• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

চৰকাৰী চাকৰি বিচৰাৰ বিপৰীতে স্বনিৰ্ভৰশীল হওক: বিপ্লব কুমাৰ দেব

পিনাকী দাস by পিনাকী দাস
April 29, 2018 6:00 pm
Biplab-Deb

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ শিক্ষিত যুৱ প্ৰজন্মই চৰকাৰী চাকৰি লাভ কৰাৰ বাবে ৰাজনৈতিক নেতা-কৰ্মীৰ কাষ চপাৰ বিপৰীতে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে পৰামৰ্শ আগবঢ়ায়। প্ৰধান মন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক-যৱতীয়ে বেংকৰ পৰা ঋণ লৈ বিভিন্ন প্ৰকল্প আৰম্ভ কৰি স্বনিৰ্ভৰশীল হ’ব পাৰে বুলিও তেওঁ উল্লেখ কৰে।

বিশ্ব পশুচিকিৎসা দিৱস উপলক্ষে প্ৰাগনা ভৱনত আয়োজিত এক অনুষ্ঠানত ‘জীৱিকা, খাদ্য নিৰাপত্তা আৰু নিৰাপত্তা উন্নয়নৰ বাবে পশু চিকিৎসাৰ ভূমিকা’ শীৰ্ষক বক্তৃতাৰ সময়তে মুখ্য মন্ত্ৰী দেবে এই মন্তব্য কৰা দেখা যায়।

Apply Now

ত্ৰিপুৰা পশুচিকিৎসা পৰিষদে আয়োজন কৰা এই অনুষ্ঠানত পশু সম্পদ উন্নয়ন মন্ত্ৰী সান্তনা চাকমাৰ উপস্থিতিত ৰাজ্যখনৰ উপ মুখ্য মন্ত্ৰী জিষ্ণু দেব ৱাৰ্মাই চেমিনাৰখন শুভাৰম্ভ কৰে।

এই অনুষ্ঠানত মুখ্য মন্ত্ৰী দেবে পূৰ্বৰ মানিক সৰকাৰ নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰি কয় যে পূৰ্বৰ চৰকাৰখনে ৰাজ্যখনৰ যুৱ প্ৰজন্মক ব্যৱসায় ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলাৰ বিপৰীতে চৰকাৰী চাকৰি প্ৰদানৰ নামত যুৱক-যুৱতীসকলক ৰাজনৈতিক নেতাৰ শৰণাপন্ন হোৱাৰহে মানসিকতা গঢ়ি তুলিছিল।

মুখ্য মন্ত্ৰীজনে লগতে উল্লেখ কৰে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে ব্যৱসায় আৰম্ভ কৰাৰ বাবে মুদ্ৰা আঁচনিৰ জৰিয়তে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ বেংকৰ পৰা ঋণ লোৱাৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে নিবনুৱা সমস্যা সমাধান হোৱাৰ উপৰি কৃষি তথা অন্য ক্ষেত্ৰ সমূহৰ উন্নয়ন হোৱাৰ লগতে দেশৰো উন্নয়ন হ’ব বুলি উল্লেখ কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থকা বিষয়া-কৰ্মচাৰীসকলক উদ্দেশ্যি মুখ্য মন্ত্ৰীজনে কয় যে যদিহে সমাজৰ সকলো শ্ৰেণীৰ লোককে যিকোনো প্ৰকাৰৰ সহায় কৰা হয় তেন্তে সমাজখনৰ মানসিক শক্তি বৃদ্ধি পাব।

তেওঁ যুৱ প্ৰজন্মক উদ্দেশ্যি পুনৰ কয় যে কোনো নিবনুৱা যুৱক-যুৱতী এজনে বেংকৰ পৰা ৭৫হেজাৰ টকা ঋণ লৈ কোনো ব্যৱসায় আৰম্ভ কৰি অলপ কষ্ট কৰে তেন্তে অনায়াসে মাহত ২৫ হেজাৰ টকা উপাৰ্জন কৰিব পাৰিব।

স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত যুৱকজনে খেতি কৰিব নাযায় বা তেনে ধৰণৰ কোনো কামে নকৰে কিয়নো তেনেকুৱা কৰ্মই যুৱকজনৰ সন্মান লাঘৱ কৰিব বুলি যি পৰম্পৰাগত মানসিকতা সমাজত প্ৰচলন হৈ আহিছে সেয়াও ভূল বুলি অভিহিত কৰে মুখ্য মন্ত্ৰী দেবে।

মুখ্য মন্ত্ৰীজনে তাৎপৰ্যমূলক মন্তব্য কৰি কয়, ‘যদি কোনো পিতৃয়ে পুত্ৰক মাংসৰ দোকান আৰম্ভ কৰিবলৈ কয় তেন্তে পুত্ৰই সেই কাম কৰাৰ বাবে প্ৰস্তুত নহয় বা নকৰে। ইয়াৰ কাৰণ হ’ল আমি আমাৰ ল’ৰা-ছোৱালীক সৰুৰে পৰা এই ক্ষেত্ৰত মানসিকভাৱে প্ৰস্তুত নকৰো। আমি ল’ৰা-ছোৱালীক কেৱল ভৱিষ্যতত শিক্ষক, অভিযন্তা, চিকিৎসক আদি হ’বলৈহে প্ৰস্তুত কৰো। সেয়ে ডাঙৰ হৈ এনেধৰণৰ ব্যৱসায় বা কাম কৰিবলৈ এইসকল ল’ৰা-ছোৱালী প্ৰস্তুত নহয়’।

তেওঁ লগতে আৰু কয়, ‘শিক্ষা কেবল উপাৰ্জনৰ বাবে নহয়, শিক্ষা জ্ঞান আহৰণ আৰু ব্যক্তিত্ব বিকাশৰ বাবেহে। কিন্তু বিগত ২০-২৫ বছৰত ত্ৰিপুৰাৰ শিক্ষা ব্যৱস্থা বেয়াৰ ফালে ঢাল খাইছে’।

ইফালে অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ব পশুচিকিৎসা দিৱস উপলক্ষে পশু সম্পদ উন্নয়ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উদ্যোগত এটা সমদল উলিওৱা হয়।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd