• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

এসময়ত কলেজৰ অধ্যাপক আছিল অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰধান পল্লৱ ভট্টাচাৰ্য্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 2, 2018 11:39 pm
PallabBhattacharya

মুখামুখি অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ শাখাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্য।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ তাৰিখত পল্লৱ ভট্টাচাৰ্য্য সুদক্ষ তথা শীৰ্ষস্থানীয় আৰক্ষী বিষয়া যদিও তেওঁ নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল এগৰাকী প্ৰবক্তা হিচাপে। বহুতে হয়তো এই কথা নাজানে যে ১৯৮২ চনৰ পৰা ১৯৮৫ চনলৈ তেওঁ বজালী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰিছিল। ১৯৮৫ চনৰ পৰা ১৯৯৬ চনলৈকে তেওঁ অ’ এন জি চিৰ চাকৰিতো নিয়োজিত আছিল গুজৰাটত। তাৰ পিছত আই পি এছ হিচাপে প্ৰথমে হাইলাকান্দিত মহকুমা আৰক্ষী বিষয়া হিচাপে নিয়োজিত হৈছিল। তেওঁ বৰ্তমান অসম আৰক্ষীৰ বিশেষ শাখাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত।

আজিৰ এটা মুখামুখি অনুষ্ঠানত আৰক্ষী বিষয়াজনে এইদৰে নিজৰ বহু কথাই প্ৰকাশ কৰে। বহু ব্যক্তিগত কথাৰ লগতে অসমৰ বৰ্তমানৰ সমাজ-ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভতো মন্তব্য কৰে।

Apply Now

অসম আন্দোলনৰ সৈতেও পল্লব ভট্টাচাৰ্য্য জড়িত হৈ পৰিছিল। দুলীয়াজান অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰি স্কুলত শিক্ষা জীৱন আৰম্ভ কৰা ভট্টাচাৰ্য্যই ১৯৭৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত নৱম স্থান দখল কৰিছিল। তাৰ পিছতে ১৯৭৭ চনত কটন মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত অসমৰ ভিতৰত তেওঁ দ্বিতীয় স্থান দখল কৰিছিল। ১৯৭৯ চনত কটনৰ পৰাই পদাৰ্থ বিজ্ঞানত মেজৰ লৈ প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হয়। ইয়াৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত প্ৰথম শ্ৰেণীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।  সমগ্ৰ শৈক্ষিক কেৰিয়াৰতে উচ্চ পৰ্য্যায়ৰ মেধাশক্তিৰ পৰিচয় দিয়া পল্লব ভট্টাচাৰ্য্যৰ

নিজৰ ভাষাত কিছু কথা :

“মই গভীৰভাৱে অসম আন্দোলনৰ সৈতে জড়িত নাছিলো, কিন্তু যোগাযোগ কৰিব লগীয়া হৈছিল। অসম আন্দোলনৰ সময়ছোৱাত মোৰ সৈতে দুই-এটা আমোদজনক ঘটনা ঘটিছিল। ১৯৮২ চনত যেতিয়া বজালী মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰিলো, তেতিয়া অসম আন্দোলনৰ ভৰপক আছিল। মোৰ এতিয়াও মনত আছে, মই প্ৰবক্তা হিচাপে থাকোতেও সেইসময়ৰ পৰিস্থিতিটো ইমানেই বেয়া আছিল যে বজালী অঞ্চলটো আন্দোলনৰ প্ৰধান ঘাটি আছিল। আমাকো আন্দোলনকাৰী বুলি ভাবিছিলে সেইসময়ৰ চৰকাৰে।

১৯৮২ চনত নিৰ্বাচনৰ সময়ত আমি তাৰ পৰা পলাই যাবলগীয়া হ’ল। তেতিয়া ভূটান সীমান্তত জয়কৃষ্ণ নামৰ বজালী কলেজৰে সহযোগী এজনৰ ঘৰত এমাহ ধৰি থাকি আমি ঘূৰি আহিছিলো।

বৰ্তমানো যি অৱস্থা আহি পৰিছে, বহুতে সেই আগৰ পৰিস্থিতি ঘূৰি অহা বুলি বহুতে ভাবে।

অসমৰ নৱ প্ৰজন্মৰ কৰ্মস্পৃহা সন্দৰ্ভত তেওঁ কয় :

আমাৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলে এটা কথাই ভাবিব লাগে যে তেওঁলোকে কেনেকৈ প্ৰশাসনিক বিষয়া হ’ব পাৰে। কাৰণ তেওঁলোক প্ৰশাসনিক বিষয়া হ’লে অসমখনৰ প্ৰশাসনিক দিশত অৰিহণা যোগাব পাৰে। তেওঁলোকে প্ৰশাসনিক বিষয়া হোৱাটো এটা লক্ষ্য হিচাপে ল’ব লাগে। যদিহে মানুহজন অসমৰ হয়, তেতিয়াহে তেওঁ অসমৰ প্ৰশাসনিক দিশটো উন্নতি কৰিব পাৰিব।

অবৈধ বাংলাদেশীৰ সমস্যাৰ বিষয়ত :

অসমৰ বাংলাদেশীৰ সমস্যাৰ বিষয়ত মই কিন্তু এটা কথা সদায় কওঁ- এই সমস্যাটো কিয় আহিল? মোৰ মাটিডৰাত যদি মই ভালদৰে খেতি কৰো তেন্তে বেলেগ মানুহ আহি ইয়াত সোমাব নোৱাৰে। মই মোৰ চাকৰি জীৱনত দুই-এটা অভিজ্ঞতা পাইছো। যিবোৰ সমস্যা সাধাৰণ মানুহে গম নাপাব পাৰে। কেইজনমান বাংলাদেশী মানুহক শিৱসাগৰ জিলাত খিলঞ্জীয়া সংগঠন কিছুমানে ধৰিছিল আৰু বাংলাদেশী বুলি আৰক্ষীৰ হাতত গতাই দিছিল। তেতিয়া আমি তেওঁলোকক সোধাত কৈছিল যে তেওঁলোকৰ হাতত পাছপৰ্ট আছে। তেওঁলোকে পানী সিঁচি মাছ ধৰে। তাৰ পিছত তেওঁলোকক পইচা দিয়ে আৰু পইচা লৈ পাছপৰ্ট সংগ্ৰহ কৰি বাংলাদেশলৈ গুচি যায়।

মই এইটো এটা উদাহৰণ হিচাপেহে লৈছো। এনে বহুত উদাহৰণ আছে। যিসকল লোকে বিভিন্ন কামত নিয়োগ হৈ আছে, তেওঁলোকক মই বাংলাদেশী বুলি নকওঁ। তেওঁলোক হৈছে বহুত কষ্ট কৰিব পৰা মানুহ। কষ্ট কৰাৰ কাৰণে তেওঁলোকে এনেকুৱা সুবিধা পাইছে। আমাৰ অসমীয়া মানুহেও যদি এনেকুৱা ধৰণৰ কষ্টসাধ্য কামসমূহ কৰিলেহেঁতেন, তেতিয়াহ’লে বাহিৰৰ পৰা কোনো মানুহ আহি ইয়াত কাম কৰাৰ সুবিধা লাভ কৰিব নোৱাৰিলেহেঁতেন। এই কথা মোৰ ৩০-৩১ বছৰৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো।

অসমৰ বহুতো মানুহে সহজতে ধন ঘটা কামবোৰ কৰে। আচলতে কষ্টৰ অন্য গত্যান্তৰ নাই, যত্ন কৰিলে ৰত্ন পায়।

নিজৰ সফলতাৰ আঁৰত :

এজন পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে। এই কথা মই মৰ্মে-মৰ্মে উপলব্ধি কৰো। মই মোৰ পৰিবাৰক এইক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিব লাগিব। মই ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ নাতিনীয়েকক বিয়া পাতিছো। প্ৰত্যেক ক্ষেত্ৰতে মোক মোৰ পৰিবাৰে সহায় কৰা বাবে আজি মই এই পৰিস্থিতিত আছো।

আৰক্ষী আৰু ৰাইজৰ সহযোগিতা বিষয়ত :

এতিয়া পুলিচে ৰাইজৰ লগ নল’লে পুলিচ থাকিব নোৱাৰে। কাৰণ পুলিচৰ যিটো সংখ্যা, বৰ্তমান আৰক্ষীৰ সংখ্যাটো ভাৰত আৰু অসমত বহু কম, আমেৰিকাৰ তুলনাত। এইকাৰণে আমি ৰাইজৰ সহযোগ ল’বই লাগিব। আমাৰ কাৰণে ভাল খবৰ যে বৰ্তমান অসমৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই কমিউনিটি পুলিচৰ ওপৰত অধিক গুৰুত্ব দিছে। ইয়াৰ বাহিৰেও অতিৰিক্ত সীমা আৰক্ষী অধীক্ষক ভাস্কৰ মহন্তই কমিউনিটি পুলিচিঙৰ ওপৰত ডাঙৰ কাম কৰি থৈ গৈছে। ৰাইজৰ সহযোগ পালে আমি অপৰাধসমূহৰ মাত্ৰা হ্ৰাস কৰিব পাৰিম।

এন আৰ চি সন্দৰ্ভত :

এন আৰ চিৰ কথাটো বহু আগৰে পৰা চলি আছিল। কিন্তু এতিয়া যিহেতু এন আৰ চিৰ কাম চলি আছে, গতিকে শান্তিপূৰ্ণভাৱে হ’বলৈ দিব লাগে। এতিয়া এই ফিগাৰবিলাক দি আছে, কিছুমান ন্যস্তস্বাৰ্থজড়িত মহলে।

যদি ক’ৰবাত বাংলাদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে, এই কথাটোহে আমাৰ দৃষ্টিগোচৰ কৰিব লাগে।

যিখিনি স্পৰ্শকাতৰ অঞ্চল চৰকাৰৰ ফালৰ পৰা একো একোটা টীম যাব আৰু খুব সোনকালেই আমি বুজাই দিম। ডেপুটি কমিশ্যনাৰ, আৰক্ষী অধীক্ষকক বুজাই দিম, কেনেকৈ কি কৰিব লাগিব।

ভাৰত চৰকাৰেও এই ইচ্ছ্যুটোক বহুত গভীৰভাৱে লৈছে। আপোনালোকে দেখিছে, ৰেজিষ্ট্ৰাৰ জেনেৰেল অব ইণ্ডিয়া, গৃহ সচিব সঘনাই অসমলৈ আহি আছে। ভবিষ্যতেও তেওঁলোক আহি ক’ত কি সমস্যা আছে, সেই সম্পৰ্কে আলোচনা কৰিব।

অসম পুলিচক কেইটামান অতিৰিক্ত বাহিনী দি সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে। বেলেগ কথাত গুৰুত্ব নিদি এখন বিদেশীমুক্ত এন আৰ চি হোৱাটো মই কামনা কৰো।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd