• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোষ্ঠী বিদ্বেষকামীলৈ শক্তিশালী বাৰ্তাৰে নীলোৎপল-অভিজিতৰ পিতৃ-মাতৃৰ কাষত কাৰ্বি ছাত্ৰ সন্থা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 15, 2018 4:02 pm
AASU along with 26 organisations from different indigenous communities’ delegation team visit Abhijit Nath residence in Guwahati on 14-06-18. Abhijeet Nath and Nilotpal Das were beaten to death by a mob in Karbi Anglong district suspected the youths to be child abductors on June 8.pix BY UB PHOTOS
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডকমকা কাণ্ডৰ আলম লৈ গোষ্ঠী বিদ্বেষ বিয়পাব খোজাসকললৈ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি আজি ১৪ জুনত নীলোৎপল আৰু অভিজিতৰ ঘৰত আহি পিতৃ-মাতৃৰ কাষত থিয় দিলেহি কাৰ্বি ছাত্ৰ সন্থাই।

বৃহস্পতিবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতিসহ এটা প্ৰতিনিধি দলে সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গৰ সৈতে নীলোৎপল দাস আৰু অভিজিৎ নাথৰ ঘৰলৈ গৈ পুত্ৰশোকত দগ্ধ হৈ থকা দুয়োজন যুৱকৰ পিতৃ-মাতৃৰ শোকৰ সমভাগী হয়।

Apply Now

উল্লেখ্য যে, নীলোৎপল আৰু অভিজিতৰ পিতৃ-মাতৃৰ সৈতে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমচন টেৰণৰ লগতে সংগঠনটোৰ প্ৰতিনিধিৰ  সাক্ষাৎ আছিল অতি সৌহাৰ্দ্যপূৰ্ণ। সাক্ষাৎকালত পাহাৰীয়া জিলাখনৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰ কৰাৰ বাবে কাৰ্বি ছাত্ৰ সন্থাক অগ্ৰণী ভূমিকা লোৱাৰ আহ্বান জনায় দুয়োগৰাকী যুৱকৰ শোকসন্তপ্ত পিতৃ-মাতৃয়ে।

নীলোৎপল-অভিজিতৰ পিতৃ-মাতৃয়ে ক’লে, ‘অপৰাধীৰ কোনো জাতি-ধৰ্ম-ভাষা নাই। অপৰাধী কেৱল অপৰাধীয়েই। হত্যাকাৰীকেইজনৰ বিৰুদ্ধে হওক কঠোৰ ব্যৱস্থা’। তেওঁলোকে লগতে ঘটনাৰ ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি দোষীক উচিত শাস্তি নিদিলে নীলোৎপল-অভিজিতৰ আত্মাই শান্তি নাপাব বুলি কৈ অভিযুক্ত কেইজনক কেৱল গ্ৰেপ্তাৰ কৰিলেই সকলো যেন পাহৰি নাযায় তাৰ বাবে সকলোকে আহ্বান জনায়। লগতে খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাজত সদ্ভাৱ আৰু সম্প্ৰীতি অক্ষুন্ন ৰখাৰ বাবেও অনুৰোধ জনালে তেওঁলোকে।

ইয়াৰ উপৰিও এনে ঘটনা যেন দুনাই সংঘটিত নহয় তাৰ বাবে সকলো শ্ৰেণীৰ লোকক শিক্ষিত, কু-সংস্কাৰমুক্ত কৰি এখন শান্তিপূৰ্ণ আৰু সুন্দৰ সমাজ গঢ়াৰ ক্ষেত্ৰত পদক্ষেপ ল’বলৈ সদৌ অসম ছাত্ৰ সন্থা, ২৮ জনগোষ্ঠীয় সংগঠন আৰু চৰকাৰলৈ দুয়োগৰাকী যুৱকৰ পিতৃ-মাতৃয়ে আহ্বান জনায়।

বৃহস্পতিবাৰে নীলোৎপল দাস আৰু অভিজিৎ নাথৰ ঘৰত উপস্থিত হৈ আছুসহ জনগোষ্ঠীয় সংগঠনসমুহৰ প্ৰতিনিধিসকলে মৃতকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনায়।

শোকসন্তপ্ত পৰিয়াল দুটাক সাক্ষাতৰ পাছত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘এই ঘটনাটোত অসমীয়াই অসমীয়াক হত্যা কৰাৰ দৰে হ’ল। হত্যাকাণ্ডত জড়িতসকলক দৃষ্টান্তমূলক শাস্তি দিয়ক যাতে ভৱিষ্যতে কোনোৱেই এনে জঘন্য কামত লিপ্ত হ’বলৈ সাহস গোটাব নোৱাৰে’।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm
যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

June 23, 2026 11:11 am
বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

June 23, 2026 10:20 am
মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

June 23, 2026 9:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm
যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

June 23, 2026 11:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd