• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি বিশ্ব মাতৃভাষা দিৱস : অসমৰ বিভিন্ন স্থানৰ জাতীয় বিদ্যালয়ত উদযাপন

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
February 21, 2018 8:10 pm
IMLD_1

অসম জাতীয় বিদ্যালয়ত মাতৃভাষা দিৱস।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিশ্ব মাতৃভাষা দিৱসৰ দিনটোত মাতৃভাষাৰ মাধ্যমেৰে উন্নত শিক্ষা দি অহা তথা মাতৃভাষা মাধ্যমৰ প্ৰতি সৰ্বসাধাৰণৰ আস্থাৰ ভাব জগাই তোলাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বিভিন্ন স্থানৰ জাতীয় বিদ্যালয়বোৰত এই দিৱসটো গুৰুত্বসহ পালন কৰা হয়। গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়, যোৰহাট জাতীয় বিদ্যালয়, হোজাই জাতীয় বিদ্যালয় আজি বিভিন্ন স্থানত এই দিৱস উদযাপনৰ খবৰ আহিছে।

IMLD_2
অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত মাতৃভাষা দিৱসত বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই।

নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত আজি কেইবাটাও কাৰ্য্যসূচীৰে গুৰুগম্ভীৰ অনুষ্ঠান পতা হয়। বিদ্যালয়খনৰ অধ্যক্ষৰ দ্বাৰা বন্তি প্ৰজ্বলেনেৰে আৰম্ভ হোৱা এই সভাখনত বক্তৃতা প্ৰদান কৰে বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে।

Apply Now

যোৰহাটৰ বাতৰি : আন এটা সূত্ৰৰ মতে আজি যোৰহাট  মহাবিদ্যালয়তো আন্তৰ্জাতিক মাতৃভাষা উদযাপন কৰা হয়। ইয়াত উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ মদন শৰ্মা। ড০ গীতাৰ্থ গোস্বামীয়ে সভাখনৰ আঁত ধৰে। অনুষ্ঠানটোৰ সভাপতিত্ব কৰে জাতীয় অভিধানৰ সম্পাদক দেৱব্ৰত শৰ্মা।  সূত্ৰটোৱে জনোৱা মতে, অহা মাহৰ পৰা যোৰহাট কলেজত জাৰ্মান, ফৰাচী, মিচিং, চাদ্ৰি, বাংলা, কথিত ইংৰাজীকে ধৰি দহটা ভাষাৰ পাঠদান হ’ব।

উল্লেখযোগ্য যে যোৱা ২০ বছৰ ধৰি য়ুনেস্কই ২১ ফেব্ৰুৱাৰিৰ দিনটোক বিশ্ব মাতৃভাষা দিৱস হিচাপে উদযাপন কৰি আহিছে। বিশ্বৰ বিভিন্ন ভাষালৈ অহা ভাবুকিৰ প্ৰতি সজাগতা সৃষ্টি কৰা আৰু মাতৃভাষাৰ মাধ্যমেৰে প্ৰাথমিক শিক্ষা দিয়াৰ প্ৰয়োজনক মানুহৰ মাজলৈ লৈ যোৱাক দিৱসৰ প্ৰধান লক্ষ্য হিচাপে স্থিৰ কৰিছে বিশ্ব সংস্থাটোৱে।

অৱশ্যে ভাষাৰ বৈচিত্ৰ্যত দেশৰ ভিতৰতে চহকী উত্তৰ-পূৰ্বাঞ্চলৰ খুব লোকেহে এই দিৱসটো উদযাপন কৰা দেখা যায়। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে উত্তৰ-পূবৰ অঞ্চলৰ ৰাইজ এই ক্ষেত্ৰত বিশেষ সজাগ নহয়। ইয়াৰ বেছিভাগ অভিভাৱকেই নিজৰ সন্তানক মাতৃভাষাৰ মাধ্যমত শিক্ষা নিদিয়ে বা দিয়াৰ সুযোগ নাপায়।

জানিব পৰামতে উত্তৰ-পূবৰ আঠখন ৰাজ্যতে মুঠ ২০০ টাতকৈ অধিক ভাষা আছে। কিন্তু ইয়াৰ বহুবোৰ ভাষা বিপদাপন্ন বুলি বা বিপদাপন্ন হোৱাৰ দিশত থকা বুলি ওলোৱা খবৰে সততে ভাষা কৰ্মীসকলক উদ্বিগ্ন কৰি আহিছে।

অলপতে লোকপিয়ল সঞ্চালকালয়ে দেশৰ ৪০টা ভাষাক সংকটাপন্ন বুলি ঘোষণা কৰিছিল, য’ৰ ১২টা উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা আছে। আনহাতে এই বাৰটাৰ মাজত অসমৰ দুটা (তাই নৰা আৰু তাই ৰং) ভাষা আছে।

আনহাতে কালি বেংগালুৰু বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত এখন ভাষা সম্পৰ্কীয় সভাৰ শেষত Bengaluru Declaration of language equality and linguistic rights এখন ঘোষণাপত্ৰত ইয়াত উপস্থিত প্ৰতিনিধিসকলে চহী কৰে।

এই ঘোষণা পত্ৰৰ এটা প্ৰধান দাবী যে বৰ্তমান অষ্টম অনুসূচীত স্থান দিয়াৰ বাবে যিবোৰ ভাষাৰ পৰা দাবী উঠিছে বা যিবোৰ ভাষাৰ হৈ দাবী উঠিছে সেইবোৰক এটা স্বচ্ছ নীতিৰ ভিত্তিত সোনকালেই স্থান দিব লাগে। উল্লেখযোগ্য যে এই ভাষাবোৰৰ ভিতৰত উত্তৰ-পূবৰ কাৰ্বি, খাচি, কোকবৰক, কমতাপুৰী, মিজো, লিম্বু আদিও আছে।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd