• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড-১৯ আক্ৰান্ত ৰোগীক মুম্বাইৰ পৰা কঢ়িয়াই অনা এম্বুলেঞ্চক লৈ প্ৰতিক্ৰিয়া; মন্ত্ৰী হিমন্তৰ উত্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 10, 2020 11:18 am
IMG-20200510-WA0015

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি যোৰহাট মেডিকেল কলেজত দুগৰাকী মহিলাৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পাছতে এখন এম্বুলেঞ্চক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এক প্ৰতিক্ৰিয়াৰ।

ইয়াৰ লগতে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল এম্বুলেঞ্চৰ চালকজন।

Apply Now

কিয়নো প্ৰথম অৱস্থাত ওলোৱা খবৰ অনুসৰি আক্ৰান্ত দুগৰাকী মহিলা কোনো ৰোগী নাছিল; তেওঁলোকে বুদ্ধি কৰি মুম্বাইৰ পৰা এম্বুলেঞ্চ ভাড়া কৰি আহি যোৰহাটত পাইছিলহি।

সেইদৰে তেওঁলোকক মেডিকেল কলেজত থৈ পুনৰ উভতি গৈছিল ড্ৰাইভাৰসহ এম্বুলেঞ্চ খন।

তদুপৰি, মেডিকেল clearance নোহোৱাকৈ দুগৰাকী মহিলাক মহাৰাষ্ট্ৰৰ পৰা কেনেকৈ কঢ়িয়াই আনিলে বুলিও প্ৰশ্ন উত্থাপিত হৈছিল।

আনকি একাংশই মহিলা দুগৰাকীয়ে বুদ্ধি কৰি এম্বুলেঞ্চ ভাড়া কৰি মুম্বাইৰ পৰা আহি যোৰহাট পোৱা বুলি সমালোচনা কৰিছিল।

জানিব পৰা মতে, ৩৮ বছৰীয়া মামু বৰা নামৰ মহিলাগৰাকীৰ পুত্ৰ কেন্সাৰ ৰোগী আছিল আৰু তেওঁলোক চিকিৎসাৰ বাবে লকডাউনৰ পূৰ্বে মুম্বাইলৈ গৈ আবদ্ধ হ’বলগীয়া হৈছিল। তেওঁৰ লগত পৰীস্মিতা দত্ত কলিতা নামৰ মহিলাগৰাকীও আছিল।

Actually the driver left for Mumbai and we allow him to go as he was asymptotic. Now on our request he has been stopped in Bihar for hospitalisation

— Himanta Biswa Sarma (@himantabiswa) May 10, 2020

শেহতীয়াকৈ উৰ্মিমালা দত্ত নামৰ টুইটাৰ ব্যৱহাৰকাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক এক টুইটযোগে সুধিছিল “এইটো কেনেকৈ সম্ভৱ যে কোনো মেডিকেল clearance নোহোৱাকৈ এম্বুলেঞ্চৰে দুগৰাকীকৈ মহিলাক মহাৰাষ্ট্ৰৰ পৰা কঢ়িয়াই আনিছে? মই ভাবো শ্ৰী ৰামপুৰ আৰু ছাগলীয়া সীমান্তত প্ৰকৃত তালাচীৰ ব্যৱস্থা নাই।”

দত্তৰ উত্তৰত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰি টুইট কৰি কয়, “মুম্বাইৰ পৰা যোৰহাটৰ এজন কেন্সাৰ ৰোগী ওভটাই আনিবলৈ এম্বুলেঞ্চ খনৰ সম্পূৰ্ণ অনুমতি আছিল; যিজন কেন্সাৰ ৰোগী এগৰাকী কোভিড আক্ৰান্তৰ পুত্ৰ আছিল। আমাৰ সীমান্তবৰ্তী এলেকাত কোভিড-১৯পৰীক্ষাৰ সুবিধা নাই।”

অন্য এটা টুইটত মন্ত্ৰীয়ে লিখিছে, “প্ৰকৃততে ড্ৰাইভাৰজনক মুম্বাইলৈকে যাবলৈ অনুমতি দিয়া হৈছিল। এতিয়া আমাৰ অনুৰোধত এম্বুলেঞ্চখনক বিহাৰত ৰখোৱা হৈছে আৰু ড্ৰাইভাৰজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য যে, এম্বুলেঞ্চত অহা তিনিওকে পোনে পোনে JMCH লৈ নিয়া হৈছিল আৰু কোৱাৰেন্টাইন কৰা হৈছিল।

জানিব পৰা মতে মামু বৰাৰ ঘৰ যোৰহাটৰ উজনি চৰাই মৰিয়াৰ আৰু আন গৰাকী পৰীস্মিতা দত্ত কলিতাৰ ঘৰ যোৰহাট চাৰিঙিয়াত।

তাৎপৰ্যপূৰ্ণভাৱে কাৰোৰে সংস্পৰ্শলৈ আহিবলৈ নাপালে আক্ৰান্ত মহিলা দুগৰাকী। তেওঁলোক বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালত চিকিৎসাধীন হৈ আছে।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd