• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ ৰাজপথত সমস্যাৰ অন্ত নাই পথচাৰীৰ : প্ৰথমবাৰৰ বাবে প্ৰকাশ পালে সমীক্ষা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 31, 2018 9:38 pm
guwahati pedestrian
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পথচাৰীৰ বাবে কিমান নিৰাপদ গুৱাহাটী মহানগৰী? গুৱাহাটী ( Guwahati )ৰ ৰাজপথত ক’ত কি সমস্যাত ভুগিবলগীয়া হয় জনসাধাৰণ? পোন-প্ৰথমবাৰৰ বাবে এক প্ৰণালীবদ্ধ অধ্যয়নৰ পাছত পোহৰলৈ আহিছে এই তথ্য।

গুৱাহাটীৰ পৰিৱেশ শিক্ষণ কেন্দ্ৰ (Centre for Environment Education) নামৰ সংস্থাটোৱে চলোৱা ‘Walkability in Guwahati’ শীৰ্ষক  এক ক্ষেত্ৰভিত্তিক অধ্যয়নত এই তথ্যসমূহ প্ৰকাশ পাইছে। বৃহস্পতিবাৰে গুৱাহাটী প্ৰে’চ ক্লাবত সংবাদিকৰ সৈতে এক মত বিনিময় অনুষ্ঠানত এই বিষয়ে জানিবলৈ দিয়ে সংস্থাটোৰ ৰাজ্যিক সমন্বয়ক ড০ সীমান্ত কলিতা আৰু প্ৰকল্প বিষয়া হিমাশ্ৰী ভট্টাচাৰ্যই।

Apply Now

উল্লেখযোগ্য যে সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰো কে’বাখনো আগশাৰীৰ মহানগৰীৰ ৰাজপথত পথচাৰীৰ নিৰাপত্তা, সা-সুবিধা আৰু অন্যান্য আন্তঃগাঁথনি সম্পৰ্কীয় সমীক্ষা চলি থাকে আৰু ‘Global Walkability Index’ৰ ভিত্তিত ইয়াৰ অধ্যয়ন হয়। কিন্ত তেনে সমীক্ষা অসমত এইয়ে প্ৰথম বুলি ড০ সীমান্ত কলিতাই জানিবলৈ দিয়ে।

পৰিৱেশ শিক্ষণ কেন্দ্ৰ নামৰ সংস্থাটোৱে গুৱাহাটীৰ জি এচ ৰোড, ৰাধা গোবিন্দ বৰুৱা পথ, হেম বৰুৱা পথ, বাণীকান্ত কাকতি পথ, মণিৰাম দেৱান পথ, ৰাজগড় ৰোড আৰু এ’ টি ৰোডৰ দৰে অতি গুৰুত্বপূৰ্ণ পথত চলোৱা অধ্যয়নত প্ৰকাশ পাইছে বিভিন্ন বিসংগতি। সংস্থাৰ প্ৰকল্প বিষয়া হিমাশ্ৰী ভট্টাচাৰ্য্যই এক পাৱাৰ পইণ্ট উপস্থাপনৰ জৰিয়তে পথকেইটাত পথচাৰীয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যা আঙুলিয়াই দিয়ে।

সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰাণকেন্দ্ৰ তথা ভাৰতৰ বাবে দক্ষিণ-পূব এচিয়াৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ মূল পথসমূহত পথচাৰীয়ে সন্মুখীন হোৱা বিভিন্ন অসুবিধা অধ্যয়নটোত স্পষ্ট হৈ পৰে। প্ৰকাশ পায় গুৱাহাটীৰ পদপথসমূহৰ তথৈবচ অৱস্থাৰ কথা। মহানগৰীৰ প্ৰতিটো গুৰুত্বপূৰ্ণ পথৰ পদপথসমূহৰ ক’ৰবাত যদি কোনোটো অংশ ভগ্ন অৱস্থাত আছে ক’ৰবাত আকৌ পদপথৰ ওপৰতেই দোকান বা স্থায়ী বা অস্থায়ী নিৰ্মাণ দেখা গৈছে। বিভিন্ন স্থানত আকৌ নাই পদপথত থকা ঢাকনি সমূহ বা আছে যদি খোলখোৱা অৱস্থাত আছে। তাৎপৰ্যপূৰ্ণভাৱে বিভিন্ন স্থানত পদপথৰ ওপৰতে আছে চৰকাৰীভাৱে নিৰ্মাণ হোৱা কিছুমান স্থাৱৰ-অস্থাৱৰ আন্তঃগাঁথনি।

Indian Road Congress (IRC) ৰ নিৰ্দেশনা অনুসৰি নগৰাঞ্চলৰ পদপথসমূহ বহলে ন্যূনতম ২.৫ মিটাৰ হ’ব লাগে। কিন্তু গুৱাহাটীৰ কেবাটাও পথত পদপথ ইয়াতকৈ ঠেক পৰিলক্ষিত হয়। ইয়াৰ উপৰিও কেবাটাও পথৰ এফালেহে পদপথ আছে।

সংস্থাটোৰ সমীক্ষাত ৰাজপথত বিভিন্ন আন্তঃগাঁথনিমূলক বিসংগতিৰ কথাও প্ৰকাশ পায়। উদাহৰণস্বৰূপে IRCৰ নিৰ্দেশনা অনুসৰি পথ পাৰ হওঁতে যাত্ৰী ৰ’ব পৰা কিছুমান নিৰ্ধাৰিত স্থান থকাৰ প্ৰয়োজন। কিন্তু গুৱাহাটীৰ ৰাজপথত এনে স্থানসমূহত সৌন্দৰ্যবৰ্ধনৰ বাবে বাগিচা পতা পৰিলক্ষিত হয়। ইয়াৰ উপৰি বিশেষভাৱে সক্ষম লোক চলা-ফিৰা কৰিবলৈ মহানগৰীৰ ৰাজপথ তথা পদপথত নাই সুবিধা। জেব্ৰা ক্ৰচিঙৰ ক্ষেত্ৰত ৰাইজৰ অসচেতনতা, বেছিভাগ পদপথত ৰেলিং নথকা আৰু পদপথৰ ওপৰত একাংশ অসচেতন লোকে গাড়ী ৰখাই থোৱা বিষয়টোৱেও এই অধ্যয়নত স্থান পায়।

উল্লেখ্য যে পৰিৱেশ শিক্ষণ কেন্দ্ৰই ভাৰতৰ বিভিন্ন মহানগৰীত এনে সমীক্ষা চলাই থকা চুম নেট ইণ্ডিয়া (Sum Net India) আৰু আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান Tata Institute of Social Scienceৰ সহযোগত এই সমীক্ষা চলাইছিল। সংস্থাটোৰ ৰাজ্যিক সমন্নয়ক ড০ সীমান্ত কলিতাই জানিবলৈ দিয়া মতে অধ্যয়নৰ ভিত্তিত যুগুতোৱা এক প্ৰতিবেদন তেওঁলোকে অসম চৰকাৰলৈও প্ৰেৰণ কৰাৰ লগতে সমস্যাসমূহৰ সমাধানৰ ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd