• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চানমাৰিত কাৰ্বি আংলঙৰ ঘটনাৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা : বহুকেইজন আহত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 10, 2018 9:01 pm
Youth protest against two youth killed-Main

Youth protest at Guwahati on 10-06-18, against 2 Assamese youth Nilotpol Das and Abhijit Nath killed by the mob suspected as Human Traffickers in karbi anglong. Pix BY UB photos

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি চানমাৰি কমাৰ্চ পইণ্টত ছাত্ৰ-ছাত্ৰী আৰু শিল্পীসমাজ একত্ৰিত হৈ কাৰ্বি আংলঙত নৃশংসতাৰ বলি হোৱা গুৱাহাটীৰ দুজন যুৱকৰ ন্যায় দাবী কৰি মম জ্বলাই প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰাৰ ফলত কেইবাজনো আহত হয়।

শান্তিপূৰ্ণভাৱে প্ৰায় তিনি ঘণ্টা চলি থকা প্ৰতিবাদৰ মাজতে প্ৰথমে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত বাক-বিতণ্ডা হয় আৰু পিছলৈ ই হতাহতিৰ ৰূপ লয়।

Apply Now

উল্লেখযোগ্য যে কোনো দল-সংগঠনৰ বেনাৰত নহয়, মহানগৰীৰ এচাম ছাত্ৰ-ছাত্ৰী আৰু শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্য্যসূচীত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰাৰ অভিযোগ উঠিছে।

প্ৰতিবাদকাৰীসকলে কৰা অভিযোগ অনুসৰি আৰক্ষীয়ে তেওঁলোকক প্ৰতিবাদ স্থগিত ৰাখিবৰ বাবে কোনোধৰণৰ আগজাননী নিদিয়াকৈ বৰ্বৰভাৱে তেওঁলোকৰ ওপৰত জঁপিয়াই পৰিছিল।

ইয়াৰ বিপৰীতে আৰক্ষীয়ে কৰা অভিযোগ অনুসৰি প্ৰতিবাদকাৰীসকলে আৰক্ষীলৈ শিল তথা ক’ল ড্ৰিংকছৰ বটল নিক্ষেপ কৰিছিল।

Youth protest against two youth killed
চানমাৰিৰ কমাৰ্চ পইণ্টত ছাত্ৰ-ছাত্ৰী আৰু শিল্পীসমাজে উলিওৱা কাৰ্বি আংলঙৰ ঘটনাৰ প্ৰতিবাদী সমদল। ফটো : য়ু বি।

আৰক্ষীৰ লাঠীচালনাৰ ফলত প্ৰায় ১৫গৰাকী প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হয় আৰু তেওঁলোকক কমাৰ্চ পইণ্টতে থকা এখন ফাৰ্মাচিত চিকিৎসাৰ ব্যৱস্থা কৰোৱা হয়।

প্ৰতিবাদকাৰীসকলৰ দাবী যে তেওঁলোকে ন্যায় লাগে বুলি চিঞৰি সম্পূৰ্ণৰূপে গণতান্ত্ৰিক প্ৰতিবাদ কৰিছিল। তেওঁলোকে বিয়লি ৪ বজাৰ পৰা ৭ বজালৈকে এই প্ৰতিবাদী কাৰ্য্যসূচী চলাই নিছিল। আনহাতে প্ৰতিবাদকাৰীসকলে নীলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ যুৱক দুজনক ৬-৭ ঘণ্টা ধৰি উন্মত্ত লোকসকলে প্ৰহাৰ কৰি আছিল বুলিও অভিযোগ তোলে। তেওঁলোকে এনেকুৱা জঘন্যভাৱে হত্যা কৰা ঘটনাটো কোনোপধ্যে মানি ল’ব নোৱাৰে বুলি উল্লেখ কৰে।

আনহাতে গুৱাহাটীৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে এই জঘন্য হত্যাকাণ্ডটোৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ মাজতে এচাম প্ৰতিবাদকাৰীয়ে সাম্প্ৰদায়িক শ্ল’গান দিয়াও দেখা যায়। কিছুমান উদণ্ড, অপৈণত প্ৰতিদাবকাৰীক গোটেই কাৰ্বি সম্প্ৰদায়ৰ বিৰুদ্ধে বিদ্বেষপূৰ্ণ মন্তব্য দিয়াও দেখা যায়। ।

উল্লেখযোগ্য যে আৰক্ষীয়ে ইতিমধ্যে এই হত্যাকাণ্ডৰ সৈতে জড়িত ১৬জন লোকক গ্ৰেপ্তাৰ কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd