• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ১২খন ৰাজ্যত ব্ৰইলাৰ মুৰ্গীৰ কৃত্ৰিম নাটনি সৃষ্টিৰ চক্ৰান্ত ফাদিল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 19, 2018 7:18 am
Broiler
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত ব্ৰইলাৰ আৰু ক্ৰইলাৰ কুকুৰাৰ কৃত্ৰিম নাটনিৰ অভিসন্ধি ৰচনা কৰিছে এই দুবিধ কুকুৰা উৎপাদন কৰা বৃহৎ সংস্থাই। এটা অনুসন্ধানৰ পৰা গম পোৱা গৈছে যে চৰকাৰৰ উদাসীনতাৰ সুযোগ লৈ ব্ৰইলাৰ আৰু ক্ৰইলাৰ মুৰ্গীৰ কৃত্ৰিম নাটনিৰে দাম বৃদ্ধি কৰি গ্ৰাহকৰ মূৰত মাধমাৰ সোধোৱাৰ অপচেষ্টাত লিপ্ত হৈছে ‘ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভলপমেণ্ট ফ’ৰাম’ নামৰ সংস্থাটোৱে।

উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ লগতে পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ঝাৰখণ্ডত মুৰ্গীৰ পোৱালি যোগান ধৰা ‘ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভলপমেন্ট ফৰাম’ নামৰ সংস্থাটোৰ এনে ষড়যন্ত্ৰমূলক সিদ্ধান্তৰ কথা পোহৰলৈ আনিছে।

Apply Now

উল্লেখযোগ্য যে যোৱা ১৩ মে’ত গুৱাহাটীত অনুষ্ঠিত ‘ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভলপমেন্ট ফ’ৰাম’ৰ এক সভাৰ সিদ্ধান্ত মৰ্মে ১৬ মে’ত এক জাননী প্ৰেৰণ কৰা হয় এই ১২খন ৰাজ্যৰ সকলো ধৰণৰ উৎপাদকলৈ। ইয়াত সকলো কৃত্ৰিমভাৱে মুৰ্গী উৎপাদনকাৰী ফাৰ্মক অহা ২৬ মে’ মাজনিশাৰ পৰা ২ জুন মাজনিশালৈ সম্পূৰ্ণ এসপ্তাহৰ বাবে কৃত্ৰিম পদ্ধতিৰে মুৰ্গীৰ কণী উমনি দিয়া প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি স্থানীয় উৎপাদকসকলক ২৭ মে’ৰ পৰা ৩১ মে’ পৰ্যন্ত উমনিৰ বাবে ব্যৱহৃত কণী বিক্ৰী বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে।

Notice

‘ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভলপমেন্ট ফৰাম’ৰ সভাপতি ড০ এ কে ভাগৱতী আৰু সাধাৰণ সম্পাদক মদন মোহন মেইতি স্বাক্ষৰিত জাননীখনত এই কথাও উল্লেখ কৰিছে যে কৃত্ৰিম উমনি বন্ধ ৰখাৰ ফলত জুন মাহৰ ১৭ তাৰিখৰ পৰা ২৩ তাৰিখলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বিহাৰ, পশ্চিম বংগ, ঝাৰখণ্ড আৰু উৰিষ্যাত এদিনীয়া মুৰ্গী পোৱালি উপলব্ধ নহ’ব।

‘ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভলপমেন্ট ফৰাম’ নামৰ এই সংস্থাটোৱে হঠাৎ গ্ৰহণ কৰা এনে এক সিদ্ধান্তই যে অসমৰ লগতে আন আন ৰাজ্যকেইখনৰ ব্ৰইলাৰ আৰু ক্ৰইলাৰ মুৰ্গীৰ বজাৰত যে মূল্যবৃদ্ধিৰ জুই লগাব সেয়া নিশ্চিত হৈ পৰিছে। কিয়নো এক বৃহৎ পৰিমাণৰ ব্ৰইলাৰ আৰু ক্ৰইলাৰ মুৰ্গী উৎপাদন কৰা এই সংস্থাটোৱে উৎপাদন বন্ধ ৰখাৰ ফলত জুন মাহৰ শেষ ভাগলৈ স্বাভাৱিকতেই বজাৰত ব্ৰইলাৰ আৰু ক্ৰইলাৰ মুৰ্গীৰ নাটনিয়ে দেখা দিব।

আনহাতে এই সময়ছোৱাৰ ভিতৰত বাহিৰৰ পৰাও এই ৰাজ্যকেইখনলৈ পোৱালি আমদানি কৰাত বাধা দিয়া হৈছে। গ্ৰাহকৰ মাজত যথেষ্ট চাহিদা থকা ব্ৰইলাৰ আৰু ক্ৰইলাৰ মুৰ্গীৰ এনেদৰে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অসাধু চক্ৰটোৱে দাম বঢ়োৱাৰ চক্ৰান্ত কৰাৰ কথা স্পষ্ট হৈ পৰিছে।

জাননীখনত চক্ৰটোৱে এই সিদ্ধান্ত উৎপাদকৰ বৃহত্তৰ স্বাৰ্থত লোৱা হৈছে বুলি স্পষ্টকৈ উল্লেখ কৰাৰ লগতে ইয়াৰ দ্বাৰা উৎপাদকসকলে সন্মুখীন হোৱা লোকচান বচাব পৰা যাব বুলি কয়।

আনহাতে, ‘ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভলপমেন্ট ফৰাম’ৰ এই সিদ্ধান্ত সম্পৰ্কে অৱগত নহয় অসম চৰকাৰ। অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মাণ্ডলিক আয়ুক্ত মুক্তি গগৈৰ সৈতে যোগাযোগ কৰাত তেওঁ এই বিষয়ত কোনো কথা জ্ঞাত নহয় বুলি নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

বিষয়াগৰাকীয়ে লগতে সংস্থাটোৰ লগত যোগাযোগ কৰি বিষয়টোৰ বুজ লোৱাৰ লগতে সংস্থাটোৱে অসমত কিমান পৰিমাণৰ মুৰ্গী যোগান ধৰে সেয়া নিশ্চিত কৰাৰ আশ্বাস দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm
সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

June 21, 2026 2:45 pm
স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

June 21, 2026 1:34 pm
মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm
সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

June 21, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd