• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাও লুং চ্যু-কা-ফা সমগ্ৰ দক্ষিণ-পূব এছিয়াৰে এজন আদৰ্শ পুৰুষ : মুখ্য মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2018 7:59 pm
sukapha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাও লুং চ্যু-কা-ফাই সমন্বয়ৰ বাণী বিলাই আমাক এক আদৰ্শ দেখুৱাই থৈ গৈছে। সেই বাণী হৃদয়ংগম কৰি বাঢ়িলেহে অসম শক্তিশালী হৈ বিশ্বৰ বুকুত জিলিক উঠিব। এই মন্তব্য কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত তথা ৰাইজৰ সহযোগত চৰাইদেউ চ্যু-কা-ফা নগৰ মৈদাম ক্ষেত্ৰত আয়োজন কৰা চৰাইদেউ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্য মন্ত্ৰীজনে এইদৰে কয়। মহান নেতাজনৰ বিষয়ে তেওঁ স্পষ্টকৈ কয় যে চাও ল্যুং চ্যু-কা-ফা কেৱল অসমৰেই নহয়, সমগ্ৰ দক্ষিণ পূব এছিয়াৰ দেশ সমূহৰে এগৰাকী আদৰ্শ পুৰুষ। চ্যু-কা-ফাই কেইবাখনো দেশ পাৰ হৈ আহি অসমৰ বুকুত এক নতুন অধ্যায়ৰ সূচনা কৰিছিল বুলিও তেওঁ মন্তব্য কৰে। চ্যু-কা-ফাৰ কষ্টসহিষ্ণুতা, মানৱতা, পৰিশ্ৰম, আন্তৰিকতা, বিশ্বাসৰ শক্তিশালী চৰিত্ৰ আমি বিতংভাৱে অধ্যয়ন কৰি সেই আদৰ্শেৰে আগ বাঢ়িব লাগিব বুলি মুখ্য মন্ত্ৰীজনে নিজৰ ভাষণত কয়। তেওঁ কয় যে স্বৰ্গদেউ চ্যু-কা-ফাৰ বিষয়ে আমি এতিয়াও বহু গৱেষণা কৰিব লগীয়া আছে। নতুন চামটোক তেওঁৰ আদৰ্শেৰে উদ্বুদ্ধ কৰাৰ বাবে উদ্যোগ ল’ব লাগিব বুলিও তেওঁ কয়। চ্যু-কা-ফাৰ আদৰ্শেৰে অসমৰ সম্পদ আৰু সম্ভাৱনীয়তাখনি বিকশাই তুলি অসমক এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ কামত আত্ম নিয়োগ কৰাৰ বাবেও নতুন প্ৰজন্মক মুখ্য মন্ত্ৰীজনে আহ্বান জনায়। কঠোৰ শ্ৰমৰ গত্যন্তৰ নাই বুলি কৈ তেওঁ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘বিশ্ব বিজয়ী ন জোৱান’ শীৰ্ষক পংক্তি দাঙি ধৰি বিশ্ব জয় কৰাৰ বাবে নৱ প্ৰজন্মক শক্তিশালী ব্যক্তিত্ব গঢ়াৰ বাবে আহ্বান জনায় আৰু বীৰ লাচিতৰ আদৰ্শ ল’বলৈও কয়।

মুখ্য মন্ত্ৰীজনে আজি নিজৰ ভাষণৰ মাজতে চৰাইদেউ মৈদামত যি আঁচনি গ্ৰহণ কৰা হৈছে সেইখিনিৰ সফল ৰূপায়ণৰ বাবে সকলোকে সহায়-সহযোগিতা কৰিবলৈ আহ্বান জনায়।

Apply Now

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীয়ে ২৪ কোটি টকা ব্যয় সাপেক্ষ শিৱসাগৰ আৰু চৰাইদেউৰ ঐতিহ্যৰ স্থানসমূহ সংৰক্ষণৰ বাবে আজিৰ পৰা কাম আৰম্ভ কৰা হৈছে বুলিও কয়। লগতে তেওঁ পৰ্য্যটন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্য্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাক চৰাইদেউ আৰু শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ বাবেও ধন্যবাদ জনায়। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ বুকুত থকা জান-জুৰি, নৈ, ঐতিহাসিক স্থান, জৈৱ বৈচিত্ৰ্য আদিক সংৰক্ষণ কৰি পৰ্য্যটন খণ্ডৰ উন্নয়ন কৰিব পাৰো বুলিও কয়। তাৰোপৰি আগন্তুক দিনত ৩৩খন জিলাতে পৰ্য্যটনৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে বুলিও কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd