• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অহা বছৰ লোকসভা নিৰ্বাচনত উত্তৰ-পূবৰ ২৫খন আসনৰ ২১খনেই বিজেপিৰ দখললৈ আহিব : অমিত শ্বাহ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 24, 2018 4:39 pm
BJP_Booth_President
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল পঞ্চায়ত নিৰ্বাচনেই নহয়, লোকসভাৰ নিৰ্বাচনৰ বাবেও কাৰ্য্যতঃ এতিয়াৰ পৰাই কুচ-কাৱাজ আৰম্ভ কৰিছে বিজেপিয়ে। আজি পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যিক বিজেপিৰ ৩০৩গৰাকী মণ্ডল সভাপতি, ২৫৮৪৯ গৰাকী বুথ সভাপতিৰ সন্মুখত ভাষণ প্ৰদান কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমৃত শ্বাহে।

নিৰ্বাচনকেন্দ্ৰিক ভাষণ প্ৰদান কৰি অমিত শ্বাহে কয়, ‘আজি ২৫ হাজাৰতকৈও অধিক বুথৰ কাৰ্য্যকৰ্তাক একেলগে দেখি এটা দলৰ অধ্যক্ষ হিচাপে মই অতিকৈ আনন্দিত লগতে গৌৰৱবোধ কৰিছো। পূৰ্বতে জনসভাসমূহত যিমানখিনি জনতাৰ ভিৰ হৈছিল তাতকৈ অধিক বুথ সভাপতি আজি মোৰ সন্মুখত আছে।’

Apply Now

তাৎপৰ্য্যপূৰ্ণ কথা যে সভাপতিগৰাকীয়ে সংবাদ মাধ্যম তথা ২৫,৮৪৯ গৰাকী বুথ সভাপতিক উদ্দেশ্যি কয়, ‘২০১৪ ত উত্তৰ-পূবত ২৫খন আসনৰ ভিতৰত বিজেপিয়ে মাত্ৰ ৮ খন আসন লাভ কৰিছিল। মই ইয়াত উপস্থিত থকা সমূহ বুথ সভাপতি আৰু সংবাদ মাধ্যমক এক লক্ষ্য বান্ধি দিছো যে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলে  ২৫খন আসনৰ ভিতৰত ২১খন আসন লাভ কৰিব। যদি এই নিৰ্ধাৰিত আসন লাভ কৰিব নোৱাৰো মোক সংবাদ মাধ্যমে নিশ্চয় প্ৰশ্ন কৰিব সেয়া মোৰ জ্ঞাত। তথাপি মই দাবী কৰি ক’ব খুজিছো যে ২১খন আসন বিজেপিয়ে লাভ কৰিবই।

আনহাতে তেওঁ কংগ্ৰেছক কটাক্ষ কৰি কয়, ‘কংগ্ৰেছৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ ফলতেই উত্তৰ-পূবে ইমান দিনে বিকাশৰ মুখ দেখাৰ পৰা দূৰত আছিল। আমি লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিলো যে উত্তৰ-পূবক বিকাশৰ ক্ষেত্ৰত আৰু অধিক আগুৱাই নিম। সেই অনুসৰিয়েই শাসনলৈ অহাৰ ৪ বছৰৰ ভিতৰত উত্তৰ-পূবৰ বিকাশৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে কাম কৰি আছে।‘

লগতে তেওঁ কয় ‘অসমৰ জনসাধাৰণৰ নিশ্চয়কৈ মনত আছে যেতিয়া বিভাজন হৈছিল তেতিয়া অসমক গ্ৰুপ-চি ত ৰাখিছিল। যদি গোপীনাথ বৰদলৈ নাথাকিলহেঁতেন যদি গান্ধীজীয়ে বিৰোধ নকৰিলেহেঁতেন তেন্তে আজি অসম ভাৰতৰ অধীনত নাথাকিলহেঁতেন। যেতিয়া চীনে ভাৰত আক্ৰমণ কৰিছিল তথা অসম দখল কৰাৰ চেষ্টা চলাইছিল সেইসময়তে জৱাহৰলাল নেহৰুৱে অসমক বিদায়ে দি দিছিল। প্ৰধান মন্ত্ৰী হিচাপে এনেদৰে কোনো এখন ৰাজ্য বেলেগৰ অধীনত বিনা চৰ্তে দি দিয়াটো কেতিয়াও শোভা নাপায়। আজিৰ প্ৰেক্ষাপটত ডোকলামক ৰক্ষা কৰাৰ বাবদ যিখিনি কৰিছে তাৰ পৰা সমগ্ৰ বিশ্বলৈ এটাই বাৰ্তা গৈছে যে দেশৰ সীমা কোনো বেলেগ ৰাজ্যই চুবলৈও সাহস নকৰে। তদুপৰি নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পিছত উত্তৰ-পূবৰ এটা এটাকৈ উগ্ৰপন্থী সংগঠনে আত্ম সমৰ্পণ কৰি আছে।‘

আনহাতে তেওঁ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয় ‘আপুনি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ লগতে অসমতো বিভিন্ন সভাসমূহত অংশগ্ৰহণ কৰিছিল, আপুনি অসমৰ বাবে যোৱা ১০ বছৰত কি কি উন্নয়নমূলক কাম কৰিলে মোক হিচাপ দিয়ক।

ইয়াৰোপৰি ত্ৰয়োদশ আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ তুলনা কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে কয় ‘কেন্দ্ৰত ছোনিয়া-মনমোহন সিঙৰ চৰকাৰ আৰু ৰাজ্যত গগৈৰ চৰকাৰ থকাৰ পিছতো ত্ৰয়োদশ বিত্তীয় আয়োগৰ অধীনত মাত্ৰ ৭৯,৭৪১ কোটি টকা অসমে লাভ কৰিছিল। তাৰ বিপৰীতে নৰেন্দ্ৰ মোদী চৰকাৰ শাসনলৈ অহাৰ পিছত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত অসমে ১,৫৫,২৯২ কোটি টকা লাভ কৰিবলৈ সক্ষম হ’ল। কংগ্ৰেছৰ তুলনাত ৭৫ হাজাৰ কোটি টকা অধিক অসমক প্ৰদান কৰাটো ভাৰতীয় জনতা পাৰ্টীৰে এক অৱদান। স্মাৰ্ট চিটীৰ বাবদ গুৱাহাটীৰ বাবে ১৯১ কোটি, স্বচ্ছ ভাৰত অভিযানৰ বাবে ৮৪ কোটি, নগৰ পৰিবহণৰ বাবদ ৯৯ কোটি টকা, প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ বাবদ ৪০০ কোটি, অমৃত অভিযানৰ বাবদ ৫৯১ কোটি টকা, পৰ্যটনৰ বাবদ ২২৭ কোটি টকা, এইমছকে ধৰি অন্যান্য উন্নত মানদণ্ডৰ চিকিৎসালয় নিৰ্মাণৰ বাবদ ১১০০ কোটি টকা, পথ-যোগাযোগৰ বাবদ ১৫ হাজাৰ কোটি টকা, প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক ড়োজনাৰ বাবদ ৫৮০০ কোটি টকা ইতিমধ্যে কেন্দ্ৰই প্ৰদান কৰিছে।‘

লক্ষণীয় যে তেৱোঁ এসময়ত বুথ অধ্যক্ষ হিচাপে কৰ্মৰত আছিল বুলি সদৰী কৰি যুৱ-বুথ সভাপতিসকলক উদ্দেশ্যি কয় ‘সংবী হাইস্কুলৰ ১৯৩ নং বুথৰ অধ্যক্ষৰ দ্বায়িত্বত মই আছিলো। অন্য কোনো ৰাজনৈতিক দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষসকল বুথ অধ্যক্ষ হোৱাৰ উদাহৰণ নাই। এই কথাটো কেবল ভাৰতীয় জনতা পাৰ্টীৰ ক্ষেত্ৰতহে সম্ভৱ যে বুথ সভাপতিৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়লৈকে সভাপতিৰ দ্বায়িত্ব লাভ কৰিব পাৰে, লগতে দলৰ সাধাৰণ কাৰ্য্যকৰ্তাৰ পৰা দেশৰ প্ৰধান মন্ত্ৰী পৰ্য্যন্ত হ’ব পাৰে। সেইকাৰণে অসমত ২৭ লাখৰো অধিক বিজেপিৰ কাৰ্য্যকৰ্তা অন্তৰ্ভুক্ত হৈছে। লগতে মই ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক বুথ সভাপতিৰ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।‘

আনহাতে তেওঁ মণিপুৰত পূৰ্বতে বিজেপিৰ অস্তিত্ব নথকা সত্ত্বেও যোৱা বছৰ বিজেপিয়ে চৰকাৰ গঠন কৰা বুলি কোৱাৰ লগতে ত্ৰিপুৰাতো বিজেপিৰ এখন আসন নথকা সত্ত্বেও এইবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল বুলি মন্তব্য কৰে।

তদুপৰি তেওঁ এই বিজয়ৰ আঁৰত থকা ৰহস্য সন্দৰ্ভত কয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিশ্লেষকসকলেও এই জয়ৰ কাৰণ বৰ্তমান সময় পৰ্য্যন্ত বিচাৰি উলিয়াব পৰা নাই। এই সন্দৰ্ভত তেওঁ কয় ‘জয়ৰ আঁৰত থকা ৰহস্য উল্লেখ কৰিব নাপাই যদিও আজি মই মুকলিভাৱে ক’ব খুজিছো যে এই জয়ৰ আঁৰত বুথসমূহৰ অধিকাৰীসকল জড়িত হৈ আছে। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আৰু কাশীৰ পৰা কামৰূপলৈকে মোদীৰ নেতৃত্বত এইসকল কাৰ্য্যকৰ্তাৰ কঠোৰ শ্ৰমৰ ফলতে বিজেপি দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে।‘

ভাষণৰ শেষত তেওঁ অসমৰ সকলোৰে ঘৰৰ পদুলিত পদুম ফুলিব বুলি আশা প্ৰকাশ কৰে। আনহাতে তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰা আঁচনিবোৰৰ ধনৰ সঠিক ৰূপত খৰচ হয় নে নহয় সেয়া সময়ত লক্ষণীয় হ’ব বুলি কয়। বৰ্তমান পৰিস্থিতিত বাট-পথৰ অৱস্থা, খোৱাপানীৰ নাটনিৰ সমস্যা, বিদ্যুতৰ নাটনিৰ সমস্যাই এই আঁচনিসমূহৰ সঠিকভাৱে ৰূপায়ণ   নকৰা কথাটোৰেই পৰিচয় বহন কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd