• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন ডি এ চৰকাৰে দেশত সংকীৰ্ণতাক উৎসাহ দিয়াৰ কাম কৰিছে : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2018 9:38 pm
shashi-tharoor-in-shillong

শ্বিলঙত এখন সংবাদমেল সম্বোধন কৰাৰ সময়ত শশী থাৰুৰ।

125
VIEWS
Share on FacebookShare on Twitter

এন ডি এ চৰকাৰে দেশত সংকীৰ্ণতাক উৎসাহ দি আহিছে। লগতে এই চৰকাৰখনে দুমুখীয়া নীতি গ্ৰহণ কৰে। বিজেপিয়ে মেঘালয়ত সকলোৰে বাবে হৃদয় খুলি দিছে। কিন্তু দিল্লীত বিজেপি চৰকাৰে গাৰো পাহাৰত অলপতে খ্ৰীষ্টান ধৰ্ম প্ৰতিষ্ঠাৰ ১৫০ বছৰ উপলক্ষে উদযাপিত অনুষ্ঠানত উপস্থিত থাকিবলৈ আহিব খোজা পাষ্টৰক ভিছা অস্বীকাৰ কৰে।

এই সমস্ত অভিযোগ আনে আজি মেঘালয়ত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা দলটোৰ এজন গুৰুত্বপূৰ্ণ নেতা শশী থাৰুৰে। তেওঁ মেঘালয়ৰ ভোটাৰসকলক বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনায়।

আজি শ্বিলঙত কেইটামান সমষ্টিত প্ৰচাৰ চলোৱাৰ পূৰ্বে থাৰুৰে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে।

‘এইখন এনেকুৱা এখন চৰকাৰ, যাৰ কোনো চকুত পৰা সফলতা নাই। এই চৰকাৰখনে কৰি থকাৰ ভিতৰত ভাৰতৰ ছবিখন সলনি কৰাৰ চেষ্টা কৰি আছে। ৭০ বছৰ ধৰি আমি ভাৰত নিৰ্মাণ কৰিবলৈ চেষ্টা কৰি আছো। আনকি প্ৰথমখন এন ডি এ চৰকাৰেও ‘সকলো স্তৰৰ মানুহৰ ভাৰতখন’ বিকৃত কৰিবলৈ সাহস কৰা নাছিল।’ এইদৰে কয় থাৰুৰে।

তেওঁ লগতে কয় যে বিজেপিয়ে মেঘালয়লৈ আহি বিজেপি শাসিত ৰাজ্যবোৰত খ্ৰীষ্টানসকলৰ প্ৰতি সদয় হোৱাৰ কথা কয়। কিন্তু খ্ৰীষ্টানসকলে বহুতো অপঘটনাৰ মাজেৰে সময় পাৰ কৰিছে।

আনহাতে তেওঁ বিজেপিৰ মিত্ৰ দল এন পি পিকে ধৰি আন আন আঞ্চলিক দলবোৰকো আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে এই দলবোৰে মেঘালয়ৰ মানুহক নিজাকৈ নিৰ্বাচন খেলা বুলি কৈ আছে। কিন্তু এইবোৰে প্ৰকৃততে ভিতৰি ভিতৰি বিজেপিৰ মিত্ৰ হিচাপে নিজকে সংলগ্ন কৰি ৰাখিছে।

বিজেপি আৰু মিত্ৰ দলবোৰক সমালোচনা কৰাৰ বিপৰীতে নেতাজনে মেঘালয়ত মুকুল চাংমা নেতৃত্বাধী কংগ্ৰেছ চৰকাৰখনৰ প্ৰশংসা কৰে। বিশেষকৈ শিক্ষা আৰু স্বাস্থ্যখণ্ডত উল্লেখযোগ্য অগ্ৰগতি হোৱা বুলি দাবী কৰে।

শিক্ষা খণ্ডত মেঘালয়ে কেৰালাক অতিক্ৰম কৰা কথাটো উল্লেখ কৰে। লগতে তেওঁ স্বাস্থ্যখণ্ডৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰে মেঘালয়ৰ পৰা স্বাস্থ্য বীমাৰ ধাৰণাটো ধাৰ কৰা বুলি কয়।

Recent News

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd