• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাভৰুৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তাল ডিফু চহৰ

নংজে টেৰাং by নংজে টেৰাং
April 24, 2018 9:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৩ এপ্ৰিলত ডিফু হস্পিটালত এগৰাকী ২০ বছৰীয়া গাভৰুৰ ৰহস্যজনক মৃত্যুৰ বাবে প্ৰাক্তন প্ৰেমিক দীপক চেত্ৰীক দায়ী কৰি দোষীৰ উচিৎ শাস্তিৰ দাবীত  উত্তেজিত  জনতাই ডিফু চহৰৰ আৰক্ষী থানা, বজাৰত ভীৰ কৰে আৰু বিৰাট প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।   প্ৰতিবাদী জনতা ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰ হোৱাৰ উপক্ৰম হোৱাত জনতাক চত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠি চালনা কৰে।

জানিব পৰা গৈছে যে এক ৰহস্যময় কাৰণত কোঠাৰ ভিতৰত অজ্ঞান অৱস্থাত উদ্ধাৰ কৰা জেনিছা ইংতিপিক দীপক চেত্ৰীয়ে এখন অটোৰিক্সাত উঠাই ডিফু চিকিৎসালয়লৈ লৈ আহিছিল যদিও তেওঁক বচাব পৰা নগ’ল। দীপক চেত্ৰীৰ সৈতে জেনিছাৰ ভনী মাৰ্টিনা ইংতিপিও চিকিৎসালয়লৈ আহিছিল।

Apply Now

উত্তেজিত জনতাক চত্ৰভংগ দিয়াবলৈ কৰা আৰক্ষীৰ লাঠি চালনাত কেইজনমান প্ৰতিবাদকাৰী আহত হোৱাৰ লগতে আবেলি ৪ মান বজাত আৰক্ষীয়ে দুজনমান সাংবাদিকৰ মোবাইল ফোন কাঢ়ি লৈ যায় আৰু নষ্ট কৰি পেলায়।

আৰক্ষীয়ে দীপেন চেত্ৰী আৰু মাৰ্টিনা ইংতিপিক নিজৰ জিম্মাত লয়।

ইয়াৰ পূৰ্বে উত্তেজিত জনতাই ডিফু বজাৰৰ দোকানাীসকলক দোকান বন্ধ কৰাৰ বাবে আদেশ দিয়ে।

মাৰ্টিনা ইংতিপিয়ে প্ৰকাশ কৰা মতে ২৩ এপ্ৰিলৰ পুৱা ৭.৩০ মান বজাত তেওঁ বায়েক জেনিছা ইংতিপিৰ ২০ বছৰীয়া জন্মদিন পালন কৰাৰ বাবে বকলীয়া আৰক্ষী থানাৰ অন্তৰ্গত দিছোবাই, লাংকাংববৰ পৰা আহিছিল। তেওঁ আহিয়েই বায়েকৰ ভাড়াঘৰৰ দুৱাৰ বন্ধ অৱস্থাত পাই দীপেন চেত্ৰীৰ সৈতে লগ হৈ দুৱাৰ খুলি ভিতৰত প্ৰৱেশ কৰে আৰু জেনিছাক অজ্ঞান অৱস্থাত দেখা পায়।

মাৰ্টিনাই দাবী কৰিছে যে তেওঁ আৰু দীপক চেত্ৰীয়ে জেনিছাক ততাতৈয়াকৈ চিকিৎসালয়লৈ আনে কিন্তু তাতে তেওঁৰ মৃত্যু হয়।

মাৰ্টিনাই আৰু কয় যে বায়েকৰ সৈতে দীপৰ চেত্ৰীৰ এটা সম্পৰ্ক আছিল যদিও ২০১৬ চনত সেই সম্পৰ্ক ভাঙি যায়। তাৰ পাছত মাৰ্টিনাৰ দীপকৰ সৈতে সম্পৰ্ক গঢ়ি উঠে।

আনহাতে ঘৰৰ মালিক প্ৰকাশ ৰয়ৰ ভাষ্য অনুসৰি, ২৩ এপ্ৰিলৰ নিশা ৯.৩০ মান বজাতহে মাৰ্টিনা ইংতিপি আৰু দীপক চেত্ৰীয়ে জেনিছাক চিকিৎসালয়লৈ লৈ যায়। তেওঁ তেওঁলোকক এখন অটোৰিক্সাৰ ব্যৱস্থা কৰি দিয়ে। তেওঁ আৰু কয় যে ২০১৬ৰ জন মাহত দীপক চেত্ৰীয়ে মাৰ্টিনাৰ সৈতে বিয়া হোৱা বুলি এটা কোঠা ভাড়ালৈ লয়।

জেনিছৰ মৃত্যৰ ঘটনাটো পোহৰলৈ অহাৰ পাছত ২৪ এপ্ৰিলত ডিফু চহৰৰ আৰক্ষী চকীৰ সমুখত এক বিশাল জনতা একত্ৰিত হৈ মৃত জেনিছা ইংতিপিৰ ৰহস্যজনক মৃত্যুৰ উচিৎ তদন্ত দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীসকলে ডিফু বজাৰৰ দোকানসমূহ বন্ধ কৰাৰ বাবে আদেশ দিয়ে।

মৃত জেনিছা হৈছে দৰ্ছিং ইংতি আৰু এমিলিয়া হানছেপিৰ কন্যা।

মাতৃ এমিলিয়াই কৈছে যে তেওঁৰ বৰ জীয়ৰী জেনিছাৰ সৈতে দীপক চেত্ৰীৰ এটা সম্পৰ্ক আছিল আৰু জেনিছাৰ মৃত্যুৰ বাতৰি শুনি তেওঁ হতচকিত হৈ পৰিছে।

দীপক চেত্ৰীয়ে এটা ছপাশালত একাউণ্টেণ্ট হিচাপে কৰ্মৰত আৰু তেওঁৰ ঘৰ দোকমোকা আৰক্ষী থানাৰ অন্ৰ্গত দোকমোকাত। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিৱেদলৈকে অপেক্ষা কৰি থকা হৈছে।

আৰক্ষীয়ে এই বিষয়টো গুৰুত্বসহকাৰে লৈছে বুলি আশ্বাস দিয়াৰ পাছত ক্ষুদ্ধ জনতাই স্থান ত্যাগ কৰে।

নংজে টেৰাং

নংজে টেৰাং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd