• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“আকৌ হুলস্থূল হ’ব, গোটেই পৃথিৱী পিছুৱাই গ’লেও মই নাযাওঁ”, CAB-ৰ বিৰুদ্ধে পুনৰ হুংকাৰ জুবিনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 10, 2019 1:12 pm

2 min read

Zubeen Garg observing ‘Sankalpa Day’ to protest against the Centre’s move of passing the contentious Citizenship (Amendment) Bill, 2016 on 17-01-19. The protest is initiated by the Kalaguru Artist Federation and would be staged by the Artists Federation of the state .pix by UB PHOTOS

জুবিন গাৰ্গৰ ফাইল ফটো

666
VIEWS
Share on FacebookShare on Twitter

বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক অনা হ’বই বুলি সংকল্প প্ৰকাশ কৰাৰ পিছত জুবিন গাৰ্গ পুনৰ সৰৱ হৈ উঠিছে বিজেপিৰ বিৰুদ্ধে।

সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি জুবিন গাৰ্গে বিজেপিৰ জাতিধ্বংস সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ আন্দোলন কৰাৰ হুংকাৰ দিছে।

“CAB আনিলে আকৌ হুলস্থূল হ’ব। আমিতো পিছুৱাই নাযাওঁ, আমি যিটো কথাত লাগি আছো, সেইটোতে আছো সদায়। গোটেই পৃথিৱী পিছুৱাই গ’লেও মই নাযাওঁ”, স্বভাৱসুলভ খাৰাংখাচ ভংগিত শিল্পীগৰাকীয়ে কয়।

তেওঁ যোৱাবাৰ সকলোৱে একেলগে হোৱাৰ কথা মনত পেলাই এইবাৰো একেদৰে CAB-ৰ বিৰোধিতা কৰি যোৱাৰ কথা কয়।

সকলো ছাত্ৰ সংগঠন একেলগে থকাৰ ক্ষেত্ৰত তেওঁ আস্থা প্ৰকাশ কৰি কয়, “মই নাভাবো যে তেওঁলোক বিভক্ত হৈছে। যদি দৰকাৰ হয় সমুজ্জ্বলদা, মই আমি আকৌ বহিম”।

উল্লেখযোগ্য যে শিল্পী জুবিন গাৰ্গে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দৃষ্টান্তমূলক স্থিতি লৈ আহিছে। তেওঁ মুখ্য মন্ত্ৰী সোণোৱাললৈও পত্ৰ লিখিছিল বিধেয়কখন বাতিলৰ বাবে পদক্ষেপ ল’বলৈ। লগতে এই বিধেয়ক আনি অসমীয়া জাতি ধ্বংস কৰিবলৈ ওলোৱা বুলি অভিযোগ তুলি যোৱা বিধানসভাৰ নিৰ্বাচনৰ সময়ত বিজেপিৰ বাবে গান গোৱাৰ বিনিময়ত পোৱা ধন ঘূৰাই দিবলৈও সাজু হৈছিল শিল্পীজন।

লোকসভাত গৃহীত হোৱা বিতৰ্কিত বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰাত বিজেপি ব্যৰ্থ হোৱাত সকলোৱে স্বস্তিৰ নিঃশ্বাস পেলাইছিল যদিও দলটোৱে যোৱা ৮ এপ্ৰিলত প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত পুনৰ এইখন অনাৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে।

বিধেয়কখন নাগৰিকত্ব আইন সংশোধন কৰি বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দুসকলক নাগৰিকত্ব দিয়াৰ লক্ষ্যৰে অনা হৈছিল।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd