• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঁতৰা নাই শিল-বালি নাটনিৰ সমস্যা; চৰম অসুবিধাত ৰাজ্যৰ নিৰ্মাণখণ্ড

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 3, 2018 8:40 pm
ৰাজ্যত শিল-বালিৰ নাটনিৰ প্ৰসংগত আছাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ্ছ এছ’চিয়েশ্যনৰ সংবাদমেল।

ৰাজ্যত শিল-বালিৰ নাটনিৰ প্ৰসংগত আছাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ্ছ এছ’চিয়েশ্যনৰ সংবাদমেল।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিল-বলিৰ অভাৱে নিৰ্মাণ আৰু ৰিয়েল ইষ্টেট খণ্ডলৈ নমাই আনিছে গভীৰ সংকট আৰু স্থবিৰতা। ২০১৭ চনৰ এপ্ৰিল মাহৰ পৰাই এই সমস্যাৰ সন্মুখীন হৈ আহিছে ৰাজ্যৰ নিৰ্মাণখণ্ড। আনফালে, নিৰ্মাণ কাৰ্যৰ বাবে অপৰিহাৰ্য্য শিল-বালিৰ নাটনিয়ে সামগ্ৰীকেইবিধৰ দাম আকাশলংঘী কৰি তুলিছে।

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আছাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ্ছ এছ’চিয়েশ্যনে(এৰিডা) এখন সংবাদমেল অনুষ্ঠিত কৰি শিল-বালিৰ নাটনিৰ ফলত নিৰ্মাণ কাৰ্যত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে জানিবলৈ দিযে। সংগঠনটোৱে লগতে এই বিষয়টোত মুখ্য মন্ত্ৰীৰ হস্তক্ষেপৰো আহ্বান জনায়।

Apply Now

সংবাদমেলত প্ৰকাশ কৰা অনুসৰি বিগত বছৰৰ এপ্ৰিল মাহৰ পৰা এই সামগ্ৰী দুবিধৰ যি নাটনি আৰম্ভ হৈছে, তাৰ এতিয়ালৈ অৱসান ঘটা নাই। শেহতীয়াভাৱে কিছু পৰিমাণৰ বালি আৰু শিল যোগান ধৰা হৈ আছে যদিও সেয়া চাহিদা আনুপাতে তেনেই তাকৰীয়া। তাৰ ফলত পূৰ্বৰ প্ৰতি চি এম বালিৰ দাম ১,১০০ টকা আৰু শিল প্ৰতি চি এমত ১,৫০০ টকাৰ ঠাইত বৰ্তমান বালি প্ৰতি চি এমত ১,৮০০ টকা আৰু শিল প্ৰতি চি এমত ২,৮০০ টকালৈ বৃদ্ধি পাইছে।

নিৰ্মাণ কাৰ্যৰ বাবে অপৰিহাৰ্য শিল আৰু বালিৰ এই অত্যধিক হাৰত হোৱা মূল্যবৃদ্ধিৰ ফলস্বৰূপে আছাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ্ছ এছ’চিয়েশ্যন(এৰিডা)ৰ বহুসংখ্যক প্ৰকল্পৰ নিৰ্মাণকাৰ্য স্থবিৰ হৈ যোৱা বুলি সংগঠনটোৰ সভাপতি পি কে শৰ্মাই জানিবলৈ দিয়ে।

শৰ্মাই কয়, “শিল-বালিৰ চাহিদাৰ হিচাপত যোগান নোহোৱা আৰু অত্যধিক মূল্যবৃদ্ধিৰ ফলত ৰাজ্যৰ বিভিন্ন নিৰ্মাণকাৰ্যত যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰে আগ বঢ়োৱা কমেও কুৰিখন আঁচনিৰ লগতে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি হৈছে।

যি সময়ত ভাৰতৰ আন আন ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনি সমূহৰ সুযোগ গ্ৰহণ কৰিছে সেই সময়ত অসম এই ক্ষেত্ৰত কেৱল শিল-বালিৰ নাটনিৰ ফলত পিছপৰি ৰৈছে।”

তেওঁ লগতে বনজ সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা Assam Minor Mineral Concession Rule 2013 ৰ প্ৰসংগ উত্থাপন কৰি কয় যে এই নিয়মৰ শিথিলতা আনিব পাৰিলেহে বনজ-সম্পদ আহৰণৰ ক্ষেত্ৰত থকা অসুবিধা দূৰ কৰিব পৰা যাব। গতিকে এই ক্ষেত্ৰত এৰিডাই মুখ্য মন্ত্ৰীৰ হস্তক্ষেপৰ বাবে আহ্বান জনায়। শৰ্মাই লগতে কয় যে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম বন বিভাগৰ দাযিত্বত থাকোতে এই নীতিৰ সংশোধনৰ পোষকতা কৰিছিল যদিও কাৰ্যক্ষেত্ৰত সেয়া সফল নহ’ল।

সংগঠনটোৱে লগতে এই বিষয়সমূহ উত্থাপন কৰাৰ বাবে তেওঁলোকে কেইবাবাৰো মুখ্য মন্ত্ৰীৰ সাক্ষাৎ বিচাৰিছিল যদিও এই পৰ্যন্ত সাক্ষাতৰ সুযোগ পোৱা নাই বুলি আক্ষেপেৰে কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd