NORTHEAST NOW (Assamese)

অসমীয়া বক্স অফিছৰ সৰ্বকালৰ অভিলেখ ভংগ! ১০ দিনত ৩.৯ কোটি টকা উপাৰ্জন

September 16, 2019 7:39 pm · এন ই নাও নিউজ
Updated: September 16, 2019 8:24 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

অসমীয়া ছবিৰ ইতিহাসত সৰ্বাধিক উপাৰ্জন কৰা ছবি ৰূপে অভিলেখ গঢ়িলে জুবিন গাৰ্গৰ বহুচৰ্চিত ছবি কাঞ্চনজংঘাই। যোৱা ১০টা দিনত ছবিখনে উপাৰ্জন কৰিলে ৩.৯ কোটি টকা।

ছবিখনৰ এই সাফল্যই জুবিনৰ অন্যতম জনপ্ৰিয় ছবি মিছন চাইনাৰ ৰেকৰ্ড ভংগ কৰিলে।

২০১৭চনত মুক্তি লাভ কৰা মিছন চাইনাই প্ৰথমটো সপ্তাহত মুঠ ২.৪৪ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে কাঞ্চনজংঘাই প্ৰথম সপ্তাহত উপাৰ্জন কৰে ২.৯০ কোটি টকা।

১০ অতিক্ৰম কৰাৰ পিছতো ছবিখন চাবলৈ এতিয়াও অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ছবিগৃহ সমূহত দৰ্শকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে।

কালি অৰ্থাৎ ১৫ ছেপ্টেম্বৰৰলৈকে ছবিখনে উপাৰ্জন কৰা ধনৰ পৰিমাণ হ’ল ক্ৰমে –

৬ ছেপ্তেম্বৰ– ৪০.২ লাখ টকা, ৭ ছেপ্তেম্বৰ– ৩৮.৫ লাখ টকা, ৮ ছেপ্তেম্বৰ– ৫৯.১ লাখ টকা, ৯ ছেপ্তেম্বৰ–৩৯.৮ লাখ টকা, ১০ ছেপ্তেম্বৰ– ৪৪.৫ লাখ টকা, ১১ ছেপ্তেম্বৰ– ৩৫.৫ লাখ টকা, ১২ ছেপ্তেম্বৰ– ৩১.৪ লাখ টকা, ১৩ ছেপ্তেম্বৰ– ২২.৫ লাখ টকা, ১৪ ছেপ্তেম্বৰ– ৩৪.৮ লাখ টকা, ১৫ ছেপ্তেম্বৰ– ৪৭ লাখ টকা।

অসমৰ দৰ্শকৰ পৰা পোৱা এই বিপুল সঁহাৰিত উৎফুল্লিত হৈ পৰিছে জুবিনৰ লগতে ছবিখনৰ সমূহ কলা-কুশলি। ছবিখন আদৰি লোৱাৰ বাবে সকলোকে জুবিনে ধন্যবাদ জনায়।

Related News