ঈদ-উল-ফিটৰ উপলক্ষে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণৰ লগতে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচছা জ্ঞাপন কৰিছে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ ,বিজ্ঞপ্তিৰ জৰিয়তে মুখ্য মন্ত্ৰীয়ে কয় যে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পৱিত্ৰ ৰমজান মাহত ভক্তিৰে উপৱাসে থাকি পালন কৰা ঈদল ফিতৰে সমাজত আধ্যাত্মিকতাৰ ভাবধাৰা অধিক শক্তিশালী ৰূপত প্ৰকাশ কৰি আহিছে।
এই পৱিত্ৰ উৎসৱৰ জৰিয়তে বিশ্ব শান্তি, সাৰ্বজনীন ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰী অধিক শক্তিশালী ৰূপত প্ৰকট হৈ সমাজ জীৱন আৰু অধিক উজ্জ্বীৱিত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
প্ৰেছ বিজ্ঞপ্তিটোৰ জৰিয়তে মুখ্য মন্ত্ৰীয়ে ঈদ-উল-ফিটৰ পালনে ৰাজ্যখনত বসবাস কৰা সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত এক্য, শান্তি, সমন্বয় আৰু ভাতৃত্বৰ বোন্ধোন অধিক সুদৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰে।