন কে বিগ ষ্টাৰৰ স্বত্বাধিকাৰী দেৱ বৰকটকীও উপস্থিত আছিল।