• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীৰ পৰা দুটা সোপাধৰা আহিছে বুলি ফোন কৰি পাণজুৰি গাওঁবাসীক ‘সাজু’ কৰি ৰখা ‘আলফা’ক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2018 8:02 am
Alfa

ডকমকা-কাণ্ডৰ মূল অভিযুক্ত আলফা জৰ্জ তিমুং।

127
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলঙৰ ডকমকাৰ পাণজুৰি গাৱঁত সংঘটিত নৃশংস ঘটনাটোৰ মূল পৰিকল্পনাকাৰী তথা গোটেই পৰিস্থিতিটোৰ ঘটক আলফা জৰ্জ তিমুঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আজি যোৱা নিশা এই দুৰ্বৃত্তজনক আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে আলফ জৰ্জ তিমুং পূৰ্বেও ডেনগাৱঁৰ মিঠু দাস নামৰ এজন লোকৰ হত্যাকাণ্ডত জড়িত আছিল। আৰক্ষীৰ সূত্ৰমতে যোৱা ৮ জুনত অমানৱীয়ভাৱে নীলোৎপল দাস আৰু অভিজিত নাথক হত্যা কৰাৰ ঘটনাটোৰ সূচনা হৈছিল জৰ্জ তিমুঙে বিয়পোৱা এটা ম’বাইল ফোন কলৰ পৰাই।

সিদিনা সন্ধিয়া নীলোৎপল দাস আৰু অভিজিত নাথে গাওঁখনৰ মাজেৰে যোৱা পথেৰে গৈ পোৱা এটা জলপ্ৰপাতৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি থকা কথাটো কাষৰ কাংথিলাংছ’ নামৰ গাওঁখনৰ পৰা কোনো লোকে ফোন কৰি পাণজুৰি গাওঁবাসীক দিয়া বুলি জানিব পৰা গৈছে। উক্ত বাৰ্তাটোত গুৱাহাটীৰ পৰা এখন ক’লা ৰঙৰ ছুভ গাড়ীত অহা দুটা সোপাধৰাই নদীৰ পাৰত কিবা বিচাৰি থকা বুলিও মানুহৰ মনত সংশয় আৰু আতংক সুমাই দিয়া হৈছিল। তেতিয়াই গাওঁবাসী গাড়ীখন ঘূৰি অহালৈ সাজু হৈ আছিল। গাড়ীখন আহি পোৱাৰ লগে লগে উন্মত্ত আৰু আতংকিত গাওঁবাসীয়ে দুয়োকে টানি উলিয়াই আনি নিৰ্মমভাৱে হত্যা কৰিছিল।

আনহাতে গোটেই ৰাজ্যবাসীৰ মনোজগতত আলোড়ন সৃষ্টি কৰা এই নৃশংস হত্যাকাণ্ডটোত জড়িত বহুকেইজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও মূল অভিযুক্ত জৰ্জ তিমুঙক বিচাৰি পোৱা নাছিল। চাৰিদিন ধৰি তেওঁক বিচাৰি আছিল আৰক্ষীয়ে। জৰ্জ তিমুঙক গ্ৰেপ্তাৰ কৰাৰ পিছত এই ঘটনাটোৰ বহু কথাই পোহৰলৈ আহিব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। ইতিমধ্যে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুকেশ আগৰৱালাই ঘটনাটোৰ অনুসন্ধানৰ বাবে ডকমকাত বাহৰ পাতি আছিল। তাৰোপৰি চৰকাৰে ইয়াৰ তদন্ত কৰিবলৈ বিশেষ তদন্তকাৰী গোট গঠন কৰিছে। বহুতে সন্দেহ কৰাৰ দৰে এই ঘটনাটো পৰিকল্পিত আছিল নেকি, অৰ্থাৎ সোপাধৰাৰ বাতৰি বিয়পাই গাওঁবাসীক পৰিকল্পিতভাৱে আতংকিত আৰু উত্তেজিত কৰি যুৱক দুজনক পৰিকল্পিতভাৱে হত্যা কৰা হ’ল নেকি সেই কথাও পোহৰলৈ আহিব পাৰে তিমুঙৰ গ্ৰেপ্তাৰৰ ফলত।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd