• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৃহ আৰু ৰাজনৈতিক বিভাগৰ হেমাহিৰ বাবেই ডাইনী কাণ্ড প্ৰতিৰোধী আইনখনৰ প্ৰচাৰ হোৱা নাই : দিব্যজ্যোতি শইকীয়া

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 21, 2018 2:44 pm
দিব্যজ্যোতি শইকীয়া
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’১৩ জুনতে ডাইনী কাণ্ড প্ৰতিৰোধ আইন প্ৰণয়ন হোৱাৰ পাছতো আৰু ইয়াৰ গেজেট নটিফিকেশ্যন হৈ যোৱাৰ পাছতো এই পৰ্যন্ত অসম চৰকাৰৰ কোনো এজন আৰক্ষী বিষয়াই ইয়াৰ কোনো প্ৰতিলিপি লাভ কৰা নাই। ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ শীৰ্ষ বিষয়াসকলৰ হেমাহিৰ বাবেই এই আইনখন প্ৰচাৰ হোৱা নাই,”-এই মন্তব্য ডাইনী কাণ্ড প্ৰতিৰোধী আইন প্ৰণয়নৰ বাবে সুদীৰ্ঘকাল সংগ্ৰাম কৰি অহা মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াৰ।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেল সম্বোধন কৰি শইকীয়াই কয় যে চৰকাৰে আইনখন সম্পৰ্কে জনসধাৰণক সজাগ কৰিব লাগে যদিও এইক্ষেত্ৰত কোনো তৎপৰতা প্ৰদৰ্শন কৰা নাই।

তেওঁ লগতে প্ৰশ্ন কৰে, “সোনোৱাল চৰকাৰৰ এই বিষয়াসকলে ডাইনী হত্যা বন্ধ হোৱাটো নিবিচাৰে নেকি? নে চৰকাৰখনে অন্ধবিশ্বাসক সমৰ্থন কৰে?”

মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীকো এইক্ষেত্ৰত সমালোচনা কৰি শইকীয়াই কয়, “শান্তনু ভৰালীয়ে কিয় নাজানে এই আইনৰ বিষয়ে? তেওঁ কিয় এই ক্ষেত্ৰত গুৰুত্ব দিয়া নাই?”

অহা সোম বা মঙলবাৰৰ ভিতৰত আইনখন ৰাজহুৱা কৰাৰ দাবী কৰি মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে কয় যে আইনখনৰ ৰূপায়নৰ দিশত তীক্ষ্ন নজৰ ৰখা হ’ব আৰু ৰাজ্যখনত যাতে ভৱিষ্যতে ডাইনীৰ নামত কোনোধৰণৰ ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে আইনখনৰ সঠিক প্ৰয়োগৰ দিশতো লগতে সুক্ষ্ম দৃষ্টি ৰখা হ’ব।

শইকীয়াই লগতে উল্লেখ কৰে যে তেওঁ ২০০৯ চনৰ পৰা অন্ধবিশ্বাস, ডাইনী সন্দেহ, ষড়যন্ত্ৰ আৰু ডাইনীৰ নামত হত্যাৰ বিৰুদ্ধে ৰাজ্যখনত এখন ডাইনী বিৰোধী কঠোৰ আইন প্ৰণয়নৰ দাবী উত্থাপন কৰি অহাৰ পিছত ২০১৪ চনৰ ২৫ আগষ্টত দিচপুৰ লাষ্টগেটত ডাইনীৰ নামত হত্যা প্ৰতিৰোধৰ বাবে এখন কঠোৰ আইনৰ দাবীত এক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল।

ইয়াৰ পিছতে শইকীয়াই তদানীত্বন অসম বিধানসভাৰ অধ্যক্ষ প্ৰনব গগৈ আৰু মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰি সুকীয়াকৈ ৯ দফীয়া এক স্মাৰক পত্ৰ প্ৰদান কৰে। ২০১৪ চনৰ ২২ অক্টোবৰ আৰু ৪ নৱেম্বৰত তদানীত্বন মুখমন্ত্রী তৰুণ গগৈয়ে শইকীয়াৰ নেতৃত্বত সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ এটি সঁজাতি দলৰ সৈতে আলোচনাত মিলিত হৈ আইন প্ৰণয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

এইক্ষেত্ৰত উচ্চ ন্যায়ালয়েও আইন এখন প্ৰণয়নৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰি শইকীয়াই কয় যে ২০১৫ চনৰ আগষ্ট মাহত চৰকাৰে ডাইনী কাণ্ড প্ৰতিৰোধী এখন বিধেয়ক প্ৰস্তুত কৰি ৰাজ্যিক কেবিনেটত অনুমোদন জনাই ১০ আগষ্টত বিধানসভাৰ মজিয়ালৈ প্ৰেৰণ কৰি বিধেয়কখন সদনৰ মজিয়াত উত্থাপন কৰে আৰু পৰৱৰ্তী ১৩ আগষ্টত বিধেয়কখন গৃহীত কৰে।

মানৱ অধিকাৰ কৰ্মী শইকীয়াই এই সমগ্ৰ প্ৰক্ৰিয়াটোত প্ৰথমৰে পৰা অবিৰতভাৱে লাগি থকাৰ পিছত আইনখন প্ৰণয়ন হোৱাত সন্তোষ প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিলৈ কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে শইকীয়াই আইনখন প্ৰণয়নৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰনব গগৈয়ে লোৱা ভূমিকাৰ বাবে তেওঁলোকক ধন্যবাদ জনায়।

দিব্যজ্যোতি শইকীয়াই লগতে আইনখনত তেওঁ বিচৰা প্ৰায় আটাইখিনি দাবীয়ে সন্নিৱিষ্ট হোৱাত সন্তুষ্টি প্ৰকাশ কৰে আৰু কয় যে দেশৰ ভিতৰতে অন্ধবিশ্বাস বিৰোধী আইনসমূহৰ ভিতৰত এইখন আটাইতকৈ কঠোৰ আইন। আইনখনৰ যথোচিত প্ৰয়োগৰ বাবে আইনখন সম্পৰ্কে আৰক্ষীক শীঘ্ৰে অৱগত কৰাৰ উপৰি জনসাধাৰণকো আইনখন সম্পৰ্কে সজাগ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি শইকীয়াই লগতে ব্যক্ত কৰে।

 

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd