• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম অখিল গগৈৰ মতে নচলে ঠিকেই, কিন্তু বিজেপি-আৰ এছ এছৰ কথাতো নচলে বুলি তাছাই ক’বলৈ পাহৰিলে : অখিল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 18, 2018 7:09 pm
Akhil_PressMeet

সংবাদমেলত অখিল গগৈ, ১৮ মে'ত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বিজেপিৰ মাজত অনেক বিদেশী আছে। সেয়ে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক বিচাৰি আছে।” বিজেপি দলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ কৃষক মুক্তিৰ নেতা অখিল গগৈৰ।

শুকুৰবাৰে গুৱাহাটীৰ গান্ধীবস্তিত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত এক সংবাদমেল যোগে বৰখলা সমষ্টিৰ বিজেপি বিধায়ক কিশোৰ নাথলৈ বিদেশী ন্যায়াধিকৰণে জাননী প্ৰেৰণ কৰা প্ৰসংগটো টানি আনি কৃষক নেতাগৰাকীয়ে কয়, “বিজেপি দলটো বিদেশীৰ দ্বাৰাই গঠিত। বিদেশী ন্যায়াধিকৰণৰ পৰা বিজেপি বিধায়কলৈ জাননী যোৱা কথাটোৱে এই কথা প্ৰমাণ কৰে।”

Apply Now

ইফালে বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছাই অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ “অখিল গগৈৰ কথামতে অসম নচলে” বুলি কোৱা কথাষাৰৰ প্ৰত্যুত্তৰত কয়, “কামাখ্যা প্ৰসাদ তাছাই সঁচা কথাই কৈছে, মোৰ কথাত অসম নচলে। কিন্তু তেওঁ আৰু এটা কথা যোগ দিব লাগিছিল যে বিজেপি-আৰ এছ এছৰ কথাতো অসম নচলে।”

তেওঁ লগতে কয়, “পানীৰ পৰা উঠি অহা মাছে যেনেকৈ বামত চটফটাই থাকে, বিজেপি-আৰ এছ এছৰ মানুহকেইটাৰো এতিয়া চটফটাই থাকিব লগীয়া অৱস্থা হৈছে। বিজেপি নেতাই এতিয়া মৰিবলৈ চটফটাই আছে।”

সাংবাদিকৰ আগত তাছাক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে লগতে কয়, “কামাখ্যা প্ৰসাদ তাছা ২০১৯ৰ নিৰ্বাচনত হৰাটো নিশ্চিত হৈ আছে। আপোনালোকে লিখি থ’ব পাৰে।” ইয়াৰ উপৰি গগৈয়ে বিজেপি আৰু আৰ এছ এছৰ সকলো কথা অসমৰ মানুহে বিৰোধিতা কৰে বুলি কোৱাৰ লগতে বিজেপি-আৰ এছ এছক অসমৰ মানুহে এতিয়া শত্ৰুজ্ঞান কৰে বুলিও তিৰ্য্যক মন্তব্য কৰে।

সংবাদমেলত কৃষক নেতাগৰাকীয়ে অহা ২০ মে’ত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ অসম ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিবলৈ সমগ্ৰ অসমবাসীলৈ আহ্বান জনোৱাৰ লগতে তেওঁ কয়, “নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এতিয়া সমগ্ৰ অসমীয়া জাতি ক্ষুভিত, আৱেগিক আৰু উৎকণ্ঠিত হৈ আছে। তেনে সময়ত অমিত শ্বাহ অসমলৈ আহিব অসমৰ মানুহক আশ্বস্ত কৰিবলৈ নহয়। চলে-বলে-কৌশলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ ভোট লাভৰ বাবে ৰণকৌশল তৈয়াৰ কৰিবলৈহে আহিব।” বিজেপিয়ে ২০১৯ৰ নিৰ্বাচনৰ ৰণকৌশল তৈয়াৰ কৰি থকাৰ কথা উল্লেখ কৰি তেওঁ কয়, “এই কথাই ’৮৩ৰ নিৰ্বাচনলৈ মনত পেলাই দিয়ে। অসমীয়া জাতিৰ জাগৰণৰ বিপৰীতে গৈ বিজেপিয়ে জাতিটোক ভাগ ভাগ কৰি অসমত ক্ষমতা দখলৰ চেষ্টা চলাই আছে।”

অমিত শ্বাহৰ ভ্ৰমণৰ বিৰোধিতা কৰি ২০ মে’ৰ দিনা গুৱাহাটীৰ লগতে অসমৰ ৰাইজক ঘৰৰ চোতাল, চাদ, গেইট, বাহন আদিৰ লগতে সকলো জাতীয়-জনগোষ্ঠীয় সংগঠন, নামঘৰ, মন্দিৰ, মছজিদ সমিতি, উন্নয়ন সমিতি, আত্মসহায়ক গোট আদিক ক’লা পতাকা উৰুওৱাৰ আহ্বান জনায়। ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ কেবাটাও পৰিবহণ সংস্থা, ই-ৰিক্সা আৰু অ’টো ৰিক্সা সন্থাৰ লগত যোগাযোগ কৰি সেইদিনা বাহনসমূহত ক’লা পতাকা উৰুৱাবলৈ অনুৰোধ জনাইছে বুলি গগৈয়ে জানিবলৈ দিয়ে।

ইফালে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত বাংলাভাষী লোকৰ ১৫টা সংগঠনৰ যৌথ মঞ্চ বাঙালী যৌথ সমিতি, অসমৰ এক বৈঠক অনুষ্ঠিত হয় বুলি সংবাদমেলত অখিল গগৈয়ে প্ৰকাশ কৰে। বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, অসমৰ বাংলাভাষীসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ ব্যৱস্থা কৰা আৰু অসমীয়া আৰু বাঙালীৰ মাজত সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ দাবীত যুটীয়া সংসদীয় সমিতি, ৰাজ্যপাল আৰু মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও গগৈয়ে সংবাদ মেলত উল্লেখ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd