• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম-মিজোৰাম সীমান্তত চূড়ান্ত উত্তেজনা : অসম আৰক্ষীৰ গুলী-লাঠীত আহত মিজো ছাত্ৰ নেতা, মহিলা সাংবাদিক

সংযুৱালা মাৰ by সংযুৱালা মাৰ
March 10, 2018 7:53 pm
ঘটনাথলীৰ ফাইল ফট’

ঘটনাথলীৰ ফাইল ফট’

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবদমান অসম-মিজোৰাম সীমান্তৰ বাইৰাবি চহৰৰ ওচৰৰ জফাই খেতিপথাৰত আজি শনিবাৰে অসম আৰক্ষীৰ গুলীচালনাত মিজো ছাত্ৰ সংস্থাৰ দুজন নেতাৰ দেহত গুলী লগাৰ লগতে লাঠীচালনাত আহত হৈছে দুগৰাকীকৈ মিজো মহিলা সাংবাদিক।

গুলী লগা মিজো ছাত্ৰ সংস্থাৰ সম্পাদক ৰিকি লালচান্দামা আৰু সদস্য পিচি ৰামদিনচাংগাক বৰ্তমান বাইৰাবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে লাঠীচালনাত আহত হৈছে মহিলা মিজো সাংবাদিক নিউজ ১৮ৰ এমি চি লবেই আৰু আকাশবাণীৰ সাংবাদিক কেথেৰিন চি চাংগি।

Apply Now

মিজো ছাত্ৰ সংস্থাই পথাৰখনত খেতিয়কসকলৰ বাবে নিৰ্মাণ কৰা এটা জিৰণি চ’ৰা যোৱা বৃহস্পতিবাৰে অসম আৰক্ষীয়ে ভাঙি দিয়াৰ পিছৰে পৰা ঠাইটুকুৰাত শিবিৰ পাতি থকা ছাত্ৰসকলে আজি আগবেলা পুনৰ চ’ৰাটো নিৰ্মাণৰ চেষ্টা কৰোঁতে হাইলাকান্দি জিলা আৰক্ষীয়ে বাধা প্ৰদান কৰি লাঠী আৰু গুলীচালনা কৰে।

‘জিৰণি চ’ৰাটো পুনৰ নিৰ্মাণ নোহোৱালৈকে বা মিজোৰাম আৰু অসম চৰকাৰে বিষয়টো প্ৰশাসনীয় মেজলৈকে ননালৈকে আমি ঘৰলৈ নোভতো’ বুলি বৃহস্পতিবাৰে ঘোষণা কৰিছিল মিজো ছাত্ৰ সংস্থাৰ নেতা এল ৰামদিনলিয়ানা ৰেন্থেলেই।

মিজো ছাত্ৰ নেতাজনে লগতে কৈছিল যে, ‘ঠাইডোখৰৰ বাবদ মিজোৰাম চৰকাৰক সম্পূৰ্ণ ভূমি ৰাজহ আৰু কৰ দি থকা হৈছে যিটোৱে প্ৰমাণ কৰে যে ই মিজোৰামৰ (অন্তৰ্গত)।’

মিজো ছাত্ৰ সংস্থাই দাবী কৰিছে যে মিজোৰামৰ প্ৰথম গৰাকী মুখ্য মন্ত্ৰী চ চুংগাৰ পত্নীয়ে ছাত্ৰ সংগঠনটোক উক্ত খেতি পথাৰখন দান কৰিছিল।

মিজো ছাত্ৰ সংস্থাই বিবদমান এলেকাটো মিজোৰামৰ বুলি দাবী কৰাৰ বিপৰীতে অসমৰ হাইলাকান্দি জিলাৰ উপায়ুক্ত আদিল খানে এই ভূমি অসমৰ বুলি দাবী কৰি ‘এক ইঞ্চি ভূমিও বেদখল কৰিবলৈ দিয়া নহ’ব’ বুলি কয়। হাইলাকান্দি জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি স্বাভাৱিক অৱস্থা ঘূৰি নহা পৰ্য্যন্ত অঞ্চলটোত আৰক্ষী আৰু কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হ’ব।

অসম আৰক্ষীৰ গুলীচালনাৰ পিছত মিজো ছাত্ৰসকলে পথাৰখনত থকা শিবিৰ পৰিত্যাগ কৰিছে। কিন্তু ঠাইটুকুৰাত জিৰণি চ’ৰাটো পুনৰ নিৰ্মাণৰ অংগীকাৰ কৰিছে মিজোৰামৰ সৰ্বোচ্চ ছাত্ৰ সংগঠনটোৱে।

আনহাতে ঘটনাটোৰ পিছতে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকাত অ-মিজো ব্যৱসায়ীসকলে দোকান-পোহাৰ বন্ধ কৰি আঁতৰি যোৱা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে ১৯৯৪ চনটো সীমা বিবাদৰ ফলত দুয়ো ৰাজ্যৰ আৰক্ষীৰ মাজত সংঘৰ্ষ হোৱাৰ পৰ্য্যায় পাইছিলগৈ। সেইবাৰ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত এই বিবাদে সংঘৰ্ষৰ পৰ্য্যায় পোৱাৰ পৰা ৰক্ষা পৰে।

লক্ষণীয়ভাৱে অসম আৰু মিজোৰাম চৰকাৰৰ লগতে ভাৰত চৰকাৰেও সীমা বিবাদে এনে উত্তপ্ত ৰূপ লোৱাৰ পিছতো এতিয়ালৈকে কোনো বিবৃতি জাৰি কৰা নাই।

অসম আৰু চুবুৰীয়া নাগালেণ্ড, মিজোৰামকে ধৰি ৰাজ্যসমূহৰ সীমা বিবাদে অঞ্চলটো চিৰদিনে সময়ে সময়ে উত্তপ্ত কৰি অহাৰ ফলত ৰাজ্যকেইখনৰ স্থানীয় লোকসকলেই ভুক্তভোগী হৈ আহিব লগা হৈছে।

এখন দেশ, এখন সংবিধান, এখন কেন্দ্ৰীয় চৰকাৰৰ অধীনত চলা কিছুমান ৰাজ্যৰ এইধৰণৰ সীমা বিবাদ দীৰ্ঘদিন ধৰি চলি অহাটোৱে ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰে এই সমস্যাটো জীয়াই ৰাখিব বিচৰাটোকে সূচাইছে বুলি উদ্বিগ্ন নাগৰিকে এন ই নাওৰ ওচৰত মত প্ৰকাশ কৰিছে।

সংযুৱালা মাৰ

সংযুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd