ছিকিমৰ গেংটকস্থিত পালজৰ ষ্টেডিয়ামত চলা দ্বিতীয় সংখ্যক মহেন্দ্ৰ কাৰ্কী সোঁৱৰণী আমণ্ট্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ছিকিম পুলিচ।
সোমবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত ছিকিম পুলিচে কালিমপং য়ুনাইটেড ব্ৰাদাৰ্ছক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ বিজয়ীৰ সন্মান লাভ কৰে।
অতি ৰোমাঞ্চকৰে ভৰপূৰ মেচখনত দুয়োটা দলে আক্ৰমণাত্মক খেল খেলে যদিও ছিকিম পুলিচৰ হৈ সঞ্জয় ভূটীয়াই মেচখনৰ ২৯ মিণিটত প্ৰথমটো গ’ল কৰি দলটোক অগ্ৰগতি দিয়ে। ইয়াৰ ঠিক ১ মিণিট পাছতে ছিকিম পুলিচৰ আন এজন খেলুৱৈয়ে দ্বিতীয়টো গ’ল কৰি অগ্ৰগতি ২-০ লৈ বৃদ্ধি কৰে।
ইফালে প্ৰথমাৰ্ধৰ খেল অন্ত পৰাৰ ঠিক পাঁচ মিনিটৰ পূৰ্বে চুক্ৰাজ চুব্বাই আন এক দৰ্শণীয় গ’ল কৰি ছিকিম পুলিচক প্ৰথমাৰ্ধতে ৩-০ গ’লৰ অগ্ৰগতি প্ৰদান কৰে।
মেচখনত প্ৰত্যাৱৰ্তন কৰাৰ বাবে কালিমপং য়ুনাইটেড ব্ৰাদাৰ্ছৰ খেলুৱৈ সকলে যথেষ্ট চেষ্টা চলোৱাৰ অন্তত চোনম লেপছাৰ জৰিয়তে প্ৰথমটো গ’ল কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে মেচৰ অন্তিম মিনিটত ছিকিম পুলিচে পুনৰ এটা গ’ল কৰি ব্যৱধান ৪-১ লৈ বৃদ্ধি কৰে। আৰু মেচখনত সহজে বিয়জী সাব্যস্ত হয়।
ইফালে মেচখনত উন্নত প্ৰদৰ্শন দাঙি ধৰা ছিকিম পুলিচৰ টেম্পো ভূটীয়াক মেচখনৰ শ্ৰেষ্ঠ আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ট খেলুৱৈ হিচাপে বিবেচিত হয় কালিমপং য়ুনাইটেড ব্ৰাদাৰ্ছৰ দেৱাশীষ ৰায়।
ইয়াৰ উপৰি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ’ল ৰক্ষকৰ সন্মান পাই ছিকিম পুলিচৰ পুজন প্ৰধানে আৰু প্ৰতিযোগিতাৰ সৰ্বাধিক গ’ল দাতাৰ সন্মান পাই গণেশ লিম্বোৱে।
মেচৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ হিচেই লাছুংপা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব এচডি ধাকাল, প্ৰয়াত মহেন্দ্ৰ কাৰ্কীৰ পৰিয়ালবৰ্গৰ লগতে বহুতো লোক উপস্থিত থাকে।
উল্লেখ্য যে গেংটকস্থিত ছিকিম বইজ ফুটবল ক্লাবৰ উদ্যোগত যোৱা ১৯ এপ্ৰিলৰ পৰা এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল।
গেংটক নিবাসী মহেন্দ্ৰ কাৰ্কী ২০১১ চনত গেংটকত সংঘটিত এটা পথ দুৰ্ঘটনাত নিহত হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩১ বছৰ। প্ৰয়াত মহেন্দ্ৰ কাৰ্কীৰ সৈতে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা ছিকিম বয়জ ফুটবল ক্লাবৰ সদস্যসকলে তেওঁৰ বন্ধুৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল।