মুখ্যতঃ নিম্নমানৰ চাহ উৎপাদনৰ বাবে শেহতীয়াভাৱে ভাৰতীয় চাহ ব’ৰ্ডে অসমৰ ডিব্ৰুগড় জিলাৰ শ্ৰীলক্ষ্মী এণ্টাৰপ্ৰাইজৰ প্ৰায় ১১,২০০ গ্ৰাম চাহ নষ্ট কৰে।
এই সন্দৰ্ভত ভাৰতীয় চাহ ব’ৰ্ডে এক পত্ৰযোগে বিষয়টো সদৰী কৰি কয়— ‘ফেক্টৰীটোৱে দিয়া চাহত পুনৰ উৎপাদিত পেলনীয়া চাহ পোৱা গৈছে। পেলনীয়া চাহ আৰু চাহপাতসমূহ সম্পূৰ্ণ অস্বাস্থ্যকৰ’। ইয়ে অসম চাহৰ নাম কলংকিত কৰিছে।
এই ঘটনা পোহৰলৈ অহাৰ পাছত ভাৰতীয় চাহ বোৰ্ডে অসমৰ চাহ কোম্পানী সমূহক তীব্ৰ সকীয়নি প্ৰদান কৰি কৈছে যে যদিহে কোনো চাহ কোম্পানীয়ে নিৰ্দিষ্ট নীতি- নিয়মৰ গণ্ডীত চাহ উৎপাদন নকৰে তেন্তে তেনে কোম্পানীৰ চাহ নষ্ট কৰি দিয়া হ’ব।
ইতিমধ্যে ভাৰতীয় চাহ ব’ৰ্ডে সংশ্লিষ্ট কেইটিমান চাহ কোম্পানীৰ কাম- কাজৰ বুজ লোৱাৰ উদ্দেশ্যে পৰিদৰ্শকৰ দল প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।
নৰ্থ ইষ্টাৰ্ন টি এছ’চিয়েশ্যন চমুকৈ নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে এই সন্দৰ্ভত কয় যে অসম চাহ উদ্যোগৰ বৃহত্তৰ স্বাৰ্থৰ কথা আগত ৰাখিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। যাতে কোনো কোমপানীয়ে অস্বাস্থ্যকৰভাৱে চাহ উৎপাদন কৰিব নোৱাৰে।
বিষয়টোৱে সম্প্ৰতি অসমৰ চাহ কোম্পানীসমূহৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।





