• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এপিএছচি কেলেংকাৰী : দালালৰ বিৰুদ্ধেও অভিযান চলোৱাৰ প্ৰস্তুতি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2018 7:12 am
APSC-building.-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এপিএছচিত ধনৰ বিনিময়ত চাকৰি লোৱা বৃহৎ কেলেংকাৰীৰ তদন্তৰ দিশত আৰক্ষীয়ে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা এচিএছ বিষয়াকে ধৰি আন বিষয়াসকলৰ মুক্তিৰ পথ ৰুদ্ধ হৈ পৰাৰ পিছত এইবাৰ বাকী থকা আন বহু বিষয়াকে ধৰি কেলেংকাৰীটোত জড়িত কেইবাজন দালালো অচিৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।

নিজৰ সাংবিধানিক পদবীৰ অপব্যৱহাৰ কৰি অসম লোকসেৱা আয়োগক চাকৰিৰ বজাৰলৈ পৰিণত কৰা ৰাকেশ পাল আৰু তেওঁৰ সংগীসকল আইনী ব্যৱস্থাৰ পৰা ৰেহাই পোৱাৰ বাট ক্ৰমে স্তব্ধ হৈ পৰিছে। মুখ্যমন্ত্ৰী সোণোৱালৰ কঠোৰ স্থিতিৰ বাবে এপিএছচি কেলেংকাৰীৰ তদন্তই এটা ফলাফল দাঙি ধৰিব বুলি বিভিন্ন মহলত চৰ্চিত হৈছে।

Apply Now

এক সূত্ৰৰ পৰা জানিব পৰা মতে বক্ৰ পথেৰে ধনৰ বিনিময়ত চাকৰি ক্ৰয় কৰা কেইবাজনো ৰাজপত্ৰিত বিষয়া শীঘ্ৰেই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। ফৰেনছিক লেবৰেটৰীৰ পৰা প্ৰতিবেদন লাভ কৰা এই বিষয়া সকলৰ বিৰুদ্ধে দুই এদিনতে অভিযান চলোৱা হ’ব পাৰে বুলিও সূত্ৰটোৱে ইংগিত দিছে।

ডিব্ৰুগড় আৰক্ষীয়ে এই চৰকাৰী বিষয়াসকলৰ বিৰুদ্ধে অভিযান চলোৱা আৰু আইনী পদক্ষেপ গ্ৰহণৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। তদন্তকাৰী বিষয়াই অহা দুমাহৰ ভিতৰত লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ হৈ উঠিব বুলি ইতিমধ্যে ঘোষণা কৰিছে।

তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত বাকী আইনী প্ৰক্ৰিয়া অব্যাহত থাকিব তথা আৰক্ষীৰ হাতত মজুত থকা নথি পত্ৰৰ ভিত্তিত অভিযুক্ত বিষয়াৰ বিৰুদ্ধে অভিযানো চলি থাকিব।

আনহাতে, আৰক্ষীয়ে তদন্তৰ সময়ত লাভ কৰা তথ্যৰ ভিত্তিত ৰাকেশ পাল আৰু তেওঁৰ সংগীসকলৰ হৈ দালালি কৰা ১২ জন দালালক চিনাক্ত কৰিছে। ইতিমধ্যে আৰক্ষীয়ে চাৰিজন দালালক গ্ৰেপ্তাৰ কৰিছে। ডিব্ৰুগড় আৰক্ষীয়ে ৰাকেশ পালৰ দালাল নৰকান্ত পাটিৰৰ জৰিয়তে গোটেই কেলেংকাৰীটো পোহৰলৈ উলিয়াই আনিছিল। পাটিৰৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আয়োগৰ সদস্য ছামেদুৰ ৰহমানৰ দেহৰক্ষী তথা দালাল মাবুদ আলী চৌধুৰীক। ৰাকেশ পালৰ আন দুজন দালাল আছিল আয়োগৰ কৰ্মচাৰী মুছাৰফ হুছেইন আৰু আব্বাছ আলী আহমেদ।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে ৰাকেশ পালৰ মূল দালাল হিচাপে কাম কৰিছিল ভাতৃ ৰাজীৱ পাল আৰু গাড়ীচালক সুদীপ্ত পালে। তদুপৰি পশু চিকিৎসক মৃগেন শইকীয়া পালৰ অন্যতম দালাল আছিল।

জানিব পৰা মতে ৰাকেশ পালৰ এই চাকৰি বিক্ৰীৰ কেলেংকাৰীৰ দালালসকলৰ ভিতৰত আছে একেধৰণে বক্ৰ পথেৰে চাকৰি ক্ৰয় কৰা এজন আৰক্ষী উপ- অধীক্ষক, এজন সাংবাদিক, এজন বিল্ডাৰ, এগৰাকী অভিনেত্ৰী, এজন অটোচালক আৰু অনুকূল ঠাকুৰৰ দুজন ভক্ত। এই সকলৰ বিৰুদ্ধে শীঘ্ৰেই আৰক্ষীৰ অভিযান চলিব বুলি এক নিৰ্ভৰযোগ্য সূত্ৰে জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd