NORTHEAST NOW (Assamese)

“নিজৰ ঘৰৰ নিচিনা অন্য ঠাই হ’ব নোৱাৰে; ঘৰত থাকক সুৰক্ষিত থাকক: জুবিন

May 10, 2020 11:33 am · কল্পজ্যোতি শইকীয়া

দীৰ্ঘদিনৰ বিৰতিৰ মূৰত মুম্বাইৰ পৰা অসমলৈ যাত্ৰা আৰম্ভ কৰা অনুৰাগীৰ মাজত বাঘ হিচাপে খ্যাত জুবিন গাৰ্গ অহা মঙলবাৰে গুৱাহাটীত আহি উপস্থিত হ’ব।

এখন বিশেষ বাছত নিজ পত্নী আৰু দুজন সহযোগীৰ সৈতে অসমলৈ আহি আছে জুবিন গাৰ্গ। যোৱা ৮ মে’ত তেওঁলোকে মুম্বাইৰ পৰা যাত্ৰা আৰম্ভ কৰে।

এক দীঘলীয়া বিৰতিৰ অন্তত এই খবৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে জুবিনৰ অনুৰাগী সকল।

সকলোৱে ফেইচবুক আৰু whatsapp ষ্টেটাছৰ জৰিয়তে ফটো সম্বলিত কৰি “আহি আছে বাঘ” “মৰমৰ জুবিন দা আহি আছে, শুভেচ্ছা থাকিল”, “জুবিন দাৰ যাত্ৰা শুভ হওক” ইত্যাদিৰে উপচাই পেলাইছে।

উল্লেখযোগ্য যে, যোৱা ২৭ ফেব্ৰুৱাৰীত টাউন ক্লাবৰ এক অনুষ্ঠানত উপস্থিত থকাৰ সময়তে শাৰীৰিক ভাৱে গুৰুতৰভাবে অসুস্থ হৈ পৰিছিল জুবিন।

তাৰ পাছতে প্ৰায় ২০ দিন গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালত চিকিৎসাধীন হৈ সুস্থ হৈ পোনে পোনে ৰাওনা হৈছিল মুম্বাইলৈ।

তাৰ পাছৰে পৰা দেশত ক’ৰ’ণা সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে ২৪ মাৰ্চৰ পৰা লকডাউন আৰম্ভ হোৱাৰ বাবে মুম্বাইতে আবদ্ধ হৈ পৰিছিল জুবিন।

ফলত, দীৰ্ঘদিন কাষৰ পৰা মৰমৰ শিল্পী গৰাকীক চোৱাৰ পৰা বঞ্চিত হৈ আছিল তেওঁৰ লক্ষ লক্ষ অনুৰাগী। সেয়েহে শিল্পীগৰাকীৰ অসমলৈ ৰাওনা হোৱা খবৰে বাৰুকৈয়ে উৎফুল্লিত কৰি তুলিছে।

Related News