কাজিৰঙা, ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল, তলাতল ঘৰ আদি অসমৰ ঐতিহ্যক্ষেত্ৰসমূহ কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত কোম্পানিক গতাব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক সংগ্ৰাম সমিতিয়ে আজি শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে।
ৰংঘৰৰ সন্মুখত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠন দুটাই চকাৰক এই হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।
সংগঠন দুটাৰ বহু নেতা-কৰ্মীয়ে অংশ লোৱা উক্ত প্ৰদিবাদত ভাষণ প্ৰদান কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি কয় যে সৰ্বানন্দ সোণোৱালে যদি শিৱসাগৰৰ ঐতিহ্যক বহিৰাগতৰ হাতত গতাই দিয়ে তেন্তে তেওঁক শিৱসাগৰত সোমাব দিব নালাগে।
শিৱসাগৰৰ দৰে ঠাইক যদি আদৰ্শ ঠাই হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে ৫-৬ কোটি টকা খৰছ কৰিব নোৱাৰে তেন্তে এই চৰকাৰৰ শাসনত থকাৰ অধিকাৰ নাই বুলি কৈ তেওঁ কয়, ‘চৰকাৰে যদি ৰাজ্যৰ সম্পদ নিৰীক্ষণ নকৰে তেন্তে আগন্তুক নিৰ্বাচনত বিজেপিক জিকিবলৈ দিয়া নহ’ব।’
উল্লেখযোগ্য যে ‘Adopt a Heritage’ আঁচনিৰ জৰিয়তে অসমীয়া জাতীয় জীৱনৰ পৰিচয়স্বৰূপ অসমৰ ঐতিহ্য ক্ষেত্ৰ সমূহক ব্যক্তিগতখণ্ডৰ হাতত গতাই দিব খোজা বিজেপি চৰকাৰৰ সিদ্ধান্তই ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।





