• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আছু, যুৱ-ছাত্ৰৰ পিছত খেলপথাৰ বচাবলৈ কৃষক মুক্তি, মহাবিদ্যালয় ছাত্ৰ একতা সভা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 9, 2018 5:12 pm
akhil gogoi kmss assam
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ভিতৰতে বিশাল আৰু উৎকৃষ্ট গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখন শাসনাধিষ্ঠ বিজেপি দলে ধ্বংস কৰা বুলি উঠা অভিযোগনৰ্থ ইষ্ট নাও-ৰ বিস্তাৰিত, ধাৰাৱাহিক প্ৰতিবেদনে ফাদিল কৰাৰ পিছত বিষয়টো লৈ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পিছত এইবাৰ সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভা।

কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰখন আৰ এচ এচ আৰু বিজেপিৰ কবললৈ  গুচি গৈছে বুলি নৰ্থ ইষ্ট নাও-ৰ আগত মন্তব্য কৰিছে।

Apply Now

‘খেলপথাৰখন আৰএচএচ-বিজেপিৰ কবললৈ গুচি গৈছে’ বুলি দাবী কৰি গগৈয়ে ‘ৰাজনৈতিক কাৰ্য্যসূচীৰ সলনি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ খেলা-ধূলা আৰু সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিব লাগে’ বুলি দাবী জনাইছে।

তেওঁ কয় ‘লুইতপৰীয়া হিন্দু সমাৱেশকে ধৰি বিভিন্ন অনুষ্ঠানে খেলপথাৰখনৰ আগৰ অৱস্থা নাইকিয়া কৰি পেলাইছে।’

খেলপথাৰখনৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকক পুলিচে খেদি পঠোৱাৰ ঘটনাৰো প্ৰতিবাদ জনাই অখিল গগৈয়ে।

বিজেপি চৰকাৰখনক ‘অগণতান্ত্ৰিক’ আৰু ‘তেওঁলোকে গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰায়বোৰ চহৰত গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে ঠাই নোহোৱা কৰি পেলাইছে’ বুলি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গগৈয়ে।

অসমৰ ‘ৰাজহুৱা খেলপথাৰসমূহ আৰএচএচ-ৰ লাঠীখেল আৰু বন্দুক সঞ্চালনৰ আখৰাথলীত পৰিণত কৰিছে’ বুলি দাবী কৰি তেওঁ অভিযোগ কৰে যে একে সময়তে চৰকাৰে সাধাৰণ ৰাইজক সমবেত হোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে।

নৰেন্দ্ৰ মোদীৰ সভাৰ বাবে বিজেপি দল তথা জিলা প্ৰশাসনে খানাপাৰাৰ ক্ৰিকেট পিত্চ মাটিৰে পুতি পেলোৱাৰ বিপৰীতে খানাপাৰাৰ খেলপথাৰখনত চৰকাৰবিৰোধী দল-সংগঠনসমূহক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ অনুমতি সাধাৰণতে নিদিয়াৰ কথাও উল্লেখ কৰে।

তেওঁ কয় ‘বিজেপি চৰকাৰে অসমৰ প্ৰায় আটাইবিলাক জিলা সদৰত থকা ৰাজহুৱা খেলপথাৰত সাধাৰণ ৰাইজক সভা-সমিতি আৰু সমাৱেশ পতাত বাৰণ কৰিছে।’

আনহাতে চৰকাৰী বা ৰাজনৈতিক সমাৱেশবোৰৰ আয়োজন পতাৰ অনুমতি দিয়া নিদিয়াৰ ক্ষেত্ৰত খেলপথাৰখনৰ প্ৰকৃত কৰ্তৃপক্ষ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিশেষ কৰ্তৃত্ব নথকাৰ কথাও ফাদিল হৈছে ছাত্ৰ একতা সভাৰ উপ সভাপতি ডাঃ কৌশিক কাকতীৰ ভাষ্যত।

‘চৰকাৰী আৰু ৰাজনৈতিক অনুষ্ঠানসমূহৰ কথা মহাবিদ্যালয় কৰ্তৃপক্ষই আগতীয়াকৈ গমেই নাপাই আৰু গম পালেও হয়তো কেইদিনমান আগত জাননী এখনহে পায়,’ সন্দেহ ডাঃ কাকতীৰ।

ডাঃ কাকতীয়ে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত খেলপথাৰখনত ৰাজনৈতিক সভা পতাৰ ক্ষেত্ৰত ছাত্ৰ একতা সভাই বিৰোধিতা কৰিছিল।

ছাত্ৰ একতা সভাৰ বিৰোধিতাৰ পিছত কংগ্ৰেছ চৰকাৰৰ দিনত সভা-সমিতিৰ বাবে খেলপথাৰখনৰ ‘এটা অংশ লোৱা হ’ব আৰু বাকী অংশত ছাত্ৰ-ছাত্ৰীয়ে খেলা-ধূলা কৰিব পাৰিব’ বুলি এক বুজাবুজিত উপনীত হোৱা বুলিও ডাঃ কাকতীয়ে জনায়।

কিন্তু বিজেপি শাসনলৈ আহি ‘গোটেই খেলপথাৰখন লৈ পেলালে’ বুলি তেওঁ চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

ছাত্ৰ একতা সভাৰ উপ সভাপতিগৰাকীয়ে খেলপথাৰখনত ক্ৰীড়াৰ পৰিৱেশ বৰ্তাই ৰখাৰ বাবে দাবী জনায়।

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ শাসনাধিষ্ঠ বিজেপিয়ে  ধ্বংস কৰা বুলি স্বয়ং অসম কৃষি বিশ্ববিদ্যালয়ে অভিযোগ তোলাৰ পিছত, খোদ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু অসমৰ জাতীয় দল-সংগঠনে ইয়াৰ প্ৰতিবাদ কৰাৰ পিছত এতিয়া প্ৰতিক্ৰিয়া কি হ’ব অসম বিজেপিৰ?

নীৰৱতাই প্ৰতিক্ৰিয়া হ’ব নেকি ‘গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী’ কৰাৰ স্বপ্ন ৰচা মুখ্য মন্ত্ৰী সোণোৱালৰ?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd