• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফা-চৰকাৰ আলোচনাত অনিশ্চয়তা : জিতেন দত্তৰ ‘ৰাষ্ট্ৰদ্ৰোহ’, সশস্ত্ৰ পথলৈ ‘কাকপথাৰ কেম্প’?

দিবাকৰ বৰুৱা by দিবাকৰ বৰুৱা
May 11, 2018 4:45 pm
Stop 'Beef-pork' politics in Assam, let us remain Assamese: pleads ULFA leader Jiten Dutta

জিতেন দত্তৰ ফাইল ছবি।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা নেতা জিতেন দত্ত ( Jiten Dutta, ULFA )ৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়াটোৱে চূড়ান্ত স্তৰত থকা বুলি দাবী কৰা আলফা-চৰকাৰৰ আলোচনাটোলৈকে অনিশ্চয়তা নমাই আনিছে। ‘স্বাধীনতাৰ দাবী এৰি ইমান ত্যাগৰ পিছত এইদৰে নাকী লগাব খুজিলে আলোচনাৰ কিবা মূল্য আছে নেকি?’ বুলি নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা কথা বতৰাত জিতেন দত্তই আজি ১০ মে’ত ক্ষোভ প্ৰকাশ কৰিছে।

যোৱা ৭ এপ্ৰিলত আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই গুৱাহাটীৰ এক সংবাদমেলত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে কৈছিল যে চৰকাৰ-আলফাৰ আলোচনা চূড়ান্ত স্তৰত আছে আৰু ‘আলোচনালৈ অহা আলফাৰ সকলো দাবী যুক্তিযুক্ত’।

Apply Now

কিন্তু বিজেপি চৰকাৰে নাগৰিকত্ব আইন সংশোধনেৰে বিদেশীক ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ বাবে কৰা প্ৰস্তাৱে জিতেন দত্তই কোৱা অনুসৰি আলফাৰ সৈতে চলি থকা আলোচনাৰ ‘আধাৰটোকে’ অগ্ৰাহ্য কৰিছে।

অস্ত্ৰবিৰতি ঘোষণা কৰা জিতেন দত্ত আদিৰ নেতৃত্বাধীন গোটৰ দাবী চনদৰ তিনিটা প্ৰধান দাবী আছিল- ভাৰতীয় সংবিধানৰ আধাৰত অসমলৈ অধিক আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ, অসম চুক্তিৰ আধাৰত বিদেশী বহিষ্কাৰ কৰা আৰু অসমত দ্বি নাগৰিকত্বৰ ব্যৱস্থা কৰা। আৰু ২০১১ চনত আলোচনালৈ অহা অৰৱিন্দ ৰাজখোৱাপন্থী গোটৰ সৈতে কাকপথাৰ গোটে একেলগে চৰকাৰৰ সৈতে আলোচনা চলাই আছে।

জিতেন দত্তই নৰ্থ ইষ্ট নাও-ক জনোৱা মতে ‘চূড়ান্ত স্তৰত থকা আলোচনাটো উক্ত দাবীকেইটাই আলোচনাৰ মূল আধাৰ।’

বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়কক লৈ অসমত শুনানি অনুষ্ঠিত হোৱাৰ পিছত এতিয়া স্বাভাৱিকতেই কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীজনৰ লগতে আলফা নেতা অনুপ চেতিয়ায়ো শেহতীয়াকৈ ‘চূড়ান্ত স্তৰত’ আছে বুলি দাবী কৰা আলোচনাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

জিতেন দত্তই কৈছে যিহেতু উক্ত দাবীসমূহৰ ভিত্তিত অস্ত্ৰবিৰতিৰ সিদ্ধান্ত লোৱা হৈছিল, গতিকে তেওঁলোকৰ দাবীসমূহৰ বিপৰীত কাম চৰকাৰে কৰিলে আলোচনা ত্যাগ কৰাৰ বাহিৰে তেওঁলোকৰ আন উপায় নাথাকিব। আৰু তেওঁলোক যিহেতু সশস্ত্ৰ সংগঠন, গতিকে আলোচনা প্ৰত্যাহাৰ কৰা মানে হ’ব পুনৰ অস্ত্ৰ গ্ৰহণ!

ফলত প্ৰশ্ন উঠিছে বিশ্বাসঘাতকতা কাৰ- অস্ত্ৰ এৰি পুনৰ অস্ত্ৰ লোৱাৰ হুংকাৰ দিয়া জিতেন দত্তৰ নে ‘শান্তি আৰু উন্নয়নৰ’ কথা কোৱা চৰকাৰৰ?

প্ৰণিধানযোগ্য যে ‘কাকপথাৰ কেম্প’ নামেৰে জনাজাত আলফা, ব্ৰাভ’ আৰু চাৰ্লি গোট আলফাৰ আটাইতকৈ শক্তিশালী গোট আৰু তেওঁলোকে অস্ত্ৰসম্বৰণ এতিয়াও কৰা নাই। জিতেন দত্তই ক’লে তেওঁলোকক ধৰি-বান্ধি আলোচনালৈ অনা হোৱা নাছিল!

ulfa
প্ৰবাল নেওগৰ ঘৰত বহা আলফাৰ বৈঠকৰ ছবি

যোৱা ৯ মে’ত প্ৰবাল নেওগৰ ঘৰত অস্ত্ৰবিৰত ‘কাকপথাৰ কেম্প’ৰ বহিছে জৰুৰী বৈঠক। উত্থাপন হৈছে পুনৰ অস্ত্ৰগ্ৰহণৰ প্ৰস্তাৱ।

২০০৮ চনৰ ২৪ জুনত ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে নিজাববীয়াকৈ অস্ত্ৰবিৰতি ঘোষণা কৰি আলফাৰ ২৮ নং বেটেলিয়নৰ এ’ আৰু চি কাম্পেনিয়ে কমাণ্ডাৰ মৃণাল হাজৰিকা আৰু এ’ গোটৰ কমাণ্ডাৰ জিতেন দত্তৰ নেতৃত্বত তেতিয়াৰ মুখ্য মন্ত্ৰী তৰুণ গগৈৰ জৰিয়তে প্ৰধান মন্ত্ৰী মনমোহন সিঙলৈ তেওঁলোকৰ দাবী চনদ প্ৰেৰণ কৰিছিল। পিছত উক্ত অস্ত্ৰবিৰত দলটোৰ সৈতে ২৮ নং বেটেলিয়নৰ কমাণ্ডাৰ প্ৰবাল নেওগ আৰু চি কাম্পেনিৰ কমাণ্ডাৰ বিজয় চাইনিজেও যোগ দিছিল।

নাগৰিকত্ব বিধেয়কৰ পিছতে জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ মুখত শুনা গৈছে ‘বিপ্লৱ পথৰ’ কথা। অখিল গগৈয়ে কৈছে পুনৰ উত্থাপন হ’ব ‘স্বাধীনতাৰ প্ৰস্তাৱ’। আছুৰ সমুজ্জ্বল ভট্টাচাৰ্য্য আৰু লুৰীনজ্যোতি গগৈয়ে কালি শ্বিলঙত শুনানিত ভাগ লৈ কৈছে যে এই বিধেয়কৰ বিৰুদ্ধে নেছ’ৰ বেনাৰত ঐক্যবদ্ধ হৈছে উত্তৰ-পূবৰ সকলো ছাত্ৰ সংগঠন।

আনকি অসমৰ বৰ্তমান জীৱিত সৰ্বাধিক কালৰ মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে দিছে নাগৰিকত্ব বিধেয়কক লৈ ‘গণভোটৰ প্ৰস্তাৱ’!

স্বয়ং প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে দাবী কৰিছে আলফা (স্বাঃ)ৰ সদস্য ভৰ্তি বৃদ্ধি পাইছে। চ’চিয়েল মীডিয়াত শ্বেয়াৰ হৈছে ৯০ৰ দশকৰ বিভীষিকাময় ৰাষ্ট্ৰ সন্ত্ৰাসৰ ছবি।

প্ৰশ্ন উঠিছে অসমৰ আকাশত দেখা দিয়া বিদেশীৰ কাল এন্ধাৰৰ লগতে নামি আহিব নেকি ৯০ দশকৰ এই ভয়াৱহ সংঘাতৰ দিনবোৰ?

দিবাকৰ বৰুৱা

দিবাকৰ বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৩ জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং; গুৱাহাটীত যান-বাহন চলাচলত নতুন পথ নিৰ্দেশনা

১৩ জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং; গুৱাহাটীত যান-বাহন চলাচলত নতুন পথ নিৰ্দেশনা

July 11, 2026 1:17 pm
ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

July 11, 2026 12:19 pm
ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৩ জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং; গুৱাহাটীত যান-বাহন চলাচলত নতুন পথ নিৰ্দেশনা

১৩ জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং; গুৱাহাটীত যান-বাহন চলাচলত নতুন পথ নিৰ্দেশনা

July 11, 2026 1:17 pm
ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

July 11, 2026 12:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd