• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খানাপাৰা খেলপথাৰ : মোদীৰ সভাক ‘না’ ক’ব নোৱাৰে অসম কৃষি বিশ্ববিদ্যালয়ে

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
June 19, 2018 8:27 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বহুমুখী ক্ৰীড়া প্ৰকল্পটো খেলা-ধূলাৰ থলীৰূপে গঢ় দিয়াত পুতৌজনকভাৱে ব্যৰ্থ হোৱা সত্ত্বেও অসম কৃষি বিশ্ববিদ্যালয়ে মঙলবাৰে দাবী কৰিছে যে প্ৰধান মন্ত্ৰীৰ ভ্ৰমণক সৈতে সম্পৰ্কিত সভাক ই ‘না’ ক’ব নোৱাৰে।

নৰ্থ ইষ্ট নাও-লৈ প্ৰেৰণ কৰা এক পত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে কয় ‘সকলোৱে নিশ্চয় এই কথাটো বুজিব যে মাননীয় প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ সৈতে সম্পৰ্কিত সভা এখন আয়োজনৰ প্ৰস্তাৱ এটা কোনো চৰকাৰী বা স্বতন্ত্ৰ সমিতি এখনে সম্ভৱতঃ ‘না’ বুলিব নোৱাৰে।’

Apply Now

পঞ্জীয়কজনে কয় যে এনে কাৰ্য্যসূচীৰ অংশ হৈ বহু অনুষ্ঠানে গৌৰৱবোধ কৰিব। প্ৰধান মন্ত্ৰীৰ কাৰ্য্যসূচীক লৈ গৌৰৱবোধ কৰাৰ সময়তে যোৱা কিছু বছৰত প্ৰদৰ্শনী থলীলৈ ৰূপান্তৰ হোৱা বহুমুখী ক্ৰীড়া প্ৰকল্পটোক লৈ নীৰৱ আছিল কৃষি বিশ্ববিদ্যালয়ৰ বিষয়াজন।

যি সময়ত অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰধান মন্ত্ৰীৰ সভাক ‘না’ কৰিব নোৱাৰে, সেই সময়ত কৃষি বিশ্ববিদ্যালয়ৰ বিষয়াজনে কিন্তু নিৰ্দিষ্ট কৰি কোৱা নাই কিয় ই ক্ৰীড়া প্ৰকল্পটোক এক অস্থায়ী হেলিপেদ আৰু অট’ প্ৰদৰ্শনী আৰু ধৰ্মীয় সভাথলীলৈ পৰিৱৰ্তন কৰি তোলাৰ বিৰোধিতা কৰিব নোৱাৰে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগে এক আৰ টি আই আবেদনৰ উত্তৰত খানাপাৰা খেলপথাৰ ধ্বংস কৰাৰ বাবে বিজেপি আৰু কামৰূপ (মঃ) প্ৰশাসনক জগৰীয়া কৰিছিল।

AAU assam
নৰ্থ ইষ্ট নাও-লৈ অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিয়া পত্ৰৰ নকল

নেওগে কৈছিল যে ক্ৰীড়া প্ৰকল্পটোত যোৱা ২০১১ চনৰ মে’ত আৰম্ভ কৰা যুৰীয়া ক্ৰিকেট পিত্চখন ‘বিজেপিৰ অসম প্ৰদেশে মাটিৰে পুতি পেলোৱাৰ ফলত’ বৰ্তমান আৰু ই খেলিব পৰা অৱস্থাত নাই। ছাত্ৰ কল্যাণৰ যুটীয়া সঞ্চালকজনে আনকি কৈছিল যে বিজেপি দায়ী ক্ৰীড়া প্ৰকল্পটোৰ কেইবাঠাইটো ভঙা বাবে সীমাৰ দেৱাল, আৰু যিবোৰৰ পুনৰ নিৰ্মাণ হোৱা নাই।

শাসকীয় বিজেপিক ক্ৰীড়া প্ৰকল্পটো ধ্বংসৰ বাবে জগৰীয়া কৰি শ’লঠেকত পৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে দাবী কৰিছে যে ক্ৰীড়া প্ৰকল্পটো সম্পৰ্কীয় আৰ টি আই আবেদনৰ উত্তৰ দিয়াৰ বাবে নেওগৰ কৰ্তৃত্ব নাছিল।

‘…অসম কৃষি বিশ্ববিদ্যালয়ে জানিব পাৰিছে যে আবেদনৰ উত্তৰদানৰ পূৰ্বে ডঃ নেওগে আৰ টি আইৰ নিয়মসমূহ পঢ়া নাছিল, কাৰণ অন্যথা এনে কৰিবলৈ তেওঁক কৰ্তৃত্ব দিয়া হোৱা নাছিল,’ পঞ্জীয়কৰ মন্তব্য।

AAU-2

আশ্চৰ্য্যজনকভাৱে কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘূণাক্ষৰেও উল্লেখ কৰা নাই কিয় জনতথ্য বিষয়া (আৰ এন গোস্বামী)ই, যি পশু চিকিৎসা বিজ্ঞান বিভাগৰো ডীন, উত্তৰ দিয়া নাছিল বহুমুখী ক্ৰীড়া প্ৰকল্পটো সম্পৰ্কীয় আৰ টি আই আবেদনৰ। এক পত্ৰযোগে (no: AAU/CVSc/RTI/62/18-19/ 236, dated April 7, 2018) ডীন গৰাকীয়ে ছাত্ৰ কল্যাণৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগক আৰ টি আই আবেদনকাৰীক ‘পোনপটীয়াকৈ’ তথ্য যোগানৰ বাবে কৈছিল।

নৰ্থ ইষ্ট নাও-ৰ হাতত মজুত থকা জনতথ্য বিষয়াগৰাকীৰ পত্ৰখনৰ নকলটোৱে স্পষ্টকৈ দেখুৱাইছে যে সহযোগী সঞ্চালকজনৰ কোনো ভুল নাই আৰু ওপৰৰ বিষয়াই তেওঁক দিয়া দায়িত্বহে তেওঁ পালন কৰিছে। নেওগ যদি আৰ টি আই আবেদনৰ উত্তৰ দিয়াৰ বাবে কৰ্তৃত্বশীল নাছিল, তেন্তে তেওঁক তেনে কৰিবলৈ নিৰ্দেশ কিয় দিছিল জনতথ্য বিষয়াজনে?

আৰ এন গোস্বামীক যোৱা ২০১১ চনৰ ফেব্ৰুৱাৰিত জনতথ্য বিষয়াৰূপে নিযুক্তি দিয়া হৈছিল, আৰু আচৰিত কথাটো হ’ল, যোৱা সাত বছৰীয়া কাৰ্য্যকালত তেওঁ নাজানিছিল যে ছাত্ৰ কল্যাণৰ সহযোগী সঞ্চালকজন আৰ টি আই আবেদনৰ উত্তৰ দিয়াৰ বাবে কৰ্তৃত্বশীল নহয়।

জনতথ্য বিষয়াৰ অজ্ঞতাৰ লগতে নিজৰ অজ্ঞতা প্ৰদৰ্শন কৰিলে কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কেও। নৰ্থ ইষ্ট নাও-লৈ দিয়া পত্ৰত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়খনক তেওঁ বাৰেপতি ‘পশু চিকিৎসা মহাবিদ্যালয়’ বুলি উল্লেখ কৰিছে। সাধাৰণ মানুহে মহাবিদ্যালয়খনৰ নাম প্ৰায়েই ভুলকৈ কয় যদিও, বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ পৰা এনে ভুল নিশ্চয়কৈ আশা কৰা নাযায়।

ক্ৰীড়াৰ লগত সম্পৰ্কৰহিত কাৰ্য্যকলাপ ক্ৰীড়া প্ৰকল্পটোত বন্ধ কৰাৰ কোনো প্ৰতিশ্ৰুতি নিদি, পঞ্জীয়কজনে জনাই যে এই বছৰৰ বাজেটত ১ কোটি টকা ‘অনুমোদন জনাব পৰাকৈ দয়ালু আছিল’ অসমৰ বিত্ত মন্ত্ৰী, আৰু পুঁজিখিনি ক্ৰীড়া প্ৰকল্পটোৰ ভগা দেৱালসমূহ মেৰামতি কৰাৰ বাবে ব্যৱহাৰ কৰা হ’ব।

অসমত হ’ব লগা ১৯ খন কেন্সাৰ চিকিৎসালয়ৰ ‘ভূমি পূজন’ৰ থলী হিচাপে সোমবাৰে অসম চৰকাৰে ক্ৰীড়া প্ৰকল্পটো ব্যৱহাৰ কৰিছে। যোৱা এসপ্তাহ ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে খেতিপথাৰসদৃশ ৰূপ ধাৰণ কৰিছে বহুমুখী ক্ৰীড়া প্ৰকল্পটোৱে য’ত অনুষ্ঠানটোৰ মণ্ডপ সাজিবৰ বাবে দিনে-নিশাই অহা-যোৱা কৰি আছে মালবাহী ট্ৰাকসমূহ।

নৰ্থ ইষ্ট নাও-লৈ দিয়া পত্ৰৰ শেষ পেৰেগ্ৰাফত পঞ্জীয়কজনে কৈছে ‘গুৰুত্বপূৰ্ণ বিদ্যায়তনিক স্বাৰ্থৰ বাবে বিষয়টোক ‘যাবলৈ দিলে’ আৰু বিষয়টোক লৈ অভিযোগ আৰু প্ৰতি অভিযোগৰ সামৰণি মাৰিলে অসম কৃষি বিশ্ববিদ্যালয় সুখী হ’ব।’

প্ৰশ্ন হৈছে গুৱাহাটীক ভাৰতৰ ক্ৰীড়াৰ ৰাজধানীৰূপে প্ৰতিষ্ঠা কৰাৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্বপ্নৰ প্ৰকল্পৰ অংশ হিচাপে ক্ৰীড়া প্ৰকল্পটো সংযোগ কৰিব কিয় নোৱাৰে অসম কৃষি বিশ্ববিদ্যালয়ে?

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am
২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd