• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ আই ইউ ডি এফৰ সৈতে মিতিৰালিক কেন্দ্ৰ কৰি তুংগত উঠিছে কংগ্ৰেছ-বিজেপিৰ বাক-বিতণ্ডা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 25, 2018 10:49 am
Ajmal

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত জলন্ত সমস্যাই লগ নেৰা সময়তে বোকা চটিওৱা ৰাজনীতিত লিপ্ত হৈ পৰিছে ৰাজ্যৰ শাসক-বিৰোধী। এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছ-বিজেপি দুয়োপক্ষৰে মিতিৰালি আছে বুলি অভিযোগ উত্থাপন কৰি নামি পৰিছে তীব্ৰ বাক-বিতণ্ডাত। কংগ্ৰেছে বিজেপিক এ আই ইউ ডি এফ দলৰ পৰিপূৰক আখ্যা দিয়াৰ বিপৰীতে বিগত বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলক এ আই ইউ ডি এফৰ বি-টীম আখ্যা দিছে বিজেপিয়ে।

আনহাতে কংগ্ৰেছৰ অধিকাংশ মুছলমান বিধায়কেই বাংলাদেশী মূলৰ বুলি ৰাজিক্য বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে কৰা বিতৰ্কিত মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া কৰি সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইনে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয়- ‘অসমৰ ইতিহাসৰ সম্যক জ্ঞানৰ অভাবৰ বাবে বিজেপি দলৰ মুখপাত্ৰ মমিনুল আৱালে এনেধৰণৰ আবন্তৰ মন্তব্য কৰিছে। বাংলাদেশৰ জন্ম হোৱাৰ বহু শতিকা পূৰ্বে অসমলৈ আহিছে এইসকল মুছলমান। অসমীয়া বৃহত্তৰ জাতিৰ অন্যতম অংগস্বৰূপ হৈ পৰা মুছলমান সম্প্ৰদায়ৰ কংগ্ৰেছী বিধায়কসকলক পূৰ্ববংগীয় মূলৰ বুলি কৈ অসমৰ সমগ্ৰ মুছলমানকে অপমান কৰিছে।‘

Apply Now

ইয়াৰ প্ৰত্যুত্তৰত বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি কংগ্ৰেছ দলক এ আই ইউ ডি এফৰ বি টীম আখ্যা দিয়ে। আৰু লগতে কয় যে কংগ্ৰেছক পূৰ্ববংগীয় মুছলমানৰ কথা ক’লেই তেওঁলোক জাঙুৰ খায় উঠে। দলটোৱে একমাত্ৰ ভোটবেংকৰ স্বাৰ্থতে অসমখনক অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিলে।

‘কংগ্ৰেছ দলৰ ২৫ গৰাকী বিধায়কৰ ১৫ জনেই মুছলমান সম্প্ৰদায়ৰ আৰু তাৰে ১৫ গৰাকীয়ে পূৰ্ববংগীয় মূলৰ। কংগ্ৰেছ দলে কেৱল অবৈধ মুছলমানৰ হৈ ৰাজনীতি কৰি আহিছে’ বুলিও প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰে গোস্বামীয়ে।

ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইনে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে উল্লেখ কৰি কয়, ‘যোৱা বিধানসভা নিৰ্বাচনত বিজেপি আৰু এ আই ইউ ডি এফে গোপন বুজা-বুজি কৰিছিল। যাৰ বাবে নিজৰ একেবাৰে গণভিত্তি নথকা সমষ্টিতো এ আই ইউ ডি এফ দলে প্ৰাৰ্থীত্ব আগবঢ়াইছিল। এ আই ইউ ডি এফ দলৰ বাবেই কংগ্ৰেছে বিগত নিৰ্বাচনত ৩৫ খন আসন হেৰুৱাবলগীয়া হয়। এই কথাই প্ৰমাণ কৰে যে এ আই ইউ ডি এফ দলৰ বাবেই অসমত বিজেপি চৰকাৰ ক্ষমতালৈ আহিছে’।

তাৎপৰ্য্যপূৰ্ণ কথা যে সমগ্ৰ দেশৰ লগতে ৰাজ্যত বৃদ্ধি পোৱা ধৰ্ষণ আৰু হত্যাক পুনৰবাৰ সাম্প্ৰদায়িকতাৰ ৰহন সানিছে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে। গোস্বামীয়ে সংবাদ মাধ্যমক প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিত স্পষ্ট ৰূপত প্ৰকাশ কৰে যে শতকৰা ৯০ শতাংশ পূৰ্ববংগীয় লোকে ধৰ্ষণ-লুন্ঠন আদি অপৰাধমূলক কাম-কাজত জড়িত।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd