• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমি ৰাজনীতি কৰা মানুহ, ৰাজনৈতিক আচাৰ-ব্যৱহাৰ বুজি পাওঁ : মন্ত্ৰী অতুল বৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 10:39 am
156
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী তথা নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধীতাৰে কালি মহানগৰীৰ আমবাৰীস্থিত কাৰ্য্যালয়ৰ কৃষিমন্ত্ৰী অতুল বৰাই এখনি সংবাদমেলৰ আয়োজন কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সঘনাই তৰ্কত লিপ্ত থকা অগপ আৰু বিজেপিৰ মিত্ৰতা সন্দৰ্ভত কালি মন্ত্ৰী অতুল বৰাই অগপ-বিজেপি ৰ মিত্ৰতাৰ সন্দৰ্ভত সংবাদমেল যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। এই সন্দৰ্ভত মিত্ৰজোঁটৰ মন্ত্ৰীগৰাকীয়ে বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ বিৰুদ্ধে সৰব হৈ পৰাটো পৰিলক্ষিত হয়। তেওঁ উল্লেখ কৰা অনুসৰি অগপ-বিজেপিৰ মিত্ৰতাক লৈ কেন্দ্ৰীয় নেতৃত্বৰ সৈতেহে আলোচনা হৈছিল আৰু এই বিষয়ে প্ৰশান্ত ফুকনৰ লগত কোনো আলোচনা হোৱা নাছিল। ইয়াই উপৰি তেওঁ প্ৰশান্ত ফুকনক তৰল মন্তব্য কৰা বিধায়ক বুলি উক্ত সংবাদমেলত অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াৰ বিৰোধীতা কৰি কয় ‘’আমি ৰাজনীতি কৰা মানুহ, ৰাজনৈতিক আচাৰ-ব্যৱহাৰ বুজি পাওঁ।‘’

উক্ত সংবাদমেল যোগে অগপৰ সভাপতি জনে ‘২০১৮ চনটো অগপৰ বাবে কৰ্ম আৰু সজাগতাৰ বৰ্ষ হ’ব’ বুলি মন্তব্য দাঙি ধৰে। তদুপৰি কেৱল কথা আৰু প্ৰতিশ্ৰুতিৰে নহয়, আগন্তুক বৰ্ষত অসম আৰু অসমবাসীৰ সুৰক্ষিত-সুন্দৰ ভৱিষ্যতৰ স্বাৰ্থত বিভিন্ন দিশত বাস্তৱসন্মত কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ সাজু বুলি সংবাদমেল খনত সদৰি কৰে। ২০১৮ বৰ্ষত অবৈধ বাংলাদেশীৰ সমস্যা সমাধান আৰু ঐতিহাসিক অসম চুক্তিৰে সম্পৰ্কিত- এই দুটা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কাম কৰি যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয়।

অগপৰ মতে অসম চুক্তিক উলংঘা কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কখনে, গতিকে চুক্তিক উলংঘা কৰা এনে বিধেয়ক গৃহীত হোৱাৰ অগপই কোনো কাৰণতে পক্ষপাতিত্ব নহয় বুলি সংবাদমেলত অতুল বৰাই মন্তব্য কৰে। আনহাতে অগপই ৩১ ডিচেম্বৰৰ মাজনিশা প্ৰকাশ পাবলগীয়া খচৰা সঁচা অৰ্থত নিখুছ হোৱাটো বিচাৰে আৰু এজনো অবৈধ বাংলাদেশীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত নহয় তথা এজনো ভাৰতীয়ৰ নাম যাতে খচৰাৰ পৰা বাদ নপৰে তাৰ প্ৰতি দলটো সজাগ থাকিব বুলি সংবাদমেল যোগে সদৰী কৰে। অৱশ্যে মন্ত্ৰী অতুল বৰাই অসমৰ থলুৱা বাংলা ভাষী লোক সকলৰ বিৰোধী নহয় আৰু তেওঁলোক যে অবৈধ বাংলাদেশীৰ হে বিৰোধী, সেই কথা সংবাদমেলখনৰ জৰিয়তে জানিবলৈ দিয়ে। লক্ষণীয় যে ১৯৮৫ চনৰ গৰিমা পুনৰ ঘুৰাই অনাৰ লক্ষ্যৰে আগন্তুক বৰ্ষত কাম কৰি যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd